শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৩০ ছেপ্টেম্বৰঃ যি সময়ত চৰকাৰে শিমলু কাঠৰ ব্যৱসায় বন্ধ কৰি ৰাখিছে তেনে সময়তে লখিমপুৰ জিলাত সোৱণশিৰিৰ বক্ষৰে নিতৌ চোৰাং কাঠৰ অবাধ বেহা অব্যাহত আছে৷ যোৱা নিশা লখিমপুৰৰ বন বিভাগে অতৰ্কিতে অভিযান চলাই নিষিদ্ধ ঘোষিত প্ৰায় ১ হাজাৰ চেপ্টি চোৰাং শিমলু কাঠ জব্দ কৰা ঘটনাই এই তথ্য পোহৰলৈ আনিছে৷ সোৱণশিৰি নদীৰ বক্ষৰে বিভিন্ন সময়ত শিমলু কাঠৰ বৃহৎ বৃহৎ বীম সমূহৰ ভূৰ বান্ধি নিতৌ চোৰাং ব্যৱসায়ীয়ে লখিমপুৰ নগৰৰ বিভিন্ন কাঠৰ ডিপুলৈ সৰবৰাহ কৰি আছে৷ বৃহস্পতিবাৰে সন্ধিয়া জিলা বন সংমণ্ডল প্ৰাধিকাৰী এ কে দেৱচৌধুৰীৰ নিৰ্দেশত লখিমপুৰ বন সুৰক্ষা বাহিনীৰ ৰেঞ্জাৰ পবিত্ৰ কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা দলে বধাকৰাৰ কলাখোৱাত অভিযান চলাই এক বৃহৎ পৰিমাণৰ চোৰাং শিমলু কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷ ঘূনাসুঁতি, পূৱ তেলাহী আদিৰ পৰা সোৱণশিৰিৰ বক্ষৰে কঢ়িয়াই অনা এই চোৰাং কাঠ সমূহৰ খবৰ লাভ কৰি লখিমপুৰৰ বন সুৰক্ষা বাহিনীয়ে সোৱণশিৰি নদীৰ পানী যুঁঁৱলিত এই ফলা কাঠৰ ভূৰ সমূহ জব্দ কৰি নিশাই সংমণ্ডল কাৰ্যালয়লৈ কঢ়িয়াই আনে৷ উল্লেখ্য যে বুধবাৰে নিশাও এছেৰাকটা ন আলি ঘাটৰ পৰা ১৭০ চেপ্টি এনে চোৰাং কাঠ বন সুৰক্ষা বাহিনীয়ে জব্দ কৰে৷ বন সুৰক্ষা বাহিনীয়ে বধাকৰাৰ ঘাগৰ কলাখোৱাত কালি নিশা প্ৰায় চাৰিশ চেপ্টি চোৰাং শিমলু কাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ একেদৰে বাহিনীটোৱে মাগুৰমাৰী, মঘূৱাচুক আদিৰ পৰাও যোৱা দুদিনত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে৷ যোৱা দুদিনত বন সুৰক্ষা বাহিনীয়ে মুঠ প্ৰায় ১ হাজাৰ চেপ্টি চোৰাং কাঠ নদীৰ বুকুৰ পৰা জব্দ কৰে বুলি জানিবলৈ দিছে৷ উল্লেখনীয় কথা যে পূৱ তেলাহী, লোহিত খাবলু, ঘূনাসুঁতি আদিত চোৰাংকৈ শিমলুগছ কাটি তহিলং কৰি পিছত সেইবোৰ চোৰাং কাঠ বেপাৰীয়ে ফালি নিশা নিশা সোৱণশিৰিৰ বক্ষৰে সৰবৰাহ কৰি অহাত এই চৰ চাপৰি সমূহত শিমলু গছৰ বিলুপ্তি ঘটিছে৷
ছাইন ইন / যোগদান
ছাইন ইন
পাছৱৰ্ড ৰিক’ভাৰ কৰক.
A password will be e-mailed to you.