শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৬ছেপ্টেম্বৰ: ঋণৰ বোজাত পোতযোৱা চৰকাৰে যিকোনো প্ৰকাৰে ৰাজহ সংগ্ৰহ কৰাত গুৰুত্ব প্ৰদান কৰিছে৷উল্লেখযোগ্য যে,বিদ্যুত, ৰন্ধন গেছ, ঔষধৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণক কোঙা কৰাৰ বিপৰীতে ৰাজ্যচৰকাৰ ১৭হেজাৰ কোটি টকাৰ ঋণত ডুব যোৱাৰ সময়তে এইবাৰ সুৰাৰ দ্বাৰাও ব্যাপক পৰিমাণে ৰাজহ সংগ্ৰহৰ চেষ্টা চলাইছে৷উল্লেখযোগ্য যে,সম্প্ৰতি ৰাজ্যত সুৰাৰ বিপনী বৃদ্ধি পোৱাৰ সময়তে জিলা সমূহত সুৰাৰ ৰাজহ অধিক বৃদ্ধিৰ বাবেও হেঁচা দিয়া হৈছে৷উল্লেখযোগ্য যে,প্ৰায় এসপ্তাহ পূৰ্বে শোণিতপুৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সুৰাৰ ৰাজহ সন্দৰ্ভত অনুষ্ঠিত সভাত সুৰা ব্যৱসায়ীসকলক একোজনক বছৰি কোটি টকা ৰাজহ আদায়ৰ বাবে নিৰ্দেশ দিয়া হৈছে৷উল্লেখযোগ্য যে,ইয়াকে লৈ সুৰা ব্যৱসায়ী সকলো বিপাঙত পৰিছে৷আনকি একোজন সুৰা ব্যৱসায়ীক তিনি-পাঁচ কোটি টকা বছৰি ৰাজহ আদায়ৰ লক্ষ্য বান্ধি দিয়াত প্ৰচুৰ চাপৰ সন্মুখীন হ’ব লগীয়া হৈছে সুৰা ব্যৱসায়ী সকল৷এই সন্দৰ্ভত একাংশ সুৰা ব্যৱসায়ীয়ে প্ৰকাশ কৰে যে,এই পৰিমানৰ ৰাজহ সংগ্ৰহ কৰিবলৈ হ’লে সুৰা বিক্ৰীয়ো বৃদ্ধি পাব লাগিব আৰু সেয়া হ’বলৈ সুৰাপায়ীৰ সংখ্যাও বাঢ়িব লাগিব৷উল্লেখযোগ্য যে,সুৰাৰ পৰা ৰাজহ সংগ্ৰহৰ এনে হেঁচা আৰু লক্ষ্যই ৰাজ্যখনত সুৰাৰ চোৰাং ব্যৱসায় বৃদ্ধিৰ আশংকা কৰাৰ লগতে সমাজখন ধ্বংসৰ গৰাহলৈ থেলি দিব বুলিও একাংশই মন্তব্য কৰিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.