” স্মৃতি মাথোঁ ৰ’ব সঞ্চয় ” চৈয়দ মুহিবুল্লাৰ সোঁৱৰণী গ্ৰন্থ উন্মোচন

0 64

গুৱাহাটী ৮ মেঃ বিশিষ্ট সমাজসেৱী, সু-সাহিত্যিক, সুদক্ষ অভিযন্তা প্ৰয়াত চৈয়দ মুহিবুল্লাৰ সোঁৱৰণত প্ৰকাশিত “স্মৃতি মাথোঁ ৰ’ব সঞ্চয়” নামৰ সোঁৱৰণী গ্ৰন্থখন আজি উন্মোচন কৰা হয়। এই উপলক্ষে আজি মহানগৰীৰ হাতীগাঁওস্থিত মনীষা বিবাহ ভৱনত আয়োজিত এক মনোজ্ঞ অনুষ্ঠানত বিশিষ্ট চিন্তাবিদ, সমাজবিজ্ঞানী ড° শিৱনাথ বৰ্মনে গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে। সাংবাদিক আজিজুৰ ৰহমান শইকীয়াই আঁত ধৰা অনুষ্ঠানটিত ৰাজ্যখনৰ ভিন্ন ক্ষেত্ৰৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল। গ্ৰন্থখন সংকলন আৰু প্ৰকাশ কৰিছে চৈয়দা নুৰজাহানে। ১৯৪৩ চনত নাজিৰাত জন্মগ্ৰহণ কৰা আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ হাতীগাঁৱৰ স্থায়ী বাসিন্দা হৈ পৰা চৈয়দ মুহিবুল্লাৰ যোৱা ৩ মাৰ্চৰ পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। গুৱাহাটী পৌৰ নিগমৰ অধীক্ষক অভিযন্তা পদৰ পৰা অৱসৰ গ্ৰহণ কৰা চৈয়দ মুহিবুল্লা বিভিন্ন সামাজিক কামৰ সতে জড়িত থকাৰ লগতে সদায়ে দুৰ্গতজনৰ সহায়-সাৰথি ৰূপে পৰিচিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More