সোৱণশিৰিৰ নামনিত এন এইচ পি চিৰ বান্ধ প্ৰতিৰোধী আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম

এন এইচ পি চিৰ ঠিকাদাৰৰ বিৰুদ্ধে লখিমপুৰৰ উপায়ুক্তক যুৱ ছাত্ৰ-পৰিষদৰ অভিযোগ

0 22

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ২০ জানুৱাৰীঃ সমগ্ৰ ৰাজ্যৰ জনসাধাৰণৰ প্ৰতিবাদক উপেক্ষা কৰি লখিমপুৰ, ধেমাজি আৰু মাজুলীবাসীৰ জীৱন সা-সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন এইচ পি চিয়ে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নামনিত ঠিকাদাৰৰ জৰিয়তে নিৰ্মাণ কৰা আঁচনিত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিকে৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণকাৰী সংস্থাটোৱে প্ৰকল্পৰ নামনিত বসবাস কৰা ৰাইজৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে গ্ৰহণ কৰা আঁচনিৰ অংশ হিচাপে সোৱণশিৰি নদীৰ দুয়োকাষে গ্ৰহণ কৰা আঁচনি সমূহৰ অধিকাংশই অতি নিম্ন মানৰ হোৱা বুলি অভিযোগ তুলি আজি যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিক সমিতিয়ে লখিমপুৰৰ জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ বৃহত্তৰ নৈপৰীয়া ৰাইজৰ সুৰক্ষাৰ নামত এন এইচ পি চিৰ ঠিকাদাৰক হেতালি নেখেলিবলৈ সকীয়াই দিয়ে৷ পৰিষদৰ অভিযোগ বিশেষকৈ সোৱণশিৰি নদীৰ বাওপাৰে থেকেৰাগুৰি অঞ্চলৰ পৰা প্ৰায় ১০ কিলোমিটাৰ ভিতৰত অৱস্থিত শিঙৰিৰ পৰা গৰৈমাৰীলৈ এক বিস্তৃত অঞ্চলত বান্ধ প্ৰতিৰোধৰ নামত যি জিঅ’ বেগ স্থাপনৰ ব্যৱস্থা কৰিছে উক্ত আঁচনি ৰূপায়ণত জড়িত ঠিকাদাৰসকলে অতি নিম্ন মানৰ কাম কৰা পৰিলক্ষিত হৈছে৷ ঠিকাদাৰে উক্ত বান্ধটো যিমান উচ্চতাৰে নিৰ্মাণ কৰিব লাগিছিল সেই উচ্চতাত বান্ধটো নিৰ্মাণ কৰা হোৱা নাই আৰু জিঅ’ বেগত ভৰোৱা মাটিখিনি ঠাইতে খান্দি ভৰোৱাৰ ফলত উক্ত স্থানত গৰাখহনীয়াৰ আশংকা বৃদ্ধি পাইছে৷ বিগত বৰ্ষত যিসমূহ স্থানত জিঅ’ বেগেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিছিল উক্ত স্থান সমূহত বৰ্তমান জিঅ’ বেগৰ কোনো অস্তিত্ব নাই৷ কিয়নো উক্ত জিঅ’ বেগ সমূহত যি পদ্ধতিৰে মাটি ভৰাব লাগিছিল সেই পদ্ধতিৰে মাটি ভৰোৱা নাছিল৷ এই ক্ষেত্ৰত পৰিষদে শীঘ্ৰে জিলা উপায়ুক্তক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More