হৃদৰোগৰ পৰা বাচি থাকিবলৈ গঢ়ি তোলক পাঁচটা অভ্যাস

0 68

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২০ জুন : প্রতি বছৰেই পৃথিৱীত সকলোতকৈ বেছি মানুহে প্রাণ হেৰুৱাই হৃদৰোগত আক্রান্ত হৈ। মানসিক চাপৰ পৰা আৰম্ভ কৰি অতিৰিক্ত কর্মব্যস্ততা, অনিদ্রা কিম্বা অন্যান্য আনুষঙ্গিক ৰোগে অনেক ক্ষেত্রতেই বঢ়াই দিব পাৰে হৃদৰোগৰ আশংকা। বিশেষজ্ঞসকলে কৈ আহিছে যে, হৃদৰোগৰ আশঙ্কা কমাব বিচাৰিলে দৈনন্দিন অভ্যাসত আনিব লাগিব কেইটামান সাধাৰণ পৰিৱৰ্তন। কি কি?

  •  পর্যাপ্ত টোপনিৰ বিকল্প নাই
    পর্যাপ্ত নিদ্ৰাৰ অভাৱ হৃদৰোগৰ অন্যতম বৃহৎ অনুঘটক। বিশেষজ্ঞসকলে কৈছে যে, শৰীৰ সুস্থ ৰাখিবলৈ দৈনিক ছয়ৰ পৰা আঠ ঘণ্টা টোপনি অৱশ্যেই প্রয়োজন। একেলগে যদি আঠ ঘণ্টা শুব পৰা নাযায়, তেন্তে কামৰ ফাঁকে ফাঁকে হ’লেও নিদ্ৰাৰ প্রয়োজন।
  •  নিয়মিত শৰীৰচর্চা
    সংবহনতন্ত্র ভালে ৰাখিবলৈ নিয়মিত শৰীৰচর্চাৰ বিকল্প নাই। তদুপৰি ওজন বাঢ়ি যোৱা সমস্যাৰ পৰাও হৃদৰোগৰ আশঙ্কা বাঢ়ে। সেয়ে নিয়মীয়াকৈ শৰীৰচর্চা কৰিবই লাগিব। সকলো সময়তে খুব গধুৰ শৰীৰচর্চা কৰিব লাগিব বুলি কোনো কথা নাই। পাতল ব্যায়াম, জগিং কিম্বা যোগাসন কৰিলেও চলিব।
  •  ইচ্ছামতে ঔষধ খোৱা এৰিব লাগিব
    ডায়েবেটিচ, উচ্চ ৰক্তচাপ, অতিৰিক্ত ট্রাইগ্লিচাৰাইড আৰু বাঢ়ি অহা ওজনৰ দৰে সমস্যাই হৃদৰোগৰ আশঙ্কা বঢ়াই দিয়ে। এই সমস্যাবোৰৰ বাবে বহুতেই নিজৰ ইচ্ছামতে ঔষধ খায়। চিকিৎসকৰ পৰামর্শ অবিহনে ঔষধ খোৱা বা ঔষধ বন্ধ কৰা কাৰবাৰটোৱে নমাই আনিব পাৰে ডাঙৰ বিপদ। বিশেষকৈ যিসকলে ৰক্তচাপৰ ঔষধ খায়, তেওঁলোক এই বিষয়ত অধিক সতর্ক হোৱা জৰুৰী।
  •  অৱহেলা নকৰিব
    হৃদযন্ত্রৰ নিয়মিত পৰীক্ষাৰ ফলাফল জানি অনেক ক্ষেত্রতেই প্রতিৰোধ কৰিব পাৰি হৃদৰোগ। কিন্তু অনেকেই বুকুত বিষ, ক্লান্তি বা শাৰীৰিক অস্বস্তিৰ দৰে লক্ষণবোৰক গেছৰ সমস্যা বুলি এৰাই চলে। এই ধৰণৰ সমস্যাক অৱহেলা কৰা অনুচিত। বিশেষতঃ পৰিয়ালত যদি হৃদৰোগৰ ইতিহাস থাকে, তেতিয়াহলে অৱশ্যেই নিয়মিত হৃদযন্ত্র আৰু সংবহনতন্ত্রৰ পৰীক্ষা দৰকাৰ।
  • খাদ্যাভাস পৰিৱৰ্তন
    অতিৰিক্ত তেল-মছলাসমৃদ্ধ খাদ্য দৈনিক নোখোৱাই ভাল। মাছ-মাংস যেনেকৈ খাইছে, তেনেদৰেই লগত সপ্তাহত অন্ততঃ কেইটামান দিন বেছি পৰিমাণে সেউজীয়া শাক-পাচলি আৰু ফাইবাৰযুক্ত খাদ্যও খাব লাগে। শাক-পাচলিত কলেষ্টৰেলৰ পৰিমাণ কম, সেয়ে হৃদৰোগৰ আশংকাও কমে। খাদ্য তালিকাত ওট্‌চ, ব্রাউন ৰাইচ, বিন, মচুৰ দাইল, বাদাম আৰু বিভিন্ন ধৰণৰ ফল ৰাখক। বাদ দিয়ক প্রক্রিয়াজাত খাদ্য।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More