সাংবাদিকসকলক নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া উচিতঃ ৰাষ্ট্ৰসংঘ

0 27
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুনঃ অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ জুবেৰক ধৰ্মীয় আৱেগক আঘাত কৰা আৰু ঘৃণা বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। সংগঠনটোৰ মুখপাত্ৰ এণ্টনিঅ’ গুটেৰেছে এটা টুইটত লিখিছে যে, সাংবাদিকক লিখাৰ বাবে গ্ৰেপ্তাৰ কৰা উচিত নহয়। এজন ব্যক্তিক কোনোধৰণৰ ভাবুকি বা হাৰাশাস্তি নকৰাকৈ নিজৰ মতামত প্ৰকাশ কৰিবলৈ অনুমতি দিব লাগে। উল্লেখযোগ্য যে ২০১৬ চনৰ এটা টুইটৰ সৈতে জড়িত মহম্মদ জুবেৰক যোৱা ২৭ জুনত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আনহাতে ২৫ জুনত বিশিষ্ট সমাজকৰ্মী তিস্তা শেতালৱাৰকো গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ বাবেই সমগ্ৰ দেশতে সৃষ্টি হৈছে সমালোচনাৰ ধুমুহা। এইবাৰ ঘটনা গৈ ৰাষ্ট্ৰসংঘ পালেগৈ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান বান কি মুনৰ মুখপাত্ৰ ষ্টেফান ডুজাৰিকে এক বিবৃতিত কয়—“বিশ্বৰ যিকোনো অংশৰ মানুহক ভয় নোহোৱাকৈ মাত মাতিবলৈ দিয়া উচিত। সাংবাদিকসকলকো বিনাদ্বিধাই নিজৰ মতামত প্ৰকাশ কৰিবলৈ দিয়া উচিত। তেওঁলোকে যিয়েই নিলিখক কিয়, তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত নহয়।” উল্লেখ্য যে, টুইটাৰত জুবেৰৰ এটা পোষ্টক লৈ বিতৰ্কৰ সৃষ্টি হয়। হনুমান ভক্ত নামৰ টুইটাৰ হেণ্ডেলৰ পৰা জুবেৰৰ এই টুইটৰ প্ৰতিবাদ কৰা হৈছিল। বিষয়টো দিল্লী আৰক্ষীৰ দৃষ্টিগোচৰ হয়। প্ৰতীক সিনহা আৰু মহম্মদ জুবাইৰৰ অল্ট নিউজে মিডিয়াকে ধৰি ছ’চিয়েল মিডিয়াত একাধিক ভাইৰেল বাতৰি প্ৰকাশ কৰিছে, যিবোৰ অসত্য বুলি ক’ব খোজা হয়। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি জুবাইৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ বিশেষ কোষত এজাহাৰ দাখিল কৰা হৈছে। সেই অভিযোগৰ আধাৰত আৰম্ভ হৈছিল তদন্ত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More