হত্যাকাৰী ডাক্তৰ
ডাঃ সুৰজিৎ গিৰি
“বাপু হব পাৰা তুমি ডাঙৰ ডাক্তৰ।কিন্তু তুমি এজন হত্যাকাৰী।হত্যাকাৰী ডাক্তৰ।”
প্ৰায় ৭৫ বছৰীয়া ককাৰ বাক্য বানত নাৰ্ছ, টেকনিছিয়ান,মনিটৰৰ শব্দৰে গুণগুণাই থকা প্ৰগতি হস্পিটেলৰ ICUটো কাহ পৰি জিন যায়।বিচনাত আইতাৰ নিথৰ দেহ।বিচনাখনৰ এটা পাৰে মই কিংকৰ্ত্যববিমূঢ় হৈ ককাৰ ওচৰত থিয় হৈ আছিলোঁ।ককাৰ চকুলৈ চাব নোৱাৰিলোঁ। চকুৱেও যেন ক্ষোভ উজাৰিছে।তল মূৰ কৰি শুনি থাকিলো।
এজন সংজ্ঞাহাৰক বিশেষজ্ঞ হোৱাৰ পাছত ICU ট্ৰেইনিং লৈ প্ৰগতি হস্পিটেলত ২০০৭ বর্ষত এখন ICU আৰম্ভ কৰা হৈছিল।অতি জটিল আৰু বিভিন্ন মৃত্যুপ্ৰায় ৰোগীৰ ভেন্টিলেচন (কৃত্ৰিম শ্বাস-প্ৰশ্বাস)আদি প্ৰয়োগ কৰি ৰোগীসকল আৰোগ্য হব আৰম্ভ কৰিছিল।ভেন্টিলেচনৰ আশাপ্ৰদ ফলাফলত আমি উৎফুল্লিত হৈছিলোঁ।দিনে দিনে আত্মবিশ্বাস বাঢ়ি গৈছিল।যেনেকুৱা ৰোগীয়েই নহওঁক, ফলাফল ভাল আছিল।আত্মবিশ্বাসৰ লগতে সম্ভৱ অভিমানো বাঢ়ি গৈছিল।বেলেগ এটা উন্মাদনা।উন্মাদনা ময়েই সৰ্বোচ্চ মনোভাৱ।
ICU ত ৰোগীক কৃত্ৰিম শ্বাস প্ৰশ্বাস(ভেন্টিলেছন) আদিৰ ব্যৱস্থা কৰাৰ সময়ত, ৰোগীৰ আত্মীয়ক আমি কথাখিনি বুজাই ICU ৰ বাহিৰলৈ যাবলৈ কোৱা হয়।ৰোগীৰ আত্মীয়ৰ সন্মুখত শ্বাস নলীত পাইপ ভৰোৱা (endotraceal intubation) আদি কাম কৰা নহয়।
২০০৯-২০১০ বর্ষ মানৰ কথা।আবেলি ৫ মান বজাত এগৰাকী প্ৰায় ৭০ বছৰীয়া আইতাৰ হঠাৎ ৰক্তচাপ বাঢ়ি উশাহ লবলৈ অসুবিধা হোৱাৰ কাৰণে তৎক্ষণাত তেওঁলোক প্ৰগতি হস্পিটেলৰ ICU ত উপস্থিত হয়।কৰ্তব্যৰত চিকিৎসকে চাই হাৰ্ট এটেক হোৱাৰ কথা ECGত প্রত্যক্ষ কৰে।মই যেতিয়া আইতাক পৰীক্ষা কৰোঁ, তেওঁৰ অত্যন্ত উশাহ লব অসুবিধা হৈছিল, লগতে হাওফাঁওত পানী জমা হৈছিল।আইতাৰ লৰা দুজনক ICU ৰ ভিতৰলৈ মাতি আনি আইতাৰ সংকটজনক অৱস্থাৰ কথা বুজাই ভেন্টিলেচনৰ ব্যৱস্থা কৰোঁ।বাচিবও পাৰে মৃত্যুও হব পাৰে।কিন্তু আমি এঘড়ী যুজঁ দিয়াৰ কথা চিন্তা কৰোঁ।
ভেন্টিলেচনৰ যা যোগাৰ কৰি থাকোতে এজন ৭৫ বছৰীয়া ককা ICU লৈ সোমাই আহিব বিচাৰিছিল।তেওঁ আইতাৰ স্বামী আছিল।ঘৰৰ পৰা আলহী খাবলৈ ৰাতিপুৱাই ওলাই গৈছিল।আইতাৰ সংকটজনক অৱস্থাৰ কথা গম পাই আলহী খাই বাহিৰে বাহিৰে সৰু পুত্ৰৰ লগত ব্যক্তিগত বাহনতে প্ৰগতি ICU লৈ আহে।আইতাক মাত এষাৰ দিয়াৰ মানসেৰে ICU ৰ ভিতৰলৈ আহিব বিচাৰিছিল।কিন্তু মই বাধা দিলোঁ।লগ কৰিব নিদিলোঁ।মনে মনে ভাবিলো, ভেন্টিলেচনৰ কামবোৰ কৰি লওঁ।মনে মনে ভাবিলো,আইতাৰ ভাল হবই, কাৰণ এনে বহু ৰোগী আগতে সম্পূৰ্ণ সুস্থ হৈছিল।সুস্থ হোৱাৰ পাছত তেওঁ আইতাৰ লগত কথা পাতিব।প্ৰবল আত্মবিশ্বাসত মই যেন মতলীয়া হৈ আছিলোঁ।
