সময়ৰ মূল্য

0 2,762

বিমল বৰগোহাঁই

সময় গতিশীল। ই চিৰসত্য কথা। পাৰ হৈ যোৱা সময় আৰু কেতিয়াও ঘূৰাই পোৱা নাযায়। প্ৰকৃতিয়ে সৃষ্টি কৰা এই সুন্দৰ জগতৰ খনৰকামবোৰ যিদৰে চলি থাকে ঠিক সেইদৰে এটা প্ৰাকৃতিক প্ৰক্ৰিয়া অনুসৰি সময়বোৰ পাৰ হৈ যায়। ৰৈ যায় মাথোঁ সুখ দুখৰ স্মৃতিৰ দলিছা। খ্ৰীষ্টাব্দ ১২২৫ আগতেই ‘চেইণ্ট মাহৰেৰ” এটা উক্তি কৰিছিল,”Time and Tide Wait for no man”। ইয়াৰ অৰ্থ এয়ে যে সময় কাৰোৰে বাবে ৰৈ নাথাকে। গতিকে, আমি সকলোৱে অনুমান কৰিব পাৰো যে সময় কিমান মূল্যৱান আৰু সেয়েহে ইয়াৰ সদ ব্যৱহাৰ কৰাটো খুবেই জৰুৰী বা গুৰুত্বপূৰ্ণ কথা। কিন্তু আমি যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ তেন্তে, দেখিবলৈ পাম যে এই সময় মূল্যবান বুলি জানিও আমি প্ৰায়েই ইয়াক অপব্যৱহাৰ কৰোঁ। সময় মতে নিজৰ কৰিব লগীয়া কামবোৰ কৰিবলৈ এলাহ কৰোঁ বা ইচ্ছাকৃতভাৱে ভাৱে কিছুমান কাম পেলাই থওঁ বা কৰিব নিবিচাৰোঁ। ফলত আমাৰ দৈনন্দিন বহু সময়ৰ ক্ষতি হোৱাৰ লগতে ভালেমান কাম পিছুৱাই যায়। কিন্তু, সেই কথাবোৰ আমি কিমানে উপলব্ধি কৰোঁ! আনহাতে, বিভিন্ন চৰকাৰী কাৰ্য্যালয়লৈ গলে প্ৰায়েই বহু বিষয়া-কৰ্মচাৰী পলমকৈ কাৰ্যালয়লৈ অহা দেখা যায় বা সময়মতে আহিলেও তেখেত সকলে কিছুমান ব্যক্তিগত বা ঘৰুৱা কথা বা অপ্ৰয়োজনীয় কথা পাতি ভালেমান সময় নষ্ট কৰা দেখা যায়। ফলত কাৰ্যালয়লৈ বিভিন্ন কামত যোৱা দুৰণিবটীয়া ৰাইজে জীয়াতু ভূগিব লগা হয় আৰু তেওঁলোকে বিচৰা যাৱতীয় নথিপত্ৰ সময়ত নোপোৱাৰ বাবে অথবা তেওঁলোকৰ কামখিনি সময়মতে নোহোৱাত নানান অসুবিধাত পৰে। ইয়াৰ উপৰি আমি দেখিবলৈ পাওঁ যে বিভিন্ন সভা আদি প্ৰায়েই সময় মতে অনুষ্ঠিত নহয়। কেতিয়াবা কেতিয়াবা দেখিবলৈ পোৱা যায় যে বিশিষ্ট ব্যক্তিসকল সময়মতে সভাত উপস্থিত থাকে যদিও, নিমন্ত্ৰিত লোকসকল সময়মতে নাহে। আনহাতে, কেতিয়াবা কেতিয়াবা নিমন্ত্ৰিত ৰাইজ বা ব্যক্তি সকল সময়মতে আহে অথচ বিশিষ্ট ব্যক্তি গৰাকী বা মুখ্য অতিথি গৰাকী বহু পলমকৈ সভাত উপস্থিত হৈ পাছত পলম হোৱাৰ বাবে ৰাইজৰ আগত ক্ষমা বিচাৰে। এইখিনিতে, শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়া উপস্থিত থকা এটি বক্তৃতা অনুষ্ঠানৰ কথা মনত পৰিছে। আজি কিছু বছৰ আগতে দুলীয়াজানৰ বিহুতলিলৈ এটা অনুষ্ঠানে বিশিষ্ট কথাশিল্পী তথা লেখক গৰাকীক মুখ্য অতিথি হিচাবে নিমন্ত্ৰণ দিছিল আৰু সেইমতেই তেখেত গৈ অইল ইণ্ডিয়াৰ অতিথিশালাত উপস্থিত হৈছিলগৈ। অনুষ্ঠানটিৰ বিষয়ববীয়া সকলে শ্ৰদ্ধাৰ বৰগোহাঁই ছাৰক জনালে যে সভা আৰম্ভ হোৱাৰ কিছু সময়ৰ আগতেই তেখেতক সভাস্থলীলৈ লৈ যোৱা হব। কিন্তু, সভাৰ নিদিষ্ট সময় পাৰ হৈ যোৱাৰ পাছতো তেখেতলৈ কোনো খবৰ নহাত তেখেতৰ খুব খং উঠিছিল। অৱশেষত তেখেতক সভাস্থলী লৈ যোৱা হল। সভালৈ গৈ গম পালে যে ৰাইজৰ উপস্থিতি তেনেই সেৰেঙা আছিল বাবে সভাখন বহু পলমকৈ অনুষ্ঠিত কৰা হল। হোমেন বৰগোহাঞি ডাঙৰীয়াৰ স্পষ্টবাদিতা আৰু নিয়মানুৱৰ্তীতাৰ কথা আমি সকলোৱে জানো। সেয়েহে তেখেতক সকলোৱে সমীহ কৰি চলে। যদিও খঙত তেখেত একেবাৰে টিঙিৰিতুলা হৈছিল, নিজকে দমন কৰি তেখেতে নিজৰ বক্তৃতা আৰম্ভ কৰিলে। পোন প্ৰথমেই তেখেতে সময়ৰ ওপৰতে কিছু বক্তব্য দাঙি ধৰিছিল। তেখেতে সময়ৰ কথা কবলৈ গৈ সময় যে কিমান মূল্যবান আৰু আমি কিদৰে সেই বহুমূলীয়া সময় অযথা নষ্ট কৰোঁ সেই কথা উদ্দেশ্যি ৰাইজক কলে,” প্ৰতি চেকেণ্ড বা প্রতি মিনিটৰ যথেষ্ট মূল্য আছে আৰু সেয়েহে আমি সকলোৱে এই কথা ভাল দৰে বুজা উচিত। আজি এই সভাখন প্ৰায় ২ঘণ্টা পলমকৈ অনুষ্ঠিত হল। গতিকে ইয়াত উপস্থিত থকা মুঠ ৰাইজৰ সংখ্যাৰ সৈতে যদি আজিৰ এই দুঘণ্টা সময়খিনি পূৰণ কৰা হয়, তেন্তে আমাৰ সকলোৰে আজিৰ দিনটোতে কিমান সময় লোকচান হল বা এই সময় চোৱাত কিমান নানান কামৰ ক্ষতি হল, সেই কথা আমি নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিম। সেয়েহে, আমি সকলো কাম সময় মতে কৰাটো খুবেই জৰুৰী।” হোমেন বৰগোহাঞি মহোদয়ৰ কথাত উপস্থিত ৰাইজৰ মুখৰ মাত হৰিল। এইটো এটা মাত্ৰ উদাহৰণহে। আমি কেতিয়াও এক চেকেণ্ড বা এক মিনিটক মূল্য বা গুৰুত্ব নিদিওঁ। কিন্তু, এগৰাকী দৌৰবিদৰ বাবে এই এক চেকেণ্ড বা এক মিনিতেই তেওঁলোকৰ জীৱন সলনি কৰি দিব পাৰে। আমি সকলোৱে জানো যে ধিং এক্সপ্ৰেছখ্যাত হিমা দাসে ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত হোৱা ২০ বছৰ অনূধৰ্ব International Association of Athletics Federation(IAAF) World Under-20 Championship ৰ ৪০০ মিটাৰ দৌৰত মাত্ৰ ৫১.৪৭ চেকেণ্ডত সোণৰ পদক জিকি একমাত্ৰ ভাৰতীয় মহিলা হিচাবে স্বীকৃতি লাভ কৰিছিল।উল্লেখযোগ্য যে হিমা দাসে সম্পূৰ্ণ কৰা এই দৌৰৰ সময়ে পূৰ্বৰ ভাৰতীয় দৌৰবিদ পি.টি.উষাই ১৯৮৫ চনত অষ্ট্ৰেলিয়াৰ কেনবেৰাত অনুষ্ঠিত হোৱা International Association of Athletics Federation(IAAF) World Championship ৰ ৪০০ মিটাৰ দৌৰৰ সময়ৰ (৫১.