সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

গেৰুকামুখত এন এইচ পি চিত উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠক

0 125

লখিমপুৰত আতংকিত নৈপৰীয়াঃ নাওবৈছা, বিহপুৰীয়াত জলমগ্ন অৰ্ধ শতাধিক গাওঁ : নীপকোৱে ৰঙানদী – ডিক্ৰঙত এৰিছে পানী : চৌদিশে হাহাকাৰ

শতাব্দ প্ৰতিনিধি, লখিমপুৰ,১৭ জুনঃ অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত বিগত প্ৰায় এমাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোৱণশিৰি নদী ফেনে-ফুটুকাৰে ওফন্দি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । সোৱণশিৰি নদীৰ তাণ্ডৱে নৈখনৰ নামনি অংশৰ বহু গাঁও বুৰাই পেলোৱাৰ লগতে ২০০০ মেগাৱাট বিদুৎ শক্তি সম্পন্ন নামনি সোৱণশিৰি জলিবদ্যুৎ প্ৰকল্পলৈও ভয়াৱহ বিপদ নমাই আনিছে। যোৱা নিশাৰ পৰা আজি বিয়লিলৈকে প্ৰকল্পটোৰ মূল বান্ধৰ কেবামিটাৰ ওপৰেৰে তীব্ৰ বেগত পানী বাগৰি আছে । ফলত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য বন্ধ হৈ পৰাৰ লগতে প্ৰকল্পটোৰ বিস্তৰ ক্ষতি হৈছে । সোৱণশিৰি নদীৰ বাঢ়নী পানীয়ে প্ৰকল্পটোৰ মূল শক্তিগৃহ জলমগ্ন কৰিছে আৰু শক্তিগৃহটোৰ স্থায়িত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে । একেদৰে প্ৰকল্পটোৰ বাবে নিৰ্মাণ কৰা সুৰংগ সমূহত কম-বেছি পৰিমাণে ভূমি স্খলন হোৱাৰ লগতে মূল বান্ধৰ সুৰক্ষা বান্ধ, মূল ডাইভাৰ্চনেল টানেলৰো বিস্তৰ ক্ষতিসাধন কৰিছে । আজি এই সন্দৰ্ভত প্ৰকল্প স্থলীৰ কাৰ্যালয়ত এখন উচ্চ পৰ্যায়ৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়।বৈঠকত দিল্লীৰ পৰা অহা জি এম এও অংশগ্ৰহণ কৰিছে। উল্লেখ্য যে ১৩ জুনত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰি ডিচেম্বৰ-জানুৱাৰী মাহৰ পৰা বিদ্যুৎ উৎপাদনৰ কাম আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল । কেন্দ্ৰীয় শক্তিমন্ত্ৰী আৰ কে সিঙৰ বক্তব্য যে মিথ্যাচাৰৰ বাদে একো নহয় তাক বৰ্তমানৰ নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পটোৰ কাৰ্য ই প্ৰতিপন্ন কৰিছে । তদুপৰি প্ৰকল্পটোৰ ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণ কাৰ্য ইতিমধ্যে সম্পূৰ্ণ হোৱা বুলি এন এইচ পি চিয়ে দাবী কৰি আহিছে যদিও ৮০ শতাংশৰ পৰা ৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা প্ৰকল্পটোৰ ১১৬ মিটাৰ উচ্চতাৰ ওপৰেৰে কেনেকৈ ভয়ংকৰ ৰূপত সোৱণশিৰি নদীৰ পানী বাগৰিছে সেয়া ৰহস্যজনক । প্ৰকল্পটোৰ ওপৰেৰে বাগৰা পানীয়ে নামনিত আতংকৰ সৃষ্টি কৰিছে । ইফালে লখিমপুৰ জিলাৰ গাতে লাগি থকা পাহাৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে শিঙৰাৰ উৎপত্তিস্থলত যোৱা চাৰি পাঁচ দিনে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত শিঙৰা নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত নাওবৈচাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।নদীখনৰ সংহাৰী বানে প্ৰলয়ৰ সূচনা কৰি যোৱা দুটা দিনে নাওবৈচা ৰাজহ চক্ৰৰ অধীনস্থ দক্ষিণ নাওবৈচাৰ ২০ খনতকৈ অধিক গাঁৱৰ সহস্ৰাধিক বাসিন্দাৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে শিঙৰা নদীৰ সোঁপাৰৰ শিঙৰা গাঁৱৰ সমীপত থকা উন্মুক্ত মথাউৰি অংশৰে অহৰহ নদীখনৰ বাঢ়নী পানী সোমাই থকাৰ ফলত অঞ্চলটোৰ গোসাঁনীবাৰী,১ নং গেলাহাটী, ২নং গেলাহাটী, ৰৌদোং ,বৰপথাৰ, চেঙেলীজান, আহোমণি, শিঙৰা গাঁও, গড়ছিগা, পানধোৱা, মহঘুলি, টকৌগুৰি, বঙালচুক, বৰচলা আদিকে ধৰি ২০ খনতকৈ অধিক গাঁও জলমগ্ন কৰি তুলিছে । নাওবৈচাত শিঙৰাৰ বানে কেবাটাও ৰাজ্যিক পথ বুৰাই পেলোৱাত যাতায়াত বন্ধ হৈ পৰিছে।  বিহপুৰীয়াত ডিক্ৰং নদীৰ প্ৰবল বানে ভয়ংকৰ ৰূপ লৈছে ।ডিক্ৰং নদীৰ ‘পাৰে’ প্ৰকল্পৰ পৰা নদীখনত নীপকোৱে পানী এৰি দিয়াত বিহপুৰীয়া ৰাজহ চক্ৰত বানে বীভিষিকাৰ সৃষ্টি কৰিছে । ২ নং গেটেৰে পানী এৰি দিয়াত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে । লখিমপুৰ জিলা প্ৰশাসনে বানাক্ৰান্তক বান সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More