সকলো দৰৱ পাতি, ভেন্টিলেচন আদি দিয়াৰ পাছত আইতা কিছু সুস্থিৰ হৈছিল।ঘৰৰ আত্মীয়ক ICU ৰ ভিতৰলৈ মাতি আনি কলো,
“এতিয়ালৈকে ভালেই দেখিছোঁ।”
কিন্তু সকলোকে আচৰিত কৰি প্ৰায় ডেৰ ঘণ্টা মানৰ পাছত আইতাৰ দ্ৰুত অৱনতি ঘটে।সম্ভৱ হাৰ্ট এটেকটো তীব্রতৰ হৈছিল আৰু আমাৰ অশেষ নেৰা নেপেৰা চেষ্টাৰ পাছতো,আইতাই শেষ নিশ্বাস ত্যাগ কৰিছিল।প্ৰটকল মতে দৰৱ,আধুনিক মেডিকেল ব্যৱস্থা আদি কৰাৰ পাছতো আমি পৰাজয় হৈছিলোঁ।প্ৰথমবাৰৰ বাবে ভাবিবলৈ বাধ্য হৈছিলোঁ,কোনোবা অদৃশ্য শক্তি আছে,যাৰ আগত আমাৰ সকলো প্ৰচেষ্টাৰ একো মূল্য নাই।যি কি নহওঁক,আইতাৰ লৰা কেইজনক ICU ৰ ভিতৰলৈ মাতি আনি গোটেই কথাবোৰ বুজাই মৃত্যুৰ প্ৰমাণ পত্ৰ লিখিবলৈ আৰম্ভ কৰোঁ।যাৱতীয় কামখিনি কৰি ICU ৰপৰা ওলাব লওঁতেই আইতাৰ স্বামীয়ে(ককা) মোক লগ কৰাৰ কথা কয়।মই তেখেতক ICUৰ ভিতৰলৈ আহিবলৈ কওঁ।
ককা ভিতৰলৈ আহি আইতা থকা বিচনালৈ যায়।আইতাৰ শৰীৰ ঢাকি থোৱা বগা কাপোৰখন আঁতৰাই অলপ দেৰি থৰ লাগি চাই থাকে আৰু কোনোবা পাকত আইতাৰ নিথৰ দেহটো সাৱটি ফেঁকুৰি উঠে।
মই ককাক সান্ত্বনা দিবলৈ তেওঁৰ ওচৰত থিয় দি বুজাবলৈ চেষ্টা কৰিলোঁ।কিন্তু মোক আচৰিত কৰি ককাই থুকা থুকি মাতেৰে কবলৈ আৰম্ভ কৰে,
“বাপু হব পাৰা তুমি ডাঙৰ ডাক্তৰ।কিন্তু তুমি এজন হত্যাকাৰী।হত্যাকাৰী ডাক্তৰ।বুঢ়ীৰ বয়স হৈছে।হাৰ্ট এটেক হৈছে,মই বুজি পাইছে।তুমিও বুঢ়ীক জীৱন দান দিবলৈ অশেষ চেষ্টা কৰিলা, সেয়াও মই বুজি পাইছো।জন্ম হলে,মানুহৰ মৃত্যু হবই।মই জানিছিলোঁ,বুঢ়ীৰ এইয়া শেষ পৰ্যায়।ৰাতিপুৱাতে মই বুঢ়ীক লগ পোৱা।বুঢ়ীক মই মাত্ৰ শেষ মাত এষাৰ দিব আহিছিলোঁ,কিন্তু তুমি বাধা দিলা।শেষ সময়খিনি মই বুঢ়ীৰ ওচৰত থাকিব বিচাৰিছিলোঁ,কিন্তু তুমি মোক ICUত সোমাবলৈ নিদিলা।তুমি এজন হত্যাকাৰী।হত্যাকাৰীয়ে যেনেদৰে আমাৰ আপোনজনক আমাৰ মাজৰপৰা অকস্মিকভাব আমাৰ পৰা কাঢ়ি লৈ যায় আৰু যেনেদৰে তেওঁৰ লগত আপোন মানুহৰ শেষ সাক্ষাৎ নহয়,তুমিও সেয়াই কৰিলা।সেইবাবে তুমি মোৰ কাৰণে এজন হত্যাকাৰী।মানৱীয় অনুভূতি, প্ৰমূল্যবোধৰ তুমি হত্যাকাৰী।জীৱিত অৱস্থাত মোক এবাৰ বুঢ়ীয়ে দেখা পোৱা হেঁতেন তেওঁৰ লগতে মইও শান্তি পালোঁহেঁতেন।কিন্তু তুমি সেয়া হবলৈ নিদিলা।সেই নোপোৱা শান্তিৰ তুমি হত্যাকাৰী।”
থুকা থুকি মাত অথচ গহীন গম্ভীৰ মাতেৰে ককাই কথাখিনি কৈ গল আৰু লাহে লাহে ICU ৰ বাহিৰলৈ ওলাই গল।মই মাত্ৰ তলমূৰ কৰি শুনি আছিলোঁ।কিছু সময়ৰ বাবে ময়ো ঠাইতে থিয় হৈ থাকিলোঁ।
