স্বাধীনতা দিৱসত লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা

0 27

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৬ আগষ্টঃ দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতে লখিমপুৰৰ বগীনদীত উৰিল আলফাৰ পতাকা৷ নিষিদ্ধ ঘোষিত সংগঠনটোৰ উদিত সূৰ্য প্ৰতীক চিহ্নৰ এই পতাকাখন পুৱা বগীনদী ৰেলৱে ষ্টেচনৰ ফুট ব্ৰীজত উৰি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে৷ পৰৱৰ্তী সময়ত বগীনদী থানাৰ আৰক্ষীয়ে পতাকাখন জব্দ কৰি থানালৈ লৈ আহে৷ স্বাধীনতা দিৱসৰ দিনাই বগীনদীত আলফা পতাকা উৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অৱশ্যে উক্ত পতাকাখনত আলফাৰ সাত দণ্ড অংকন কৰা নাই ৷ ইতিপূৰ্বে বগীনদীত উৰুৱা আলফাৰ এই পতাকাখনৰ ভিডিঅ অৰণ্য অসম নামৰ ফেচবুক পেজত ভাইৰেল হৈ পৰা পৰিলক্ষিত হয়৷ ইতিমধ্যে বগীনদী আৰক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কাকো আটক কৰা হোৱা নাই৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More