সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনত শিল্পী দলক অপমানঃ অভাউসা ৰ প্ৰতিক্ৰিয়া

0 82

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ,৪ফেব্ৰুৱাৰীঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ সাংস্কৃতিক অনুষ্ঠানত তেজপুৰৰ এদল সাংস্কৃতিক কৰ্মীক যোৱা দুই ফেব্ৰুৱাৰীত আয়োজক সমিতিৰ কৰ্মকৰ্তাই অনুষ্ঠান পৰিবেশন কৰি থকাৰ মাজতে বন্ধ কৰি দি অপমান কৰাৰ ঘটনাকলৈ তেজপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই আজি প্ৰকাশ কৰা এক বিবৃতিত সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য আৰু সাধাৰণ সম্পাদক শান্তনু বৰুৱাই কয় যে, তেজপুৰৰ শিল্পী দলটোৱে থলিতে ইয়াৰ প্ৰতিবাদ কৰিলে আৰু সেই শিল্পী দলটোৰ প্ৰতিগৰাকী সদস্য,সদস্যালৈ অভিনন্দন থাকিল। কিয়নো তেওঁলোকে সেই অভব্য আচৰণৰ প্ৰতিবাদ কৰি অসমৰ ৰাইজক বুজাই দিলে যে বেয়া কামৰ প্ৰতিবাদ হোৱা উচিত।বিবৃতিটোত লগতে প্ৰশ্ন কৰা হয় যে,বিষয়টোৰ ওপৰত অসম সাহিত্য সভাই কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব ? তেজপুৰ, গুৱাহাটী আদি যি অঞ্চলৰেই নহওক কিয় শিল্পী শিল্পীয়েই । সেই অৰ্থত তেজপুৰৰ শিল্পীক কৰা অপমান অসমৰ শিল্পীক কৰা অপমান বুলি উল্লেখ কৰি আৰু কয় যে, এই অপমান আজি নাৰায়ণপুৰত হৈছে কাইলৈ হয়তো তেজপুৰতো হ’ব ! সেয়েহে এনে নহ’বলৈ অসমৰ শিল্পী সমাজ বা জাতীয় অনুষ্ঠান সমূহে কি ব্যৱস্থা ল’ব সেয়া নিশ্চয় লক্ষণীয় হ’ব বুলিও কয় অভাউসাই। সাহিত্য সভাৰ নামত এচাম স্বেচ্ছাসেৱকে কান্ধত বাঁহ কঢ়িয়াই শ্ৰম দান কৰিব আৰু এচামে সভাৰ মান মৰ্যাদাক বাঁহৰ চাঙত তুলি শ্মশান যাত্ৰা কৰোৱাৰ ব্যৱস্থা কৰিব- এইটো নিশ্চয় অসহ্যকৰ। এই ক্ষেত্ৰত নাৰায়ণপুৰৰ সচেতন ৰাইজৰো দায়িত্ব থাকিব নিশ্চয় বুলিও বিবৃতিটোত উল্লেখ কৰে৷ এই ক্ষেত্ৰত অভাউসাই অনুৰোধ জনাই কয় যে,অনতি বিলম্বে সাহিত্য সভাৰ মাজত সোমাই অনুষ্ঠানটো ধ্বংস কৰিব খোজা এই অভদ্ৰ সকলক চিনাক্ত কৰি বহিস্কাৰ কৰক। “তেজপুৰ সাহিত্য সভালৈকো আমাৰ অনুৰোধ সভাৰ মজিয়াত কিয় তেজপুৰৰ শিল্পী দলৰ অপমান হ’ল তাৰ বিচাৰ কৰক অন্যথা আমি বিষয়টো সহজ ভাবে নলম। সুৰা পান কৰি আমন্ত্ৰিত শিল্পীকেই যদি অপমান কৰে তেনে আনক কি কৰিব নোৱাৰে ? ” বিবৃতিটোত এইদৰেও উল্লেখ কৰা হৈছে৷ তেজপুৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাই এই বিষয়ৰ ওপৰত এক দৃষ্টান্ত মূলক সিদ্ধান্ত লবলৈ অসম সাহিত্য সভাৰ লগতে নাৰায়ণপুৰ সাহিত্য সভাকো অনুৰোধ কৰি লগতে তেজপুৰ সাহিত্য সভাকো অনুৰোধ কৰে যাতে বিষয়টো সাধাৰণ ভাবে নলৈ গুৰুত্ব সহকাৰে বিবেচনা কৰে।এই ক্ষেত্ৰত আৰু কোৱা হয় যে, কাৰণ আজি যদি তেজপুৰৰ এটা দলক অপমান কৰা বুলি ভাবি আন আন ঠাইৰ শিল্পী দলে মৌনতা অৱলম্বন কৰে তেনে কালিলৈ হয়তো শিল্পী অপমান সাধাৰণ কথালৈ পৰিণত হ’ব। এনে হ’লে নিশ্চয় কাৰো বাবেই কথা বোৰ ভাল হৈ নাথাকিব। সেয়েহে অসম সাহিত্য সভাৰ মজিয়াত তেজপুৰৰ শিল্পী দলক কৰা অপমান অসমৰ অপমান বুলি গণ্য কৰি দোষীক বিচাৰি উপযুক্ত শাস্তি বিহি নাৰায়ণপুৰৰো সন্মান অটুট ৰাখিব বুলিও বিবৃতিটোত উল্লেখ কৰি এই সন্দৰ্ভত সাহিত্য সভাৰে জড়িত সকলোলৈকে তেজপুৰ অ:ভা:উ:সা: সভাই অনুৰোধ জনাইছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More