স্বাধীনতাৰ বছৰত কি বস্তুৰ দাম কিমান আছিল

তালিকা এখন চাওঁ আহক

0 36

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ আগষ্ট : ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ ৭৫ বছৰত বহু বিৱৰ্তন ঘটিছে। উন্নয়নশীল দেশৰ পৰা উন্নত দেশলৈ ৰূপান্তৰিত হৈছে ভাৰত। লগতে স্বাধীনতাৰ পাছৰ পৰা কেইবাটাও বস্তুৰ দাম আকাশলংঘী হৈছে। ১৯৪৭ চনৰ পৰা ২০২২ চনলৈ পেট্ৰ’ল, সোণ আৰু বিমানৰ ভাড়া বা চিনেমাৰ টিকটৰ দামকে ধৰি বিভিন্ন বস্তুৰ দাম কিমান সলনি হৈছে জানি লওঁ আহক।

* সোণৰ দাম
১৯৪৭ চনত ব্ৰিটিছ শাসনৰ পৰা ভাৰত স্বাধীন হোৱাৰ সময়ত দহ গ্ৰাম সোণৰ দাম আছিল মাত্ৰ ৮৮.৬২ টকা। বৰ্তমান ভাৰতীয় বজাৰত সোণৰ দাম ৫০ হাজাৰ অতিক্ৰম কৰিছে। ২৪ কেৰেট সোণৰ দাম অৰ্থাৎ পৰিপক্ক সোণৰ মূল্য বৰ্তমান ৫২ হাজাৰ টকা। আৰু ২২ কেৰেট সোণ অৰ্থাৎ হলমাৰ্ক থকা গহনা সোণৰ দাম ৪৬ হাজাৰ টকা। অৰ্থাৎ স্বাধীনতাৰ বৰ্ষত যি দাম আছিল, তাৰ তুলনাত এই ৭৫ বছৰত সোণৰ দাম ৫৯০ গুণ বৃদ্ধি পাইছে।

* পেট্ৰলৰ দাম
১৯৪৭ চনত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য আছিল ২৭ পইচা। অৰ্থাৎ ১ টকাৰে পেট্ৰ’ল কিনিবলৈ গ’লে এটকাত ৩ লিটাৰ ৭০৩ মিলিলিটাৰ পেট্ৰ’ল পোৱা গৈছিল। বৰ্তমান এক লিটাৰ পেট্ৰলৰ দাম দিল্লীত ৯৬ টাকা। অৰ্থাৎ স্বাধীনতাৰ ৭৫ বছৰত পেট্ৰ’লৰ মূল্য ৩৯২ গুণ বৃদ্ধি পাইছে।

* গাখীৰৰ দাম
সেই সময়ত গাখীৰৰ দাম জানিলে আপুনি অধিক আচৰিত হ’ব। ১৯৪৭ চনত ১২ পইচাত এক লিটাৰ গাখীৰ পোৱা গৈছিল। এতিয়া একলিটাৰ গাখীৰ কিনিবলৈ ৬০ টকা খৰচ হয়। অৰ্থাৎ আজিৰ এক লিটাৰৰ দামত আপুনি ৪৮০ লিটাৰ গাখীৰ কিনিব পাৰিলেহেঁতেন।

* বিমান ভাড়া
১৯৪৭ চনত বিমানৰ ভাড়া আছিল মাত্ৰ ১৪০ টকা। সেই টকাৰে দিল্লীৰ পৰা মুম্বাইলৈ উৰা মাৰিব পাৰিছিল। আৰু এতিয়া ইয়াৰ দাম ৮ৰ পৰা ১০ হাজাৰ টকা। এতিয়া বিমানৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বিমানৰ ভাড়াও বৃদ্ধি পাইছে। সেই সময়ত সোণৰ দাম ইমানেই কম আছিল যে সেই বিমান ভাড়াৰ দামেৰে দুটোপোলা সোণ কিনিব পাৰিছিল।

* চিনেমাৰ টিকট
স্বাধীনতাৰ সময়ত চিনেমাৰ টিকটৰ মূল্য আছিল মাত্ৰ ২৫ পইচা। অৰ্থাৎ চাৰিজনীয়া এটা পৰিয়ালে ১ টকাত এখন চিনেমা চাব পাৰিছিল। এতিয়া এখন চিনেমা চাবলৈ ২৫০ৰ পৰা ৩০০ টকা খৰচ হয়। অৰ্থাৎ চিনেমাৰ টিকট বা মনোৰঞ্জনৰ খৰচ কিমান বাঢ়িছে সেয়া এই সংখ্যাতে বুজা যায়।

* ঘৰ ভাড়া
স্বাধীনতাৰ সময়ত মুম্বাইত 2BHK ঘৰৰ ভাড়া মাহে ৪০ৰ পৰা ৫০ টকাৰ ভিতৰত আছিল। এতিয়া সেই ভাড়া হাজাৰ হাজাৰ টকা। ঘৰৰ ভাড়া প্ৰায় ১০০ গুণ বৃদ্ধি পাইছে। স্বাধীনতাৰ ৭৫ বছৰত পণ্যৰ মূল্য যি হাৰত বৃদ্ধি পাইছে সেয়া আশ্চৰ্যজনক।

* টকাৰ দাম
স্বাধীনতাৰ বছৰ ১৯৪৭ চনত টকাৰ দামো বেছি আছিল। ভাৰতীয় টকা আছিল আমেৰিকান ডলাৰৰ সমান। ক’ব লাগিব যে টকাৰ মূল্যৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হৈছে। মুদ্ৰাৰ বিমুদ্ৰাকৰণ কৰা হ’ল। অন্যান্য অৰ্থনৈতিক কাৰকৰ বাবে টকাৰ মূল্য হ্ৰাস পালে। এতিয়া টকাৰ দাম ৭৯ টকা ৬৩ পইচা এক ডলাৰৰ বিপৰীতে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More