সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ ৰাষ্ট্ৰীয় পৰিষদৰ সভালৈ অসমৰ ১৫ জনীয়া সাংবাদিকৰ দল ৰাওনা

২৩-২৪ ছেপ্টেম্বৰত হায়দৰাবাদত ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভা

0 53

গুৱাহাটী, ২২ ছেপ্টেম্বৰ : সৰ্বভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ (ইণ্ডিয়ান ফেডাৰেচন অৱ ৱৰ্কিং জাৰ্নেলিষ্ট) ৭৪ সংখ্যক ৰাষ্ট্ৰীয় পৰিষদৰ সভাখন অহা ২৩ আৰু ২৪ ছেপ্টেম্বৰত তেলেঙ্গনা ৰাজ্যৰ হাইদৰাবাদত অনুষ্ঠিত হব। তেলেঙ্গনা জাৰ্নেলিষ্ট ইউনিয়নৰ আহবান মৰ্মে দুদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া সভাখনত দেশৰ প্ৰতিখন ৰাজ্যৰ সভাপতি সম্পাদক সকলৰ লগতে ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সকলে অংশগ্ৰহণ কৰিব। কেন্দ্ৰীয় সভাপতি বি ভি মল্লিকাৰজুনাইয়ে আৰু জ্যেষ্ঠ উপ-সভাপতি হেমন্ত তিৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত হবলগীয়া সভাত সংসদে নতুনকৈ প্ৰণয়ন কৰা আৰু ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সন্মতি দিয়া শ্ৰম সংহিতাৰ ওপৰত বিতং আলোচনা কৰা হব বুলি জানিব পৰা গৈছে । তদুপৰি প্ৰিন্ট, ইলেকট্ৰনিক, ইউটিউৱ আৰু ৱেব পৰ্টেলকে ধৰি মিডিয়া কাউঞ্চিলৰ ওপৰত আলোচনা কৰা হব। আইএফডব্লিউজেৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পৰমানন্দ পাণ্ডে জনোৱা মতে সমগ্ৰ দেশৰে সাংবাদিকৰ সুৰক্ষা, দা-দৰমহাৰ বিষয়ে আলোচনাৰ লগতে সভাপতিৰ অনুমতি সাপেক্ষে আন আন বিষয়তো আলোচনা কৰিব পাৰিব। উক্ত অধিৱেশনলৈ অসম বাৰ্তাজীৱী সংঘৰ সভাপতি টুটুমণি ফুকন, সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মা আৰু ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য মধুসূদন মেধিৰ নেতৃত্বত ১৫ জনীয়া প্ৰতিনিধি দল এটি আজি ৰাওনা হৈছে। অসমৰ প্ৰতিনিধি দলটিত সভাপতি সাধাৰণ সম্পাদকৰ উপৰি সাংগঠনিক সম্পাদক কিশোৰ জ্যোতি শৰ্মা, ৰাজ্যিক কাৰ্যনিৰ্বাহক জগদীশ পাটগিৰি, প্ৰাগ নিউজৰ জ্যেষ্ঠ সাংবাদিক নৱনীতা কলিতা, কমল তালুকদাৰ, লগতে ওদালগুৰি জিলাৰ সভাপতি অখিল কলিতা, সম্পাদক মোছাদ্দিক হুচেইন, ডিব্ৰুগড় জিলাৰ সভাপতি অমৰজ্যোতি আৰন্ধৰা, কামৰূপ জিলাৰ কাৰ্যকৰী সভাপতি লক্ষী ডেকাসহ জ্যোতি প্ৰসাদ ডেকা, কৃপাঞ্জল ডেকা, অভিজিৎ দাস আদি আছে । অসমৰ প্ৰতিনিধি সকলে ৰাজ্যখনৰ সাংবাদিকৰ সুৰক্ষা আৰু অধিকাৰ সম্পৰ্কীয় কেইবাটাও বিষয় উক্ত সভাত উথাপন কৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More