সাৱধান বাণী স্বত্তেও বিশ্বত অব্যাহত বন ধ্বংস যজ্ঞ

0 22

শতাব্দ বিশেষ প্ৰতিনিধি, ৫ মে’ : বন-বননি ধ্বংসৰ বিৰুদ্ধে বিভিন্ন দেশত আইন-কানুন প্ৰণয়ন আৰু জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধি পাইছে যদিও বিশ্বত বনাঞ্চল ধ্বংসৰ প্ৰকোপ কমক চাৰি বাঢ়িহে গৈছে। ২ মে’ৰ পৰা ৬ মে’ লৈকে দক্ষিণ কোৰিয়াৰ ছিউলত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই আয়োজন কৰা পঞ্চদশ ৱৰ্ল্ড ফৰেষ্ট্ৰী কংগ্ৰেছৰ প্ৰথম দিনাই উন্মোচন কৰা The State of the World’s Forests শীৰ্ষক প্ৰতিবেদনখনত এনে কিছুমান তথ্যৰেই সমাহাৰ ঘটিছে।

প্ৰতিবেদনখনৰ মতে ১৯৯০-২০২০ চনৰ ভিতৰৰ এই তিনিটা দশকত পৃথিৱীয়ে ৪২০ নিযুত হেক্টৰ পৰিমাণৰ বনাঞ্চল হেৰুৱাই পেলাইছে। ই পৃথিৱীৰ মুঠ বনাঞ্চলৰ প্ৰায় ১০.৩৪ শতাংশ। ঘাইকৈ নিৰ্বনীকৰণ কৰাৰ বাবেই এই বৃহৎ এলেকাৰ বনাঞ্চল লোপ পাবলগীয়া হৈছে বুলি বিশেষজ্ঞ সকলে মত প্ৰকাশ কৰিছে। পৃথিৱীৰ বৰ্তমান বনাঞ্চলে আগুৰা মাটিকালিৰ পৰিমাণ হ’ল ৪.০৬ বিলিয়ন হেক্টৰ অৰ্থাৎ মুঠ ভৌগলিক মাটিকালিৰ ৩১ শতাংশ। তৎস্বতেও মাত্ৰ তিনিটা দশকত ইমান বিশাল পৰিমাণৰ বনাঞ্চল লোপ পোৱাটো তেনেই উলাই কৰি দিব পৰা বিষয় নহয়।

অৰণ্য ধ্বংসৰ পৰিমাণ আনুপাতিক ভাৱে প্ৰতি বছৰেই বৃদ্ধি পাই অহাটো সমগ্ৰ বিশ্ববাসীৰ বাবে এটা গুৰুতৰ চিন্তনীয় বিষয় হিচাপে চিহ্নিত হৈছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি ২০১৫ ৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰতি বছৰেই গড় হিচাপে বিশ্বত ১০ নিযুত হেক্টৰ বনাঞ্চল ধ্বংসৰ গৰাহত পৰিছে। ২০০০-২০২০ চনৰ ভিতৰত প্ৰায় ৪৭ নিযুত হেক্টৰ এলেকাৰ আদিম অৰণ্য পৃথিৱীৰ পৰা নি:চিহ্ন হৈ গৈছে। নিৰ্বনীকৰণ আৰু বনভূমি অৱক্ষয়ৰ ফলত কেৱল গছ-গছনি সমূহেই ধ্বংস হোৱা নাই, ইয়াৰ ফলত অৰণ্যৰ অমূল্য জৈৱ বৈচিত্ৰতালৈও ভাবুকি আহিছে। প্ৰতিবেদনখনৰ যোগেদি বিশেষজ্ঞ সকলে সতৰ্কবাণী জাৰি কৰি কৈছে যে, অচিৰেই যদি অতিৰিক্ত কোনো কাৰ্যব্যৱস্থা হাতত লোৱা নহয় তেন্তে ২০৫০ চনৰ ভিতৰত কেৱল ক্ৰান্তীয় অঞ্চলতেই ২৮৯ নিযুত হেক্টৰ বনাঞ্চল মুকলি হৈ পৰিব।
বিশেষজ্ঞ সকলে আৰু আঙুলিয়াই দিছে যে, প্ৰায় ২৫০ টা সংক্ৰমিত ৰোগৰ ১৫ শতাংশই বনাঞ্চলৰ লগত সম্পৰ্ক আছে। বিশেষকৈ ক্ৰান্তীয় অঞ্চলত নিৰ্বনীকৰণৰ ফলত মেলেৰিয়া, ডেঙ্গুকে ধৰি বিভিন্ন ৰোগৰ সংক্ৰমণে মহামাৰীৰ ৰূপ ধাৰণ কৰিব। জনসংখ্যা বিস্ফোৰণ, বাণিজ্যিক কৃষি কাৰ্যৰ সম্প্ৰসাৰণ, ঔদ্যোগীকৰণ, আন্ত:গাঁথনি উন্নয়ন ইত্যাদি কাৰক সমূহৰ বাবে বনাঞ্চল সমূহে প্ৰতি বছৰেই মাত্ৰাধিক চাপ সহ্য কৰিবলগীয়া হৈছে আৰু ইয়াৰ বিষম ফল মানুহেই আওপকীয়াকৈ ভূগিবলগীয়া হৈছে। জলবায়ু পৰিৱৰ্তনৰ সমস্যাৰ ফলত জুৰুলা হোৱা বিশ্ববাসীয়ে এনেদৰে বনাঞ্চলৰ ধ্বংস যজ্ঞ চলি থাকিলে আৰু অধিক ভয়াবহ ভৱিষ্যতৰ সন্মুখীন হ’ব লাগিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More