সোৱণশিৰি নদীৰ মথাউৰি নিৰ্মাণৰ নামত ধনৰ অপচয় : ১.৫০কোটি টকীয়া নাবাৰ্ডৰ মথাউৰিত বালি

0 44

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৯ মেঃ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ৰাজ্যখনৰ বান-খহনীয়া প্ৰতিৰোধৰ বাবে সময়ে সময়ে জলসম্পদ বিভাগলৈ কোটি কোটি টকাৰ আবণ্টন দি আহিছে যদিও বহুক্ষেত্ৰত এনে ধনৰ অপচয় ঘটি আহিছে। শেহতীয়াকৈ লখিমপুৰ জলসম্পদ সংমণ্ডলৰ অন্তৰ্গত তথা খগাৰ সমীপৱৰ্তী ন-আলিত সোৱণশিৰি নদীৰ সুৰক্ষাৰ বাবে এটা মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত এনেদৰে ধনৰ অপচয় হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ২০২১-২২ বৰ্ষত নাবাৰ্ডৰ অধীনত সোৱণশিৰি নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে ন-আলি তেলীয়া পথাৰত ১ কোটি ৯০ লাখ টকীয়া এখন আঁচনি গ্ৰহণ কৰা হয় যদিও এই আঁচনিখনত এতিয়া নীতি বর্হিভূত ভাৱে বালি ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে। বিভাগীয় ঠিকাদাৰ জিতু হাজৰিকাই ইতিমধ্যে উক্ত ‘চৰ্ট ৰিটায়াৰমেন্ট’ বান্ধটো নিৰ্মাণ প্রায় সম্পূৰ্ণ কৰিছে যদিও এই বান্ধৰ ওপৰত এতিয়া বালি পেলোৱা কাৰ্যই সর্বত্র প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৪২৫ মিটাৰ দৈৰ্ঘ্যৰ এই বান্ধটোৰ নিৰ্মাণৰ বাবে ইতিমধ্যে ঠিকাদাৰে ১ কোটি ৭০ লাখ ৯৯ হাজাৰ ৯৫১ টকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰাৰ পিছত বিভাগীয় তথ্য অনুসৰি মথাউৰিটো ৯০ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে। ইফালে এই মথাউৰিটোৰ ওপৰত বালি পেলোৱা কাৰ্যই বিশেষ তাৎপর্য বহন কৰিছে। Mathawriআনহাতে মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰত ঠায়ে ঠায়ে আঁচনি অনুসৰি উচ্চতা আৰু বহল কৰা নাই বুলিও স্থানীয় লোকে দাবী কৰিছে। সেয়েহে এই ক্ষেত্ৰত মথাউৰিটোৰ নিৰ্মাণৰ বেলিকা কিয় মথাউৰিৰ ওপৰত বালি পেলাইছে তাক লৈ ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে আৰু লখিমপুৰ জিলা উপায়ুক্তৰ তদন্তৰ দাবী জনাইছে। আনহাতে নআলি ঘাটত এতিয়া তীব্র খহনীয়া অব্যাহত থকাৰ সময়তে নদীৰ পাৰত কেবাখনো ট্রেক্টৰে খহনীয়া অংশৰ পৰাই মাটি কঢ়িয়াই নিয়া কাৰ্যই ৰাইজক চিন্তিত কৰি তুলিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More