১০৭ দিন অবিৰত মাৰাথন দৌৰেৰে এৰ্চনাৰ বিশ্ব অভিলেখ

অষ্ট্ৰেলিয়াত বাস কৰা এৰ্চনা মাৰে-বাৰ্টলেটৰ বয়স ৩২ বছৰ। ২০২২ চনৰ আগষ্ট মাহত কুইন্সলেণ্ডৰ কেপ য়ৰ্কত তেওঁ মাৰাথন দৌৰ আৰম্ভ কৰিছিল। তাৰ পিছৰ পৰা তেওঁ একেৰাহে ১০৭টা মাৰাথন দিন সম্পূৰ্ণ কৰিছে। তেওঁৰ লক্ষ্য হৈছে একেৰাহে ১৫০টা মাৰাথন দৌৰ।

0 73

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ ডিচেম্বৰ : মাৰাথন এনে এক খেল য’ত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু ইয়াক সম্পূৰ্ণ কৰাটো সকলোৰে বাবে সম্ভৱ নহয়। ইয়াক সম্পূৰ্ণ কৰিবলৈ এজন প্ৰতিযোগীয়ে ৪২.১৯৫ কিলোমিটাৰ (মহিলাৰ বাবে) দৌৰিব লাগে যিটো সকলোৰে বাবে সম্ভৱ নহয়। কেৱল কিছু লোক আৰু খেলুৱৈয়েহে ইয়াক সম্পূৰ্ণ কৰিব পাৰে। কিন্তু আজি ক’ব বিচাৰিছোঁ এনে এগৰাকী মহিলাৰ বিষয়ে, যিয়ে একেৰাহে ১০৭ দিন দীঘলীয়া মাৰাথনত অংশগ্ৰহণ কৰি সম্পূৰ্ণ কৰিছে। এই মহিলাগৰাকীৰ কাৰ্যৰ বিষয়ে জানি সকলো আচৰিত হৈছে।

1670847930834 01

২০২২ চনৰ আগষ্টৰ পৰা আৰম্ভ এই দৌৰ

এই মহিলাগৰাকী অষ্ট্ৰেলিয়াৰ বাসিন্দা। নাম এৰ্চনা মাৰে-বাৰ্টলেট (Erchana Murray-Bartlett)। ৩২ বছৰীয়া এৰ্চনাই ২০২২ চনৰ আগষ্ট মাহত কুইন্সলেণ্ডৰ কেপ য়ৰ্কৰ পৰা মাৰাথন দৌৰ আৰম্ভ কৰিছিল। তাৰ পিছৰ পৰা তেওঁ একেৰাহে ১০৭টা মাৰাথন দৌৰ সম্পূৰ্ণ কৰিছে। এই বিশেষ কৃতিত্বৰ বাবে তেওঁৰ নামো গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত তালিকাভুক্ত কৰা হৈছে। লগতে তেওঁৰ এই কৃতিত্বৰ ভিডিঅ’ ইনষ্টাগ্ৰামত ভাইৰেল হৈছে। এৰ্চনা মাৰেই কয়— তেওঁ এতিয়াও ৰৈ থাকিব বিচৰা নাই। তেওঁৰ লক্ষ্য হৈছে একেৰাহে ১৫০টা মাৰাথন দৌৰ সম্পূৰ্ণ কৰা। দৌৰিয়েই তেওঁ বন্যপ্ৰাণী সংৰক্ষণৰ বাবে প্ৰায় ৪১ লাখ টকা (৫০ হাজাৰ ডলাৰ) সংগ্ৰহ কৰিছে।

1670847965522 01

পুৰণি অভিলেখটো কি আছিল?

এৰ্চনাৰ পূৰ্বে এই বিশ্ব অভিলেখ ব্ৰিটেইনৰ কেট জেডেনৰ হাতত আছিল। তেওঁ ১০৬টা মাৰাথনত অংশগ্ৰহণ কৰিছিল। এৰ্চনা মাৰেই এক নিৰ্দিষ্ট উদ্দেশ্য লৈ মাৰাথনত অংশগ্ৰহণ কৰিছে। তেওঁ কয় যে তেওঁ নিজৰ প্ৰজেক্ট টিপ টু ট’ ২০২২ৰ জৰিয়তে বন্যপ্ৰাণী বচাবলৈ এই কাম কৰিছে। এতিয়া এই কামত তেওঁ আনৰ পৰাও সহায় পাবলৈ ধৰিছে। তেওঁ কয় যে মানুহে এতিয়া তেওঁক সহায় কৰিবৰ বাবে আগবাঢ়ি আহিছে।

1670847986571 01

এৰ্চনাৰ এই সাফল্যত বহু লোক আচৰিত হৈছে। তেওঁৰ ইনষ্ট্ৰাগ্ৰাম পোষ্টত বহু সংখ্যক লোকে মন্তব্য কৰিছে। বহুতে তেওঁক অভিনন্দন জনোৱাৰ বিপৰীতে একাংশই তেওঁৰ মনোভাৱক সাধুবাদ দিছে। বহুতে আৰ্থিক সহায়ৰ কথাও কৈছে। বহুতে তেওঁৰ পৰা প্ৰেৰণাও লৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More