সোৱণশিৰিত মাইনিং মহলৰ নামত ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ তলতে জেচিবিৰে অবৈধ খনন

চাউলধোৱাত বন বিষয়াৰ জ্ঞাতসাৰে চলিছে শিল বালিৰ চোৰাং বেহা

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২৪ জানুৱাৰীঃIMG 20230124 WA0007 e1674569564428 লখিমপুৰ জিলাৰ সোৱণশিৰি নদীত এতিয়া বনজ সম্পদৰ অবাধ লুণ্ঠন যজ্ঞ চলিছে৷ বন বিষয়া-কৰ্মচাৰীৰ জ্ঞাতসাৰেই এনে দুষ্কাৰ্য সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপিত হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি সোৱণশিৰি নদীত চাউলধোৱাত বন বিভাগে দুটা মহল আৱণ্টন দি ৰাখিছে যদিও ইয়াৰে এটা মহলত ব্যাপক অনিয়ম-দুৰ্নীতি সংঘটিত হৈছে৷ লখিমপুৰ জিলা বন সংমণ্ডলৰ অন্তৰ্গত তথা পথালিপাম খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ সোৱণশিৰিৰ ৰেল দলঙৰ পৰা বাঁওদিশে দলঙৰ পৰা ৫০০ মিটাৰ আঁতৰত এটা মাইনিং মহল দিছে যদিও এতিয়া উক্ত মাইনিঙৰ দায়িত্ব লাভ কৰা মহলদাৰ প্ৰাঞ্জল ৰয়ৰ নিৰ্দেশত দিনে নিশাই ৰাষ্ট্ৰীয় ঘাইপথৰ মটৰ দলঙৰ তলত অবৈধ ভাৱে জেচিবিৰে শিল বালি খনন কৰি সৰবৰাহ অব্যাহত ৰাখিছে৷ উল্লেখনীয় কথা যে যি সময়ত দেশৰ উচ্চতম ন্যায়ালয় তথা সেউজ ন্যায়াধীকৰণে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৱৰ্তী অংশত খনন কাৰ্য বন্ধ ৰাখিছে তেনে সময়তে চাউলধোৱাত সোৱণশিৰি নদীৰ ৰাষ্ট্ৰীয় ঘাইপথত থকা পকী দলংখনৰ তলতে এনেদৰে অবাধ খনন যজ্ঞ অব্যাহত থকা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷ জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱচৌধুৰী আৰু পথালিপাম খণ্ড বন বিষয়া আব্দুল মতিনৰ জ্ঞাতসাৰেই এনে অবৈধ খনন অব্যাহত থকা বুলি অভিযোগ উত্থাপিত হৈছে৷ তদুপৰি চৰকাৰী কামৰ বিপৰীতে এই মাইনিং মহল লাভ কৰিলেও উক্ত শিল-বালি এতিয়া ব্যক্তিগত কামলৈহে গৈ থকা বুলি এক নিৰ্ভযোগ্য সূত্ৰই সদৰি কৰিছে৷ কেৱল এয়ে নহয় সোৱণশিৰিত এতিয়া চালানবিহীন ভাৱে নিতৌ অৰ্ধ শতাধিক ডাম্পাৰ, ট্ৰেক্টৰ আদিয়ে শিল-বালি সৰবৰাহ কৰি আহিছে৷ আজি তেনে একাংশ ডাম্পাৰ স্থানীয় এটা সংগঠনে আৱদ্ধ কৰি বন বিভাগক জব্দ কৰিবলৈ দাবী জনায়৷ উল্লেখনীয় কথা যে দীৰ্ঘদিন ধৰি সোৱণশিৰি নদীত অবৈধ ভাৱে খনন কাৰ্য চলি আহিছে যদিও বন বিষয়া-কৰ্মচাৰীয়ে চকু মুদা কুলিৰ ভাও জুৰি আহিছে৷ বন বিভাগৰ লগত মহলদাৰৰ অবৈধ মিতিৰালিৰ বাবেই চৰকাৰে নিতৌ বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাই আহিবলগা হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More