হুইটলে’ গ’ল্ড এৱাৰ্ড, ২০২২’ বঁটা ড° চাৰুদত্ত মিশ্ৰই লৈ

0 46

শতাব্দ বিশেষ প্ৰতিনিধি, ৩০ এপ্ৰিলঃ ‘গ্ৰীণ অ’স্কাৰ’ হিচাপে আখ্যা দিয়া ২০২২ চনৰ ‘হুইটলে গ’ল্ড এৱাৰ্ড’ প্ৰদান কৰা হৈছে ভাৰতৰ এগৰাকী বন্যপ্ৰাণী সংৰক্ষক আৰু স্ন’ লিউপাৰ্ড বিশেষজ্ঞ ড° চাৰুদত্ত মিশ্ৰক। ১০০,০০০ পাউণ্ড মূল্যৰ এই সন্মানীয় বঁটাটি যোৱা বৃহস্পতিবাৰে লণ্ডনৰ ৰয়েল জিঅ’গ্ৰাফিক ছ’চাইটিত ৰাজকুমাৰী এনীয়ে মিশ্ৰক প্ৰদান কৰে। বিশেষকৈ এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দেশসমূহত বন্যপ্ৰাণীৰ সংৰক্ষণৰ হকে কৰা উল্লেখযোগ্য কাম-কাজৰ বাবে Whitley Fund for Nature এ প্ৰতিবছৰে এই বঁটা আগবঢ়াই আহিছে। ‘হুইটলে’ গ’ল্ড এৱাৰ্ড’ টোৰ বাহিৰেও প্ৰতিবছৰে সাত গৰাকী লোকক হুইটলে’ বঁটাৰে সন্মানিত কৰা হয়। এই বঁটাত থাকে ৪০,০০০ পাউণ্ডৰ ধন। ড: মিশ্ৰই ইয়াৰ পূৰ্বে ২০০৫ চনত হুইটলে’ বঁটা লাভ কৰিছিল। ড: চাৰুদত্ত মিশ্ৰই আজি প্ৰায় ২৫ বছৰ ধৰি ভাৰত, আফগানিস্তান, ৰাছিয়া, চীনকে ধৰি বিশ্বৰ প্ৰায় ১২ খন স্ন’ লিওপাৰ্ডৰ আৱাসস্থলী থকা দেশত এই বিপন্নপ্ৰায় জন্তুটোৰ সংৰক্ষণৰ হকে অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে। বৰফাবৃত উচ্চ অক্ষাংশত থকা এই বিৰল প্ৰাণীটোৰ সংৰক্ষণৰ উদ্দেশ্যে মিশ্ৰই স্থাপন কৰিছে Snow Leopard Trust নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ। এই সংগঠনটোৱে স্ন’ লিওপাৰ্ডৰ বিচৰণস্থলী সমূহৰ কাষৰ-পাজৰৰ মানুহৰ গাঁওসমূহত সৌৰচাকি, পোহনীয়া জীৱ-জন্তু সমূহৰ বীমাকৰণ ইত্যাদিৰে অধিবাসীসকলক এই বন্যপ্ৰাণীটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি অভিযান অব্যাহত ৰাখিছে। জনসাধাৰণৰ সহযোগত হিমালয়ৰ উচ্চাংশত সমূহীয়া বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল স্থাপন কৰি এই সংস্থাটোৱে স্ন’ লিওপাৰ্ডৰ সংৰক্ষণত ইতিমধ্যে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। বিশ্ব বন্যপ্ৰাণী নিধিৰ তথ্য অনুযায়ী বিশ্বত এতিয়া ইয়াৰ সংখ্যা ৪,০৮০ ৰ পৰা ৬,৫৯০ টা মানহে হ’ব। মাজতে ইয়াৰ সংখ্যা হ্ৰাস হৈ এহেজাৰ মানহে হৈছিলগৈ।
১৯৯৪ চনত এডৱাৰ্ড হুইটলীয়ে লণ্ডনত প্ৰতিষ্ঠা কৰা Whitley Fund for Nature নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশৰ দুশৰো অধিক বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰা লোকলৈ ১৬ নিযুত পাউণ্ড আগবঢ়াই এক উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More