হৃদপিণ্ডত ফুটা লৈও দেশৰ মঞ্চ কঁপাইছে  গোগামুখৰ কণমানিয়ে

0 75

বিজয় বৰি

জীৱনত সফলতা লাভ কৰিবলৈ কেৱল সৌভাগ্যকে ফচল বুলি ক’ব নোৱাৰি। কোনো কোনোৱে জীৱনত সন্মুখীন হোৱা দুৰ্ভাগ্যক সফলতাৰ জখলা হিচাপে ব্যৱহাৰ শীৰ্ষ স্থানলৈ আগুৱাই যোৱাৰ অনেক নিদৰ্শন আছে। দৰিদ্ৰতা, ৰূগ্ন স্বাস্থ্যক লৈ জীৱন যুঁজত কৃতকাৰ্যতা হ’বলৈ সক্ষম হোৱা এগৰাকী নৃত্য শিল্পী অপ্পুন পেগু। ধেমাজি জিলাৰ গোগামুখ মিংমাং কচুতলী গাঁৱৰ নিবাসী ৰমানন্দ পেগুৰ তোলনীয়া নাতি অপ্পুন পেগুৱে জী টিভিৰ ডিআইডি লিটল ডেন্স প্ৰতিযোগিতাত শীৰ্ষ দহটা স্থানত অন্তৰ্ভুক্ত হোৱাত এতিয়া বিশ্বৰ নয়নৰ মণি হৈ পৰিছে। উল্লেখ্য দহ বছৰ বয়সীয়া কিশোৰী আপ্পুন পেগু হৃদৰোগত আক্ৰান্ত। তাইৰ হৃদপিণ্ডত ফুটা এটা থকাৰ কথা চিকিৎসকে চিনাক্ত কৰাত হৃদৰোগ চিকিৎসাৰ বাবে তাইক কলকাতালৈ নিয়া হৈছিল। চিকিৎসকে হৃদপিণ্ড অষ্ট্ৰোপচাৰৰ পৰামৰ্শ দিয়ে। এই অষ্ট্ৰোপচাৰৰ বাবে পাঁচ-ছয় লাখ টকা প্ৰয়োজন হ’ব বুলি চিকিৎসকে জানিবলৈ দিয়ে। তেওঁলোকৰ পৰিয়ালে আপ্পুন পেগুৰ হৃদপিণ্ড অষ্ট্ৰোপচাৰৰ খৰছ যোগাৰ কৰিব নোৱৰাত ঘৰলৈ ঘূৰাই আনে। mqdefault চিকিৎসকে আপ্পুনৰ স্বাস্থ্য ভালে ৰাখিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে। আপ্পুন পেগুৰ ককা পৰমানন্দ পেগুৱে তাইৰ নিয়মীয়া ব্যায়ামৰ অনুশীলন হৈ থকাৰ কামনাৰে ওচৰৰে এখন ডান্স স্কুলত নৃত্য শিকিবলৈ নামভৰ্ত্তি কৰি দিয়ে। আপ্পুন পেগুৱে ডান্স স্কুলত নামভৰ্ত্তি কৰাৰ পিছত নিয়মীয়াকৈ নৃত্য শিকিবলৈ আৰম্ভ কৰে। তাইৰ হৃপিণ্ডত শুশ্ৰুষাৰ বাবে নিয়মীয়া ব্যায়াম কৰাৰ আৰম্ভ কৰে। এইদৰে নিয়মীয়াকৈ নৃত্য চৰ্চাৰ কৰাৰ ফলস্বৰূপে নিজা বিদ্যালয়ত অনুষ্ঠিত হোৱা বিভিন্ন নৃত্য প্ৰতিযোগিতাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। কালক্ৰমত গুৱাহাটী, ডিব্ৰুগড় আদিৰ সাংস্কৃতিক প্ৰতিযোগিতাত দেখুওৱা পাৰদৰ্শিতা দেখি ৰাইজে জী টিভিৰ কনিষ্ঠ নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ভাগ্য সুপ্ৰসন্ন আছিল। পাৰদৰ্শিতাৰ বাবে সুযোগ লাভ কৰে। জী টিভিৰ দৰে প্ৰত্যাহবানপূৰ্ণ প্ৰতিযোগিতাত স্থান অধিকাৰ কৰিবলৈ সক্ষম হ’ল অপ্পুন।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More