সুদীৰ্ঘ ৫৭ টা বছৰৰ পিছত ৰাষ্ট্ৰীয় খেলুুৱৈ তৈয়বুন নিছাই বান্ধৱীক পৰিশোধ কৰিলে আঙুঠি
তৈয়বন নিচা আৰু এক স্বৰ্ণ আঙুঠিৰ ইতিহাস...
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৪ মাৰ্চঃ ৰাষ্ট্ৰীয় পৰ্যায়ত ডিছকাছ দলিয়াই ৫বাৰকৈ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ দখল কৰি অসমলৈ সুনাম কঢ়িয়াই অনা তৈয়বুন নিছাক নতুনকৈ আৰু চিনাকী কৰি দিয়াৰ প্ৰয়োজন নাই। অতি শক্তিশালী মানুহগৰাকী কিন্তু অতি কোমল মনৰ মানুহ। পৰহি ইয়াৰে এটা দৃষ্টান্ত দাঙি ধৰিলে তৈয়বন নিচাই। কাহিনীটো হ’ল এনেকুৱা ৬০ৰ দশকত শিৱসাগৰ নগৰৰ ধাইআলি মধ্য ইংৰাজী বিদ্যালয়ত সপ্তম শ্ৰেনীত পঢ়ি আছিল তৈয়বুন নিছা। তেওঁৰ সহপাঠী আছিল জুলেখা বেগম । জুলেখা আছিল ধনী ঘৰৰ ছোৱালী। জুলেখাৰ হাতত সদায় জিলিকি আছিল স্বৰ্ণ আঙুঠি । এদিন দুৰ্ভাগ্যবশত জুলেখাৰ হাতত আঙুঠি স্কুলৰ শ্ৰেণী কোঠাত সুলকি পৰিছিল । পিছদিনা তৈয়বন নিছা সোনকালে বিদ্যালয়লৈ আহিছিল । তৈয়বনৰ এটা অভ্যাস আছিল প্ৰতিদিনে তেওঁ বিদ্যালয়লৈ সোনকালে আহিছিল আৰু বিদ্যালয়ৰ পাছফালে থকা ফিল্ড খনত খেলৰ অভ্যাস কৰিছিল। সেইদিনা ক্লাছ ৰোমলৈ আহি নিজৰ ক্লাছৰোমটো ছাফ-চিকুন কৰোঁতে ক্লাছৰোমটোৰ এটা কোনত জুলেখাৰ আঙুঠি দেখা পাইছিল আৰু হাতেৰে তুলি লৈছিল। কিন্তু আঙুঠিটো তৈয়বন নিছাই পোৱাৰ কথা ৰাষ্ট্ৰ হৈ পৰিলে তৈয়বন নিছাই চুৰি কৰিছে বুলি অপবাদ পোৱাৰ ভয়ত তেওঁ নিজ ঘৰলৈ লৈ গৈছিল। ক্ৰমান্বয়ে দিন বাগৰিলে, বছৰ বাগৰিলে। তৈয়বন নিচাও খেল জগতত দোপতদোপে আগবাঢ়ি গ’ল আৰু ইণ্ডিয়ান ৰেলৱেত চাকৰি পালে । ইয়াৰ পূৰ্বে আঙুঠিটোও বিক্ৰী কৰি তৈয়বনৰ আত্মীয়ই তৈয়বনক দেশৰ বিভিন্ন ঠাইলৈ খেলিবলৈ পঠিয়াইছিল। কিন্তু তৈয়বনে পাহৰিব পৰা নাছিল বান্ধৱী জুলেখাৰ কথা। প্ৰায় ৬০বছৰৰ পিছত পৰহি তৈয়বন নিছা আহি উপস্থিত হ’লহি শিৱসাগৰৰ কুকুৰাপহিয়াত থকা বান্ধৱী জুলেখাৰ ঘৰত আৰু বান্ধৱীক মনত পেলায় দিলে তাহানিৰ আঙুঠিটোৰ কথা আৰু আঙুঠিটোৰ উচিৎ দাম দিবলৈ প্ৰস্তুত হ’ল। কিন্তু বান্ধৱী জুলেখাই তৈয়বন নিছাক ভূৰি ভূৰি প্ৰশংসা কৰিলে আৰু তেওঁক আঙুঠিটোৰ দাম নালাগে বুলিও ক’লে। কিন্তু তৈয়বন নিছাই এয়া এগৰাকী বান্ধৱীৰ আন এগৰাকী বান্ধৱীৰ প্ৰতি মৰমৰ উপহাৰ বুলি কৈ মৰমেৰে টকা কেইটা জুলেখাৰ হাতত গুজি দিলে।