সাহিত্য অকাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰ আৰু নাই

0 46

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৪ জুন : সাহিত্য অকাডেমী বঁটাপ্ৰাপক ৰাজ্যৰ এগৰাকী বিশিষ্ট শিশু সাহিত্যক হৰেন্দ্ৰনাথ বৰঠাকুৰৰ আজি সন্ধিয়া প্ৰায় ৬-৩০ বজাত তিনিচুকীয়া জিলাৰ মাকুম গান্ধীনগৰস্থিত নিজ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ৰোগাক্ৰান্ত হৈ থকা বিশিষ্ট সাহিত্যিকগৰাকীয়ে ভৰি দিছিল ৮১ বছৰত । IMG 20220624 WA0068তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতি শিক্ষকৰূপে অৱসৰ গ্ৰহণ কৰা প্ৰয়াত বৰঠাকুৰে সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে একাধিক সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতেও জড়িত হৈ থাকি আদৰ্শনীয় নজিৰ স্থাপন কৰি গৈছে । সাহিত্য সাধনাত মগ্ন হৈ শিশুৰ বিজ্ঞানৰ ওপৰত কবিতা, শিশু নাট, শিশু সাহিত্য, শিশু থিয়েটাৰ, শিশু উপন্যাস, অসমীয়া শিশু গীত, নাটক, সাধুপুথি আদিৰ উপৰি মাৰাঠীকে ধৰি অন্যান্য ভাষাৰ সাহিত্যিক সৃষ্টিৰ অনুবাদেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল । ভালেসংখ্যক বঁটা তথা সামাজিক স্বীকৃতি আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ঋষিতুল্য বৰঠাকুৰে লাভ কৰিছিল অগণন স্বীকৃতি । মাধৱীলতা সাহিত্য বঁটা (২০০৯), ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা (২০১১), সাহিত্য অকাডেমী বঁটা (২০১৭) আদি অন্যতম । বৰঠাকুৰ কেটেটং জনজাতি হাইস্কুল, মাৰ্ঘেৰিটা, জন সাংস্কৃতিক পৰিষদ, অসমৰ সভাপতি, তিনিচুকীয়া জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মাকুম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতিৰ দায়িত্বত থাকি সমাজৰ ভালেসংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত আছিল তেখেত । শিশু সাহিত্যিকগৰাকীৰ মৃত্যুত তিনিচুকীয়াৰ লগতে মাকুমৰ প্ৰতিটো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিভিন্ন ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰিছে । জানিব পৰা মতে কৰ্মসূত্ৰে বাহিৰত থকা তেওঁৰ কণিষ্ঠ পুত্ৰ কাইলৈ ঘৰ আহি পোৱাৰ পিছত তেখেতৰ মৃতদেহৰ অন্তিম সৎকাৰ কৰা হ’ব । সাহিত্যিকগৰাকীয়ে ইহ সংসাৰত দুই পুত্ৰ, দুই কন্যাসহিতে নাতি-নাতিনীক এৰি থৈ গৈছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More