সৌন্দৰ্য্য প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত তেজপুৰৰ স্নেহা বৰুৱাৰ কৃতিত্ব

0 9

IMG 20221020 WA0063শতাব্দ প্ৰতিনিধি, তেজপুৰ, ২০ অক্টোবৰ : তেজপুৰ হজৰাপাৰ নিবাসী স্নেহা বৰুৱাই স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া ২০২২ প্ৰতিযোগিতাত দ্বিতীয় ৰাণাৰ্চ আপ খিতাপ লাভ কৰি তেজপুৰ তথা জিলাখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেজপুৰৰ হজৰাপাৰ নিবাসী উপেন বৰুৱাৰ কন্যা স্নেহাই বিদ্যালয়ত অধ্যায়ন কৰি থকা অৱস্থাৰ পৰাই সৌন্দৰ্য চৰ্চাত মনোনিবেশ কৰি অহা পিছত স্পাৰ্ক প্ৰফেশ্যনেল একাডেমীয়ে যোৱা ৩১ জুলাইত তেজপুৰত আয়োজন কৰা প্ৰথমলানি প্ৰতিযোগিতাত স্পাৰ্ক গ্লেম উইনাৰ হোৱাৰ পিছত গুৱাহাটীত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিত “আমাৰ প্ৰতিভা” শীৰ্ষক প্ৰতিযোগিতাতো উইনাৰ হোৱাৰ পিছত যোৱা ১৫ অক্টোবৰত অনুষ্ঠিত হোৱা স্পাৰ্ক মিছেছ নৰ্থ ইষ্ট ইণ্ডিয়া – ২০২২ প্ৰতিযোগিতাত ছেকেণ্ড ৰাণাৰ্চ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হোৱাত উৎফুল্ল হৈ পৰিছে তেজপুৰবাসী। দীৰ্ঘদিনীয়া চৰ্চাৰ পিছত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এই সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা স্নেহাই সৰুৰে পৰা নিয়মীয়াকৈ সৌন্দৰ্য্য চৰ্চাৰে বিভিন্ন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি আহিছিল বুলি মন্তব্য কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More