স্বাধীনতাৰ পূৰ্বে ডুবিছিল ভাৰতৰ ‘টাইটানিক’

৬৬৯ জন লোকে হেৰুৱাইছিল প্ৰাণ!

0 37

১৯১২ চনৰ ১০ এপ্ৰিলত ইংলেণ্ডৰ চাউথমপটনৰ পৰা কেইবাশ যাত্ৰী লৈ আমেৰিকাৰ নিউয়ৰ্কলৈ এখন জাহাজ ৰাওনা হৈছিল। যাৰ নাম আছিল টাইটানিক। কিন্তু গন্তব্যস্থান পোৱাৰ পূৰ্বে অভিশপ্ত জাহাজখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়। টাইটানিক ডুব যোৱা ঘটনাটো বিশ্বৰ আটাইতকৈ ডাঙৰ সামুদ্ৰিক দুৰ্ঘটনা হিচাপে পৰিচিত। কিন্তু ভাৰতীয় জাহাজ S.S Ramdasৰ ক্ষেত্ৰতো আন এক টাইটানিক সদৃশ দুৰ্যোগ সংঘটিত হৈছিল। যিটোক একাংশই ‘ভাৰতীয় টাইটানিক দুৰ্যোগ’ বুলি স্মৰণ কৰে। কিন্তু এই দুৰ্ঘটনাৰ প্ৰসংগ বহুতে নাজানে— য’ত শ শ লোকৰ মৃত্যু হৈছিল। আজিৰ প্ৰতিবেদনত আমি সেই প্ৰসংগ উপস্থাপন কৰিম।

* স্কটলেণ্ডত নিৰ্মাণ কৰা হৈছিল S.S Ramdas
১৯৩৬ চনত ৰাণী এলিজাবেথৰ জাহাজ নিৰ্মাতা শ্বোৱান আৰু হাণ্টাৰে স্কটলেণ্ডত এই জাহাজখন নিৰ্মাণ কৰিছিল। ৪০৬ টন ওজনৰ জাহাজখনৰ দৈৰ্ঘ্য ১৭৯ ফুট আৰু বহল ২৯ ফুট আছিল। S.S Ramdas-এ কঢ়িয়াব পাৰিছিল ১০০০ যাত্ৰী।

* সাধুৰ নামত জাহাজ
বিবিচিৰ এক প্ৰতিবেদনত কোৱা হৈছে যে স্বাধীনতা সংগ্ৰামৰ অংশ হিচাপে জাতীয়তাবাদীসকলে ব্ৰিটিছ জাহাজ কোম্পানীসমূহক প্ৰত্যাহ্বান জনোৱাৰ বাবে কংকন উপকূলৰ কাষে কাষে ‘প্লেজাৰ ব’ট সেৱা’ আৰম্ভ কৰিছিল। পিছলৈ ই ইণ্ডিয়ান কো-অপাৰেটিভ ষ্টীম নেভিগেচন কোম্পানী নামেৰে বিখ্যাত হয়। এই কোম্পানীয়ে ৰামদাস কিনিছিল। ইফালে এই কোম্পানীটোৰ প্ৰতি জনসাধাৰণৰ ক্ৰমাৎ বৃদ্ধি পোৱা আকৰ্ষণ দেখি কোম্পানীটোৱে নিজৰ জাহাজবোৰৰ নাম সাধু-দেৱতাৰ নামেৰে ৰাখিছিল। এই ক্ষেত্ৰত ৰামদাসৰ বাহিৰেও এই কোম্পানীটোৰ জয়ন্তী, টুকাৰম, চেণ্ট এন্থনী, চেণ্ট ফ্ৰান্সিছ, চেণ্ট জেভিয়াৰ নামৰ জাহাজো আছিল।

* সেই দুৰ্ভাগ্যজনক দিনটো
দেশ স্বাধীন হোৱাৰ মাত্ৰ কেইদিনমান আগতে ১৯৪৭ চনৰ ১৭ জুলাইত মুম্বাইৰ জনপ্ৰিয় ভাউ চা ডাক্কা এৰি অমাৱস্যাৰ দিনা পুৱা ৮ বজাত এছ.এছ.ৰামদাস ৰেৱাছলৈ যাবলৈ সাজু হৈছিল। ইফালে গতাৰি উৎসৱ উপলক্ষে বন্ধৰ বাবেই সাধাৰণ দিনতকৈয়ো অধিক জনসমাগম আছিল। সাধাৰণ যাত্ৰীৰ উপৰি মাছমৰীয়া আৰু ব্যৱসায়ীসকলো জাহাজখনত উঠিছিল। লগতে জাহাজখনৰ ওপৰৰ ডেকত পৰিয়ালৰ সৈতে একাংশ ব্ৰিটিছ বিষয়া উপস্থিত আছিল। এক প্ৰতিবেদন অনুসৰি সেইদিনা জাহাজখনত মুঠ ৭৭৮ জন লোক উপস্থিত আছিল বুলি জনা গৈছে। ইয়াৰ ভিতৰত আছিল ৪৮ জন নাৱিক, ৪ জন বিষয়া, ১৮ জন হোটেল শ্ৰমিক আৰু ৬৭৩ জন যাত্ৰী। টিকটবিহীনভাৱে যাত্ৰা কৰা আন ৩৫ জন যাত্ৰীও আছিল।

