“সৰগম” ৰ প্ৰয়াত শিল্পীক স্মৰণ কৰি বাণ থিয়েটাৰত স্মৃতিকাতৰ হ’ল প্ৰবীণ নাট্যশিল্পী

অসম বুৰঞ্জীৰ বিশেষ চৰিত্ৰৰ গৱেষণাধৰ্মী নাটক "কুশল কোঁৱৰ" ৰ শুভ মহুৰত সম্পন্ন

0 11

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১২মে: তেজপুৰৰ নাটশিল্প ক্ষেত্ৰখনৰ প্ৰয়াত বহুকেইগৰাকী দক্ষ শিল্পীক স্মৰণ কৰি কালি সন্ধিয়া স্মৃতিকাতৰ হৈ পৰিল তেজপুৰৰ শিল্পকলাৰ সৈতে জড়িত বুজন সংখ্যক লোক। উল্লেখ্য যে, ১৯৭৭ – ৭৮ চনতে তেজপুৰত আধুনিক নাট্য আন্দোলনৰ এক বিশেষ ধাৰা সৃষ্টি কৰি গঢ়ি উঠা “সৰগম সাংস্কৃতিক গোষ্ঠী” ৰ সৈতে জড়িত থকা প্ৰয়াত সুজিত সিংহ, প্ৰণৱ বৰা, বিবেক বৰা, দিনেশ গোস্বামী, জীৱন বৰা, উদয় শংকৰ শইকীয়া, দিলীপ চৌধুৰী, সুৰেণ মহন্ত, কাৰ্তিক হাজৰিকাকে ধৰি একাংশ দক্ষ নাট্যশিল্পীৰ স্মৃতি সজীৱ কৰি ৰখাৰ উদ্দেশ্যে নিস্ক্ৰিয় হৈ পৰা “সৰগম” ক পুনৰুজ্জীৱিত কৰিবলৈ আগবাঢ়ি অহা “সৰগম” ৰ সৈতে জড়িত প্ৰবীণ অভিনেতা ভৱানী নাথ, দিলীপ বৰা, খনিন বৰা, হৰিদেৱ শৰ্মা, হাৰুণ ৰচিদ, মনোৰঞ্জন মহন্ত আদিয়ে সেইসকল নাট্যশিল্পীৰ উত্তৰ প্ৰজন্মক একত্ৰিত কৰি পুনৰুজ্জীৱিত কৰি তোলা “সৰগম” উদ্যোগতে কালি সন্ধিয়া নষ্টালজিক হৈ পৰিল সকলো।সদ্য গঠিত “সৰগম” ৰ নতুন সমিতিয়ে সেই শিল্পীসকলৰ সোঁৱৰণত অহা ১৫ আগষ্টত বাণ থিয়েটাৰত মঞ্চস্থ কৰিবলৈ লোৱা ভূপেন গোস্বামীৰ গৱেষণাধৰ্মী নাটক “কুশল কোঁৱৰ”ৰ শুভ মহুৰত উপলক্ষে আয়োজিত অনুষ্ঠানটিত সৰগমৰ সৈতে জড়িত থকা প্ৰায় সকলো শিল্পী, কলাকুশলীৰ লগতে একাংশ বিশিষ্ট ব্যক্তি সমবেত হয়। এই শুভ মহুৰত অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে “সৰগম” ৰ নতুন সমিতিৰ সভাপতি, প্ৰবীণ অভিনেতা ভৱানী নাথে। বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্য তথা সৰগমৰ নতুন সমিতিৰ কোষাধ্যক্ষ পংকজ বৰুৱাই আঁত ধৰা এই শুভ মহুৰত অনুষ্ঠানত কাৰ্যকৰী সভাপতি তথা নাটকখনৰ মুখ্য পৰিচালকৰ দায়িত্ব লাভ কৰা দিলীপ বৰা, বাণ থিয়েটাৰৰ উপসভাপতি ভৱানন্দ দাস, সৰগমৰ উপসভাপতি খনীন বৰা, বিশিষ্ট নাট্যকাৰ – পৰিচালক কৰুণা শইকীয়া, সৰগমৰ সম্পাদক ৰাজীৱ মহন্ত, অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, নাট্যশিল্পী তাজ হুছেইন, বাণ থিয়েটাৰৰ সম্পাদক হেমন্ত কুমাৰ শৰ্মা, সংগীতাধিকাৰ সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, প্ৰেক্ষাগৃহ পৰিচালক মনোৰঞ্জন মহন্ত, সেউজ কক্ষ পৰিচালক কিশোৰ শৰ্মা, প্ৰাক্তন ছাত্ৰ নেতা কাবুল শৰ্মা, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দেৱব্ৰত শৰ্মা, ভাওনা আৰু নাট্যশিল্পী প্ৰশান্ত বৰা, বিপ্লৱ শৰ্মা, অভিনেত্ৰী তথা বাণ থিয়েটাৰৰ কাৰ্যনিৰ্বাহক সদস্যা মৰমী শইকীয়া, অচ্যুত শৰ্মা, ৰণজিৎ শইকীয়া, বিশিষ্ট কবি, সাংস্কৃতিক কৰ্মী দিলীপ কুমাৰ কাকতি, অভিনেত্ৰী নিলাক্ষী বৰুৱাকে ধৰি বিশিষ্ট ব্যক্তিসকলে ধূপ প্ৰজ্বলন কৰে। অনুষ্ঠানটিত মাংগলিক পৰিৱেশত নাৰিকল ভাঙে সুদীৰ্ঘ সময় সৰগমৰ নাটকৰ সংগীত পৰিচালকৰ দায়িত্বত থকা বিশিষ্ট সংগীতশিল্পী তথা জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মাই । ইয়াৰ পিছতেই ভৱানী নাথৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত লিখন শৰ্মাই প্ৰয়াত সুজিত সিংহৰ পিছত তেওঁ সংগীত পৰিচালনা কৰা নাটক সমূহৰ প্ৰসংগ উল্লেখ কৰি তাহানিৰ সৰগমৰ উদ্যোগৰ বিভিন্ন দিশ সদৰী কৰে। অনুষ্ঠানটিত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়াই নতুন অনুষ্ঠান এটাৰ কথা নেভাবি তাহানিতেই তেজপুৰৰ পৰা আধুনিক নাট্য আন্দোলনক গতিশীলতা প্ৰদান কৰা অনুষ্ঠানটিক পুনৰুজ্জীৱিত কৰা প্ৰয়াসৰ শলাগ লয়। অনুষ্ঠানটিত সৰগমৰ সৈতে প্ৰতিষ্ঠা লগ্নৰে সৈতে জড়িত থকা খনিন বৰা, সৰগমৰ বিজয় ডংকাকে ধৰি বহুকেইখন নাটকত অভিনয় কৰা ভোলা কলিতা বঁটা প্ৰাপক কৰুণা শইকীয়া আদিয়ে ভাষণ প্ৰদান কৰি স্মৃতিকাতৰ হৈ পৰে। অনুষ্ঠানটিত নিতুমণি কলিতাৰ সহ পৰিচালনাত “কুশল কোঁৱৰ” নাটকখনত অভিনয় কৰিব লগা জনপ্ৰিয় অভিনেতা তিলক নাথে এটি সংলাপ পৰিৱেশন কৰি জীপাল কৰি তোলে। উল্লেখ্য যে সৰগমক পুনৰ জীপাল কৰি ৰাখিবলৈ জড়িত কৰোৱা প্ৰয়াত নাট্যশিল্পীৰ কেবাগৰাকীও উত্তৰ প্ৰজন্ম ক্ৰমে অভিনয়া বৰা, ধৃতিমান বৰা, ঈশান বৰা, বিজয় শংকৰ শইকীয়াৰ লগতে একাংশক পৰিচয় কৰি দিয়া অনুষ্ঠানটিত সভাপতিৰ আসনৰ পৰা চাৰিকুৰি গৰকাৰ পথত থকা প্ৰবীণ অভিনেতা ভৱানী নাথে “সৰগম” সদায় জীয়াই থাকিব লাগিব বুলি কৈ সেইসময়ৰ স্মৃতি ৰোমন্থন কৰি একপ্ৰকাৰ আবেগিক হৈ পৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More