সোৱণশিৰি প্ৰকল্পৰ পৰা অসমে ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব- কেন্দ্ৰীয় মন্ত্ৰী আৰ কে সিঙ

ডিচেম্বৰত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰম্ভ কৰাৰ প্ৰস্তুতি

0 53

একাধিক কাৰ্যসূচীত অংশগ্ৰহণেৰে ধেমাজিত কেন্দ্ৰীয় মন্ত্ৰীৰ গাঁও চফৰ

শতাব্দ প্ৰতিনিধি, ধেমাজি, ১৪ জুন : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনা মানি দুদিনীয়া কাৰ্যসূচীৰে ধেমাজি ভ্ৰমণলৈ অহা কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প শীঘ্ৰেই আৰম্ভ হোৱাৰ সেউজ সংকেত দিছে । আজি সকলো কাৰ্যসূচী সম্পন্ন কৰাৰ পাছত ধেমাজি জিলা বিজেপিৰ কাৰ্যালয়ত সম্বোধন কৰা এক সংবাদ মেলত আগন্তুক ডিচেম্বৰত নহ’লেও জানুৱাৰীত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো শুভাৰম্ভ কৰিব পৰা যাব বুলি কয় । উক্ত প্ৰকল্পটোৰ পৰা অসমে কিমান শতাংশ বিদ্যুৎ লাভ কৰিব বুলি সোধা এক প্ৰশ্নত অসমে ২-৩ শতাংশ বিদ্যুৎ লাভ কৰিব বুলি কয় । প্ৰকল্পটোৰ পৰা ৫০ শতাংশও উৎপাদন কৰিব পৰা হ’লেও অৰ্থনৈতিকভাৱে যথেষ্ট সবল হ’ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰসংগত তেওঁ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে কোৱা অনুসৰি সকলো কাম কৰি গৈ আছে বুলিও কয় । উল্লেখ্য যে “আজাদী কা অমৃত মহোৎসৱ”ৰ অংশ হিচাপে আৰু মোদী চৰকাৰৰ আঠ বছৰ সম্পূৰ্ণ হোৱাৰ সুবাদত “সেৱা, সুশাসন আৰু গৰীৱ কল্যান”ৰ শ্লোগান আওৰাই কেন্দ্ৰীয় শক্তি মন্ত্ৰী ৰাজকুমাৰ সিঙে কালি এনএইচপিচি পৰিদৰ্শন কৰাৰ পাছত আজি একাধিক কাৰ্যসূচীত অংশগ্ৰহণ কৰে । আজি পুৱাৰ ভাগত পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প পৰিদৰ্শন কৰাৰ পাছত এনএইচপিচিৰ বিষয়াসকলৰ সৈতে সভাত মিলিত হয় । ইয়াৰ পিছতে গোগামুখৰ মিংমাঙত প্ৰধানমন্ত্ৰী আৱাস যোজনা (গ্ৰামীণ) ৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে । ইয়াৰ পাছতে বৰদলনিৰ বুঢ়াকুৰিত কনেশ্বৰ চুতীয়াৰ বাসগৃহত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰি কৃষকজনক উৎসাহিত কৰে । পৰ্যায়ক্ৰমে ইটোৰ পাছত সিটো কাৰ্যসূচী ৰূপায়ণ কৰা মন্ত্ৰীগৰাকীয়ে দুপৰীয়া গৰৈমাৰিৰ গাঁঁৱৰ “সৌভাগ্য আঁচনি” ৰ হিতাধিকাৰী ললিতা কছাৰীৰ গৃহত সৌভাগ্য হিতাধিকাৰীসকলৰ সৈতে উপস্থিত হৈ মত বিনিময় কৰে । ইয়াৰ পাছত চেঙেলী পথাৰ গাঁৱৰ “জলজীৱন মিছন” ৰ হিতাধিকাৰী ৰঞ্জিত চেতিয়াৰ গৃহত উপস্থিত হৈ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে । ধেমাজিৰ চেঙেলীপথাৰ গাঁৱৰ খৰ্গ বৰুৱাৰ গৃহত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । অসমৰ থলুৱা নিৰামিষ আহাৰ খাই আপ্লুত হৈ পৰে মন্ত্ৰী গৰাকী । নিভাঁজ অসমীয়া পৰিৱেশৰ মাজত অসমীয়াৰ আদৰ- সাদৰৰ প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে । ইয়াৰ পাছত ধেমাজি নগৰৰ নলনীপাম বজাৰত “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা” আৰু “ স্ব-নিধি” হিতাধিকাৰীৰ সৈতে মতবিনিময় কৰে । নলনিপাম বজাৰৰ পৰা পাঁচ শতাধিক সমৰ্থকসহ চাইকেল ৰেলীৰে কাছাৰী ময়দানৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ সিঙে । উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ লগত ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে আঠটা বছৰে কৰি অহা আঁচনিসমূহ উল্লেখ কৰি আঁচনিসমূহৰ জৰিয়তে দেশৰ জনগণ যথেষ্ট উপকৃত হৈছে বুলি কয় । ইফালে সংবাদ মেলত মোদী চৰকাৰৰ আঠ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ ৰূপায়নৰ ক্ষেত্ৰত ধেমাজি জিলা সফল হোৱা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজকুমাৰ সিঙে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More