শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰ : ভাৰতত টাটা গ্ৰুপে আইফোন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ভাৰতত আইফোন নিৰ্মাণৰ বাবে টাটাই এপলৰ প্ৰডাকচন প্লাণ্ট উইষ্ট্ৰন অধিগ্ৰহণ কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি টাটাই ভাৰতত উইষ্ট্ৰনৰ উৎপাদন কেন্দ্ৰ ক্ৰয় কৰিবলৈ সাজু হৈছে। আৰু এটা খবৰ— টাটা গ্ৰুপে টাইৱানত থকা কোম্পানীটোৰ কাৰখানাটো বিপুল ধনেৰে অধিগ্ৰহণ কৰিব। খবৰ অনুসৰি টাটা গোটে উইষ্ট্ৰনৰ উৎপাদন কেন্দ্ৰটো ক্ৰয় কৰিবলৈ ৬১২.৬ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰিব পাৰে। ভাৰতীয় মুদ্ৰাত ৫ হাজাৰ কোটি টকা। যদিও টাটা বা এপল গ্ৰুপ উইষ্ট্ৰনে এই বিষয়ে এতিয়াও আনুষ্ঠানিকভাৱে একো ঘোষণা কৰা নাই। কিছুদিন পূৰ্বে ব্লুমবাৰ্গে প্ৰকাশ কৰিছিল যে টাটা গ্ৰুপে আইফোন নিৰ্মাণৰ বাবে উইষ্ট্ৰনৰ সৈতে যৌথ উদ্যোগত ভাৰতত এটা যৌথ ইলেক্ট্ৰনিকছ উৎপাদন ইউনিট মুকলি কৰাৰ কথা চিন্তা কৰিছে। উইষ্ট্ৰনৰ বাহিৰেও এই মুহূৰ্তত ভাৰতত এপলৰ উৎপাদন ইউনিট হৈছে পেগাট্ৰন, ফক্সকন।
মন কৰিবলগীয়া যে বৰ্তমান চীনত চলি থকা অশান্তিৰ বাবে আইফোন ১৪প্ৰ’ মডেলৰ উৎপাদনত ব্যাঘাত জন্মিছে। ইয়াৰ পূৰ্বে এপলে চীনৰ পৰা ভাৰতলৈ স্থানান্তৰ কৰাৰ কথা ঘোষণা কৰিছিল। এতিয়ালৈকে আইফোন ১২, ১৩ আৰু ১৪ মডেল ভাৰতত নিৰ্মাণ কৰা হৈছে। যদিহে টাটা গ্ৰুপৰ এই চুক্তি সম্পন্ন হয়, তেন্তে ভৱিষ্যতে এপলে ভাৰতত আৰু অধিক মডেল প্ৰস্তুত কৰিব পাৰে।