৬১চেকেণ্ড) ৰেকৰ্ড ভংগ কৰিছিল। মাত্ৰ ১৪ চেকেণ্ডৰ ব্যৱধানেৰে বাবে হিমা দাস বিশ্বখ্যাত হৈ অসমৰ লগতে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিছিল। গতিকে, প্ৰতি চেকেণ্ড সময়ৰ যে মূল্য আছে সেই কথা আমি পলে পলে উপলব্ধি কৰা উচিত। অসমীয়া সমাজৰ এটি ফকৰা যোজনাৰে মই সময়ৰ সদ ব্যৱহাৰ কথাখিনি অতি সহজ ভাষাত কব বিচাৰিছোঁ। আমি বিদ্যালয়ৰ নৱম-দশম শ্ৰেণীত পঢ়ি থাকোঁতেই মনত ৰখা এটা ফকৰা যোজনাৰ কথা উল্লেখ কৰিব বিচাৰিছো। ” ফটা কঁথা তিতে মানে গালৈহে গধুৰ “। ফটা কাপোৰ জাপ জাপ কৰি এই কঁথা তৈয়াৰ কৰা হয়। ই যথেষ্ট ডাঠো হয় আৰু গধুৰো হয়। আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালৰ লোকে আগৰ দিনত জাৰৰ পৰা ৰক্ষা পাবলৈ এই কঁথা ব্যৱহাৰ কৰিছিল। মোৰ মা’য়েও এই কঁথা তৈয়াৰ কৰা দেখিছিলো আৰু জাৰৰ দিনত কঁথাৰ উম লোৱাৰ অভিজ্ঞতাও আছিল। কিন্তু, এই কঁথাখন গাত লৈ পানীয়েদি যদি যাব লগা হয়, তেন্তে সাৱধানে যাব লাগে। কেনেবাকৈ পানীত তিতিলে এইখন বৰ গধুৰ হৈ পৰে। নিবও নোৱাৰি থবও নোৱাৰি, ভালুকৰ সাঙি হৈ পৰে। আনহাতে দুখীয়া মানুহৰ জাৰ নিবাৰণৰ একমাত্ৰ সম্বল এই কঁথাখন। সেয়েহে, পানীতে এৰি থৈ যাবও নোৱাৰি। গতিকে, এই কঁথাখন যাতে নিতিতে তাৰবাবে খুব সাৱধান হব লাগে। ইয়াৰ অৰ্থ এয়াই যে মানুহে সময়ৰ কাম সময়ত কৰিব লাগে। কাম পেলাই থওঁতে থওঁতে বোজা বাঢ়ি গৈ থাকিব আৰু শেষত তাৰ কোনো সমাধান কৰাৰ উপায় বিচাৰি নাপাই বিপদত পৰাৰ সম্ভাৱনা থাকে। ওপৰোক্ত কথাখিনিৰ পৰা আমি নিশ্চয় সময়ৰ মূল্য বুজাৰ লগতে সময় মতে সকলোৱে নিজৰ নিজৰ কামবোৰ কৰাৰ যে প্ৰয়োজনীয়তা আছে, সেই কথা আমি একেমুখে স্বীকাৰ কৰাটো উচিত। মানুহে সময়ৰ সৎ ব্যৱহাৰ কৰি জীৱনত সুখ, সম্পত্তি, সমৃদ্ধি লাভ কৰিব পাৰে। ঠিক সেইদৰে এখন ৰাজ্য বা দেশৰ উন্নতি আৰু প্ৰগতিৰ দিশত আগবাঢ়ি যাবলৈ হলে ইয়াৰ নাগৰিক তথা জনসাধাৰণে সময়ৰ উচিত ব্যৱহাৰেৰে নিজৰ কামবোৰ কৰি যাব লাগিব লগতে প্ৰতিটো চেকেণ্ড সময় যাতে যথাযথ ব্যৱহাৰ হয়, তাৰ এক সুন্দৰ পৰিকল্পনা যুগুত কৰি সমাজখনৰ সৰ্বাংগীন উন্নতি কৰিবৰ বাবে সংকল্প লব লাগে, তেতিয়াহে সকলো কাম এক শৃখংলাবদ্ধ ৰূপত গঢ় লৈ আমাৰ সমাজখন সুন্দৰ হৈ উঠিব। শেষত এটি সুন্দৰ চীনা প্ৰবাদৰ উদ্ধৃতিৰে কওঁ, ” An  inch of time is an inch of gold, but you can’t buy that inch of time with an inch of gold.”

(লেখকৰ ঠিকনাঃ বৰবিল নং: ২, ডিগবৈ, তিনিচুকীয়া, ফোন:৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More