হাতত কাঁহী-বাতি লৈ লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাৰ উত্তাল প্ৰতিবাদ

বকেয়া-মাননি প্ৰদানৰ দাবী ঃ জুন মাহত তলা বন্ধ কৰাৰ হুংকাৰ

0 40

WhatsApp Image 2023 05 04 at 7.53.36 PM 1শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ৪ মে’ ঃ হাতত কাঁহী বাতি লৈ আজি লখিমপুৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমস্ত বকেয়া ধন আদায় দিয়া, প্ৰতিমাহে প্ৰথম সপ্তাহৰ ভিতৰত মাহৰ মাননি নিয়মীয়া কৰা, বছৰটোৰ প্ৰতিমাহে [সৰ্বমুঠ ১২ মাহ] মাননি প্ৰদানৰ ব্যৱস্থা কৰাৰ দাবীত আজি কেবা সহস্ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে উত্তৰ লখিমপুৰ নগৰ কঁপাই তোলো৷ লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় তথা জিলা সৰ্বশিক্ষা অভিযান মিচনৰ কাৰ্যালয় ঘেৰাও কৰি ৰান্ধনীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হাতে হাতে কাঁহী বাতি লৈ চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাত লখিমপুৰ নগৰত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷ দিনৰ ১১ বজাত সৰ্বশিক্ষা কাৰ্যালয়ত প্ৰতিকূল বতৰক নেওচি ৰান্ধনীসকলে প্ৰতিবাদ জনোৱাৰ পিছত জিলা উপায়ুক্ত কাৰ্যালয়ৰ এগৰাকী দণ্ডাধীশে ৰান্ধনীসকলৰ পৰা এখন স্মাৰক পত্ৰ গ্ৰহণ কৰে৷ ৰান্ধনী সন্থাই হুংকাৰ দিয়ে যে যদি মে মাহৰ ভিতৰত ৰান্ধনীসকলৰ উক্ত দাবীসমূহ পূৰণ নকৰে তেনেহলে জুন মাহত প্ৰতিখন বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী গৃহত তেওঁলোকে তলা বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব৷ আজি ৰান্ধনী সন্থাৰ সভানেত্ৰী জয়নবা খাটুন আৰু সম্পাদিকা মায়াৱতী পায়েঙৰ নেতৃত্বত এনেদৰে হাজাৰ হাজাৰ ৰান্ধনীয়ে বিদ্যালয় এৰি প্ৰতিবাদৰ উদ্দেশ্যে সৰ্বশিক্ষা কাৰ্যালয়ত উপস্থিত হয়৷ লক্ষণীয় কথা যে ৰান্ধনীসকলে অভিযোগ কৰে যে বিদ্যালয়ত ৰান্ধনীসকলে ৫-৬ ঘণ্টা কাম কৰি কেৱল শিক্ষাৰ্থীসকলক আহাৰ যোগান ধৰাই নহয় তেওঁলোকে বিদ্যালয়ত চকীদাৰ, পিয়ন, চাফাই কৰ্মী আদিৰ কামো কৰিব লাগে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More