হাৱাজানত কৃষকক পাৱাৰ গ্ৰীডৰ প্ৰৱঞ্চনা

 প্ৰাপ্য আদায়ৰ দাবীত ন্যায়ালয়ৰ দ্বাৰস্থ বঞ্চিত কৃষক

0 11

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ২৫ মে’ ঃ এন এইচ পি চিৰ পৰা বিদ্যুৎ সৰবৰাহৰ বাবে পাৱাৰ গ্ৰীডে যি বিদ্যুৎ লাইন স্থাপনৰ দায়িত্ব লৈছে তেনে লাইন স্থাপনৰ নামত এতিয়া পাৱাৰ গ্ৰীডে একাংশ লোকক প্ৰৱঞ্চনা কৰি আহিছে৷ এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ পূৱ প্ৰান্তৰ তথা গহপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাৱাজান খাৰৈগুৰিত পাৱাৰ গ্ৰীডে এজন কৃষকক প্ৰৱঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ পাৱাৰ গ্ৰীডে কৃষকজনক দিব লগা ধন আদায় নিদিয়াত এতিয়া হাৱাজান খাৰৈগুৰিৰ তোষেশ্বৰ ভূঞাই ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সংকল্প গ্ৰহণ কৰিছে৷ উল্লেখ্য যে ভূঞাৰ কৃষিভূমিৰ ওপৰেৰে তথা তেওঁৰ ১৯০ নং ম্যাদী পট্টা, দাগ নং ১৫০০ ভূমিৰ ওপৰেৰে পাৱাৰ গ্ৰীডৰ ৮৪ বি ৰ এটা খুটা স্থাপন কৰাৰ লগতে ভূঞাৰ মাটিৰ ওপৰেৰে তাঁৰ টানি নিয়ে৷ ভূঞাৰ নিজা মাটিত থকা এখন ব্ৰয়লাৰ ফাৰ্মৰ ওপৰেৰে আৰু বাৰীত থকা গছ-গছনি পথাৰ নষ্ট কৰি পাৱাৰ গ্ৰীডে খুটা আৰু তাঁৰ টনাৰ পিছত পাৱাৰ গ্ৰীডে দুৰ্ভগীয়া কৃষকজনক খুটা স্থাপনৰ অংশৰ বাদে কৃষিভূমিৰ ওপৰেৰে যোৱা তাঁৰৰ বিপৰীতে এটা টকাও আদায় নিদিলে৷ যাৰফলত উপায়ন্তৰ হৈ কৃষকজনে হাৱাজান আৰক্ষী চকীত অৱগত কৰাৰ লগতে গহপুৰ ৰাজহ চক্ৰ বিষয়াকো যোৱা ২৯-১০-২০২২ তাৰিখে লিখিত অভিযোগ দিয়ে ইয়াৰ পিছতো পাৱাৰ গ্ৰীডে কৃষকজনক প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰাত যোৱা ১০ এপ্ৰিলত পাৱাৰ গ্ৰীডৰ বিৰুদ্ধে কৃষকজনে ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ বাৰীৰ গছ-গছনি ধবংস কৰি আৰু এখন ব্ৰয়লাৰ ফাৰ্ম নষ্ট কৰি নিজা ভূমিৰ ওপৰেৰে তাঁৰ টানি নিয়াৰ পিছতো কোম্পানীটোৱে কৃষকজনক ক্ষতিপূৰণ আদায় নিদিয়াত দুখীয়া কৃষকজন উপায়ন্তৰ হৈ পৰিছে৷ আনহাতে পাৱাৰ গ্ৰীডৰ লাইন যোৱাৰ বাবে কৃষকজনৰ ঘৰ-দুৱাৰ ভঙাৰ বাবেও পাৱাৰ গ্ৰীডে কোনোধৰণৰ জাননী দিয়া নাই৷ এই সন্দৰ্ভত ১৮ জুন ২০২২ তাৰিখে ঘৰৰ জাননী গ্ৰহণৰ বাবে বিশ্বনাথ চাৰিআলিৰ পাৱাৰ গ্ৰীডৰ অফিচলৈ কৃষকজনক মতাই নি উক্ত কাৰ্যালয়ত তেওঁক দাবী ধমকি দি এখন উকা কাগজত চহী কৰাই ঘৰৰ বিল এখন এৰি দিয়ে বুলি জানিবলৈ দিছে৷ এনেদৰে দুখীয়া কৃষকক পাৱাৰ গ্ৰীডে ঠক প্ৰৱঞ্চনাৰে কাম আদায় কৰাত কোম্পানীটোৰ বিৰুদ্ধে স্থানীয় ৰাইজেও বিষোদগাৰ প্ৰকাশ কৰিছে৷ উল্লেখনীয় কথা যে কৃষকজনৰ একমাত্ৰ জীৱিকাৰ পথ ব্ৰইলাৰ ফাৰ্মখনৰ সম্পূৰ্ণ ক্ষতিপূৰণ দিব বুলি আশ্বাস দিছিল যদিও গহপুৰ ৰাজহ চক্ৰৰ লাট মণ্ডলৰ জৰিয়তে কৃষকজনৰ ২ বিঘা ১ কঠা মাটি জৰীপ কৰাই লিপিবদ্ধ কৰিও এই পৰ্যন্ত ক্ষতিপূৰণ আদায় নিদিলে বুলি কৃষকজনে অভিযোগ উত্থাপন কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More