সৰ্বানন্দৰ পৰা হিমন্ত চৰকাৰলৈকে ২৫৫ কোটি টকাৰ ঠগ খাইছে ৰাজ্যৰ সুলভ মূল্যৰ দোকানীয়ে

আগষ্টৰ পৰা বিনামূলীয়া চাউল বিতৰণ নহবও পাৰে

0 286
  • বিনামূলীয়া চাউল বিলাই পেটত গামোচা মাৰিব লগা হৈছে ৰাজ্যৰ ৩৩,১৬৭ জন দোকানী
    শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ লখিমপুৰ, ২৪ জুনঃ ৰাজ্যত বিনামূলীয়া চাউল বিতৰণ কৰি সুলভ মূল্যৰ দোকানীসকলে নিজে পেটত গামোচা বান্ধিব লগীয়া হৈছে৷ ৰাজ্য চৰকাৰৰ এই হঠকাৰী আৰু নিৰ্মম আচৰণৰ বলি হৈছে সমগ্ৰ অসমৰ ৩৩,১৬৭ জন সুলভ মূল্যৰ দোকানী। কভিড কালতো সেৱা আগবঢ়াই অহা এই সুলভ মূল্যৰ দোকানীসকলে এতিয়া পেটত গামোচা মাৰি পৰিয়াল পোহপাল দিব লগাৰ দৰে লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে পূৰ্বৰ সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৷ সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে সুলভ মূল্যৰ দোকানীসকলে চৰকাৰৰ পৰা পাবলৈ থকা পূৰ্বৰ ৪০ মাহৰ বকেয়া ২৩২ কোটি টকা আৰু বৰ্তমানৰ ৫ মাহৰ ২৩ কোটি টকা সহ মুঠ ২৫৫ কোটি টকা এই দুৰ্ভগীয়া দোকানীসকলক আদায় দিয়াৰ দাবী উঠিছে৷ সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰা, মুখপাত্ৰ গুঞ্জ ন কুমাৰ বৰা, উপ-সভাপতিদ্বয় সদানন্দ ৰেগন, মুহিকান্ত গগৈয়ে আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা এখন সংবাদমেলত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে কৰি অহা দীৰ্ঘদিনীয়া বঞ্চনাৰ বিৰুদ্ধে ক্ষোভ উজাৰে৷ সংবাদমেলখনত সন্থাৰ বিষয়ববীয়াসকলে কয় যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২০১৫ চনত ডিচেম্বৰ মাহৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ পিএমজিকেএৱাই আঁচনিৰ বিনামূলীয়া চাউল হিতাধিকাৰীসকলক এই পৰ্যন্ত ৰাজ্যৰ ৩৩ হাজাৰ ১৬৭ গৰাকী সুলভ মূল্যৰ দোকানীয়ে নিয়াৰিকৈ বিতৰণ কৰি অহাৰ পিছতো ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা চলিত বৰ্ষৰ জুন মাহ পৰ্যন্ত ৫ মাহৰ চাউল বিতৰণ কৰা সুলভ মূল্যৰ দোকানীসকল প্ৰাপ্য কমিচনৰ পৰা বঞ্চিত হৈ অহাত এই দোকানীসমূহৰ পৰিয়ালসমূহৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ ৰাজ্যখনৰ ৬৬ লাখ ২৭ হাজাৰ ৮৮১ টা ৰেচন কাৰ্ডধাৰী পৰিয়ালৰ ২, ৩১, ৫৪, ৩৯৬ গৰাকী হিতাধিকাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিয়া বিনামূলীয়া চাউল প্ৰতিমাহে ৰাজ্যখনত ১, ২৭, ৮১৩.৭১ মেট্ৰিকটন চাউল ইপিঅ’এছ মেচিনৰ জৰিয়তে সফল ভাৱে বিতৰণ কৰি অহাৰ পিছতো চৰকাৰে এই দোকানীসকলক চলিত বছৰত ৫ মাহৰ প্ৰাপ্য মাননি দিয়াত কৃপণালি কৰি আহিছে৷ ইয়াৰ পূৰ্বেও সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ২০১৯ চনৰ মাৰ্চ মাহ পৰ্যন্ত ৪০ মাহৰ বকেয়া ধন আজি পৰ্যন্ত দোকানীসকলে লাভ কৰিবলৈ সক্ষম নহ’ল বুলি সন্থাই ক্ষোভ প্ৰকাশ কৰে৷ অহা ১৫ জুলাইৰ ভিতৰত যদি চৰকাৰে এই প্ৰাপ্য ধন আদায় নিদিয়ে তেনেহ’লে প্ৰথমে তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে সন্থাই আন্দোলনত নমাৰ উপৰি ৰাজ্যত আগষ্ট মাহৰ পৰা বিনামূলীয়া চাউল বিতৰণ কৰা নহ’ব পাৰে বুলি আজিৰ সংবাদমেলত চৰকাৰক হুংকাৰ দিয়ে৷ প্ৰয়োজন সাপেক্ষে সন্থাই আইনৰ কাষ চাপিবলৈ বাধ্য হ’ব বুলিও কয়৷ উল্লেখ্য যে প্ৰতি কিলোগ্ৰাম চাউল হিতাধিকাৰীক বিতৰণ কৰাৰ নামত দোকানীসকলে ১.৮০ টকাকৈ লাভ কৰে যদিও সেই ধন আদায় দিবলৈ চৰকাৰে সক্ষম নোহোৱাত সন্থাই গভীৰ উদ্বেগ প্ৰকাশ কৰে৷ কৰণা মহামাৰীৰ সময়তো চানাডালি বিতৰণ কৰা দোকানীয়ে এই পৰ্যন্ত সেই ধন লাভ নকৰিলে বুলিও সন্থাই সংবাদমেলত ক্ষোভ উজাৰে৷ সেয়েহে মুখ্যমন্ত্ৰীক শীঘ্ৰে সদৌ অসম সুলভ মূল্যৰ দোকানীসকলক প্ৰাপ্য মাননি আদায় দিবলৈ সন্থাই দাবী জনায়৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More