ককাৰ বাক্য বানে মোক অতিকৈ মৰ্মাহত কৰিছিল।ককাই মোক দুই থাপৰ দিয়া হেঁতেন, দুদিন বেয়া লাগিল হেঁতেন, তৃতীয় দিনা পাহৰি গলো হেঁতেন।কিন্তু বহু দিনলৈ মোৰ কাণত “বাপু তুমি হত্যাকাৰী ডাক্তৰ” বাজি থাকিল।”প্ৰথম বাৰৰ বাবে এষাৰি বাক্যৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ অনুভৱ কৰিলো।
সেই তেতিয়া পেছাদাৰী চিকিৎসকৰ দৌৰত মই যেন মানৱীয় অনুভূতিবোৰ পাহৰি গৈছিলোঁ।ICU ত সঘনাই জীৱ- মৃত্যুবোৰ দেখি দেখি মোৰ বাবে জীৱন-মৃত্যু সাধাৰণ কথা হৈছিল।কিন্তু ৰোগী এজন যে আবেগ-অনুভূতি জড়িত কৰোবৰ এজনৰ স্ত্ৰী, মাক,ভাইটি, পুত্ৰ বা স্বামী হব পাৰে,আত্মীয়ৰ বাবে যে ৰোগীজন ৰোগী নহয়,সেইয়া যেন মই পাহৰি গৈছিলোঁ।পেছাদাৰী চিকিৎসকৰ দৌৰত যেন মই মানৱীয় প্ৰমূল্যবোধবোৰ পাহৰি গৈছিলোঁ।
ৰোগীক স্পৰ্শ চিকিৎসা, ৰোগী আৰু আত্মীয়ৰ লগত কেনেদৰে সংযোগ স্থাপন কৰিব লাগে,কথা পাতিব লাগে,কেনেদৰে “ভাল শুনাৰো” (good listener) হৈ ৰোগী বা আত্মীয়ৰ লগত সংযোগ স্থাপন কৰিব লাগে,সেইবোৰ MBBS বা এনেছঠেছিয়াৰ পাঠ্যক্ৰমত শিকোৱা হোৱা নাছিল।ককাৰ বাক্য বানৰ বাবে মই নিজকে আকৌ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিলোঁ।
মানৱীয় অনুভূতিবোৰৰো এটা পাঠ্যক্ৰম আছে।সেয়া শিকিবলৈ কেৰালাৰ কেলিকাট চহৰত ১০ দিন,দিল্লীৰ AIIMS হস্পিটেলত ১০ দিন,গুৱাহাটীৰ দীনেশ গোস্বামী ছাৰৰ লগত ১০ দিন আৰু সৰ্ব শেষত ভাৰত বৰ্ষৰ পেলিয়েটিভ চিকিৎসাৰ জনক পদ্মশ্ৰী ৰাজগোপাল ছাৰৰ ওচৰত ৩ মাহ (online) বিষয়টোত পঢ়ি বুজি নিজকে আকৌ আৱিষ্কাৰ কৰোঁ।এই পাঠ্যক্ৰম পঢ়ি গোটেই চিন্তাধাৰাবোৰ যিমান পাৰো সিমান পৰিৱৰ্তন কৰিব চেষ্টা কৰোঁ।
যিকোনো ৰোগীক কৃত্ৰিম শ্বাস প্রশ্বাস দিব লগত পৰিলে, ৰোগীক আমি এনেচঠেছিয়া প্ৰয়োগ কৰি অজ্ঞান কৰা হয়।ককাৰ ঘটনাটোৰ পাছত আজিকালি মই ভেন্টিলেছচন দিয়াৰ আগতে ৰোগীক আত্মীয় আদিৰ লগত কথা পাতিব দিওঁ।কোনে জানে সেয়া শেষ কথোপকথনো হব পাৰে।ৰোগীৰ শেষ মুহূৰ্তত আত্মীয়ই যদি ৰোগীৰ কাণে কাণে নাম বা নামাজ পঢ়াব বিচাৰে,আজিকালি পঢ়িব দিওঁ।
চলিত বৰ্ষৰ ৬ জানুৱাৰী তাৰিখে ‘পেলিয়েটিভ কেয়াৰ’ আৰম্ভ কৰিবলৈ গুৱাহাটীৰ পৰা অনুমতি পত্ৰখন পোৱাৰ পাছত বাৰে বাৰে সেই ককা আৰু আইতাইলৈ মনত পৰিল।
আজিকালি “বাপু তুমি হত্যাকাৰী ডাক্তৰ” কাণত বাজি নাথাকে।মানৱীয়তাৰ শিক্ষা দিয়া সেই ককাজনক এই মুহূৰ্তত শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।