হেৰ’ইন সহ দুই সৰবৰাহকাৰীক বালিপৰাত গ্ৰেপ্তাৰ

0 14

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ,তেজপুৰ, ৪মে’ঃ শোণিতপুৰৰ বালিপৰাত আজি নিশা চাৰিদুৱাৰ আৰক্ষীয়ে চলোৱা এক অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে ১৬টা হেৰ’ইন ভৰ্ত্তি প্লাষ্টিকৰ কন্টেইনাৰ জব্দ কৰে৷ উল্লেখযোগ্য যে,আগতীয়াকৈ লাভ কৰা তথ্যৰ ভিত্তিত চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া হেমেন দাস আৰু উপপৰিদৰ্শক নিপন শইকীয়াৰ নেতৃত্বত আজি নিশা প্ৰায় আঠ বজাত চলোৱা অভিযানৰ সময়ত এখন মটৰচাইকেলত অহা গুডামঘাট অঞ্চলৰ দুই ড্ৰাগছ সৰবৰাহকাৰী ওমৰ আলি আৰু মজিবুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷উল্লেখযোগ্য যে,আৰক্ষীক দেখি বামগাওঁ চাহ বাগিছাৰ মাজৰে পলায়ন কৰা দুই সৰবৰাহকাৰীক খেদি খেদি ধৰিবলৈ সক্ষম হয় আৰক্ষী৷দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৫০হেজাৰ টকা হ’ব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ উল্লেখযোগ্য যে,চাৰিদুৱাৰ আৰক্ষীয়ে ইতিপূৰ্বে চলোৱা বিভিন্ন অভিযানত এই গুডামঘাট অঞ্চলৰে বহুসংখ্যক ড্ৰাগছ সৰবৰাহকাৰী এইপৰ্যন্ত গ্ৰেপ্তাৰ হোৱাৰ লগতে যথেষ্ট পৰিমাণৰ ড্ৰাগছো জব্দ কৰিবলৈ সক্ষম হৈছে য’দিও অঞ্চলটোত বৰ্তমানেও এনে ড্ৰাগছ সৰবৰাহকাৰী মাজে মাজে আৰক্ষীৰ জালত পৰি আছে৷ সম্প্ৰতি আৰক্ষীয়ে জেৰা অব্যাহত ৰখা ধৃত দুই সৰবৰাহকাৰীয়ে আজি জব্দকৃত হেৰ’ইন বিক্ৰীৰ বাবে অনাৰ কথা স্বীকাৰ কৰাৰ বিপৰীতে এয়া ক’ৰপৰা আৰু কেনেদৰে সংগ্ৰহ কৰিছিল সেই বিষয়ে প্ৰকাশ কৰা নাই বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More