* বতৰ পৰিষ্কাৰ আছিল যদিও বৰষুণ দিছিল
১৭ জুলাইত বতৰ সম্পূৰ্ণ পৰিষ্কাৰ আছিল। ৱাৰ্ফ অধীক্ষকৰ হুইচেলৰ পিছত S.S Ramdasৰ অন্তিম যাত্ৰা আৰম্ভ হৈছিল। পুৱা ৮.৩৫ বজালৈকে জাহাজখন মুম্বাইৰ পৰা প্ৰায় ৭.৫ কিলোমিটাৰ দূৰলৈ গতি কৰে। ইফালে বতৰ ফৰকাল হৈ থকাৰ পাছতো সেইদিনা হঠাতে ধাৰাসাৰ বৰষুণ হ’বলৈ ধৰিলে৷ সাগৰ উত্তাল হৈ পৰিল। প্ৰচণ্ড ঢৌৰ ফলত ৰামদাসৰ গতি স্তব্ধ হৈ পৰিল। আনকি বিপদৰ কথা উপলব্ধি কৰি ভয়ত বিতত হ’ল যাত্ৰীসকল।

* ঢৌৰ ক্ৰোধ সহ্য কৰিব নোৱাৰিলে
এটা সময়ত গালুছ দ্বীপত উপনীত হোৱা ৰামদাস প্ৰবল ঢৌৰ আঘাত সহ্য কৰিব নোৱাৰি সম্পূৰ্ণৰূপে উটি গ’ল। জাহাজখনত লাইফ জেকেট ষ্টক কৰা আছিল যদিও পৰ্যাপ্ত নাছিল। পুৱা প্ৰায় ৯ বজাত জাহাজখন এই মৰ্মান্তিক দুৰ্ঘটনাৰ সন্মুখীন হয়। অৱশ্যে সন্ধিয়া ৫ বজালৈকে দুৰ্ঘটনাটোৰ বিষয়ে কোনেও গম নাপালে। মূলতঃ সেই সময়ত কোনো বেতাঁৰ ট্ৰেন্সমিটাৰ বা তৎক্ষণাত যোগাযোগৰ মাধ্যম নাছিল। এনে অৱস্থাত ৰামদাসৰ সাগৰৰ মাজত দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰটো বিয়পি পৰা পলম হ’ল।

* এটি ১০ বছৰীয়া শিশুৰ বৰ্ণনা
দুৰ্ঘটনাৰ পিছত লাইফ জেকেটৰ সহায়ত জাহাজখনত থকা একাংশ সৌভাগ্যৱান যাত্ৰীয়ে মৃত্যুৰ মুখৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। ইয়াৰ ভিতৰত আছিল এটি ১০ বছৰীয়া শিশু। তেওঁৰ নাম বৰকু ছেঠ মুকাদম। জানিব পৰা মতে, সেইদিনা জাহাজখনত থকা অধিকাংশ যাত্ৰী আছিল গিৰগাঁও আৰু পাৰিলে অঞ্চলৰ বাসিন্দা। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে যাত্ৰীসকলৰ মৃতদেহৰ বাহিৰেও সেই সময়ত জাহাজখনৰ ধ্বংসাৱশেষ বিচাৰি পোৱা নগ’ল। এই ক্ষেত্ৰত এই দুৰ্ঘটনাৰ কিছু সময়ৰ পিছতে দেশ স্বাধীন হয়। পিছত মুম্বাইৰ ওচৰৰ আৰু চহৰখনৰ বন্দৰৰ কাষতে থকা এলিফেণ্টা দ্বীপ আৰু বুচাৰ্ছ দ্বীপত কেইবাজনো যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হয়। এই মৃতদেহবোৰৰ ভিতৰত আছিল এগৰাকী ১৩ বছৰীয়া ফৰাচী ছোৱালী মিছ লা বাউচাৰ্ডিয়েৰৰ মৃতদেহ। মাক-দেউতাক আৰু ১৪ বছৰীয়া ককায়েকৰ সৈতে জাহাজখনত উঠিছিল। অৱশ্যে তেওঁৰ পৰিয়ালৰ বাকীসকলৰ কোনো সন্ধান পোৱা নগ’ল।

* আছিল গৰ্ভৱতী মহিলাও
হিন্দী-মাৰাঠী চলচ্চিত্ৰ পৰিচালক কিশোৰ পাণ্ডুৰাং বেলেকাৰৰ আগত ১০ বছৰীয়া বৰকু ছেঠ মুকাদমে এই জাহাজ ভাঙি পৰা ঘটনাটো বৰ্ণনা কৰিছিল। ২০১৮ চনত বৰকু ছেঠৰ বয়স আছিল ৯০ বছৰ। ১২ বছৰীয়া আব্দুল কাইছো তেওঁৰ সৈতে ডুব যোৱা জাহাজখনৰ পৰা ৰক্ষা পৰে। তেওঁ ৮৯ বছৰ বয়সলৈকে জীয়াই আছিল। বিবিচিৰ প্ৰতিবেদন অনুসৰি সেই সময়ত জাহাজখনত কেইগৰাকীমান গৰ্ভৱতী মহিলাও উপস্থিত আছিল।

(শতাব্দ সম্পাদনা গোট)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More