হাইমাদ্ৰাছাৰ ফলাফল:শীৰ্ষ স্থানৰে উজলিল তেজপুৰৰ আল কাউচাৰ একাডেমিৰ মুফাছিৰ

0 17

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭জুন: আজি ঘোষিত ২০২২ৰ হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল অনুসৰি তেজপুৰৰ মুফাছিৰ আল হাছানে ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান অৰ্জন কৰিছে।সকলো বিষয়তে লেটাৰ নম্বৰ সহ মুফাছিৰে লাভ কৰিছে মুঠ ৫৫৬নম্বৰ।মুফাছিৰে অসমীয়াত ৮৭, ইংৰাজীত ৯৩, গণিতত ৯৩, বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৯৮ আৰু আৰবিকত ৯৩ নম্বৰ লাভ কৰে। তেজপুৰৰ ভোজখোৱা চাপৰিস্থিত ব্যক্তিগত খণ্ডৰ অসমীয়া মাধ্যমৰ বিদ্যালয় আল-কাউচাৰ মডেল একাডেমীৰ ছাত্ৰ মুফাছিৰ।উল্লেখযোগ্য যে,২০০১ত তেজপুৰৰ এক ভিতৰুৱা অঞ্চল ভোজখোৱা চাপৰিত স্থাপন কৰা আল-কাউচাৰ একাডেমিৰ পৰা ২০১৩টো হাইমাদ্ৰাছা পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছিল। আজি দ্বিতীয়বাৰলৈ প্ৰথম স্থান প্ৰাপ্তিত বিদ্যালয়খনত এক আনন্দময় পৰিৱেশে বিৰাজ কৰে।তেজপুৰ ভোজখোৱাৰ বাসিন্দা তথা ক্ষুদ্ৰ ব্যৱসায়ী জাকিৰ হুছেইন আৰু মুৰ্চিদা বেগমৰ জ্যেষ্ঠ পুত্ৰ মুফাছিৰৰ সফলতাত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলোৱাৰ হুছেইন প্ৰমুখ্যে বিদ্যালয়ৰ শিক্ষক, ছাত্ৰছাত্ৰী সকলোৰে মাজত আনন্দই বিৰাজ কৰে।আনহাতে শীৰ্ষ স্থান অৰ্জন কৰা মুফাছিৰে কয় যে সৰুৰে পৰাই তেওঁ এক লক্ষ্য লৈয়ে পঢ়িছিল আৰু ২০১৩ত মাদ্ৰাছাখনৰ ফলাফলে তেওঁক যথেষ্ট উৎসাহিত কৰিছিল।তেওঁ ইংৰাজী আৰু গণিতত ঘৰুৱা শিক্ষকৰ সহায় লোৱাৰ লগতে দৈনিক ১১-১২ ঘন্টাকৈ নিয়মিতভাৱে পঢ়া বুলি কয়। মুফাছিৰে ক্ৰিকেট খেলি ভালপোৱাৰ লগতে সংগীততো বিশেষ ধাউতি আছে।বিদ্যালয়ৰ অনুষ্ঠানতো গান গোৱা মেধাবী ছাত্ৰজনে সৰুৰে পৰাই মহাকাশ বিজ্ঞানী হোৱাৰ আশা পুহি ৰখাৰ কথা দোহাৰি লগতে কয় যে,তেওঁ বৰ্তমান আজমল ফাউণ্ডেচনত বিজ্ঞান শাখাত নামভৰ্তি কৰিব।প্ৰধান শিক্ষক মহম্মদ দিলোৱাৰ হুছেইনে মুফাছিৰক আৰম্ভণিৰ পৰাই উৎসাহ যোগাই আহিছিল বুলি উল্লেখ কৰি মাদ্ৰাছাখনৰ শিক্ষক শিক্ষয়িত্ৰী সকলেও তেওঁক সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই অহা বুলি প্ৰকাশ কৰে।আনহাতে মেধাবী মুফাছিৰৰ উৎফুল্লিত মাতৃয়ে কয় যে তেওঁৰ দুই পুত্ৰৰ ভিতৰত জ্যেষ্ঠ মুফাছিৰৰ মেধা শক্তিৰ ওপৰত তেওঁৰ বিশ্বাস আছিল আৰু সেয়ে তেওঁ পুত্ৰৰ ফলাফলকলৈ পূৰ্বৰে পৰাই যথেষ্ট আাশা কৰিছিল। তেওঁৰ পুত্ৰই এনে সাফল্য লাভ কৰিব বুলি তেওঁ আশা কৰিছিল। আনহাতে,বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কয় যে এক ভিতৰুৱা অঞ্চলত স্থাপিত আৰু অৰ্থনৈতিক ভাবে প্ৰত্যাহ্বান থকা পৰিয়ালৰে ল’ৰা-ছোৱালীয়ে অধ্যয়ন কৰা মাদ্ৰাছাখনত নিয়মানুৱৰ্তিতা আৰু শিক্ষাদানত যথেষ্ট পৰিশ্ৰম কৰে শিক্ষকসকলে।৩৫জন শিক্ষক শিক্ষয়িত্ৰীৰ বিপৰীতে ৮৩৫জন ছাত্ৰছাত্ৰী থকা মাদ্ৰাছাখনত সম্প্ৰতি ইংৰাজী মাধ্যমো পৃথকে আৰম্ভ কৰা হৈছে।হাইমাদ্ৰাছাৰ শিক্ষা আৰু আন বিদ্যালয়ৰ শিক্ষাৰ মাজত কোনো পাৰ্থক্য নাই বুলিও তেওঁ প্ৰকাশ কৰে।মুফাছিৰৰ এনে সাফল্যৰ বিষয়ে জানিব পাৰি ইয়াত উপস্থিত হৈ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সাফল্য লাভ কৰা ছাত্ৰজনক অভিনন্দন জনায়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More