১১২ বছৰ পিছত এবিধ বিৰল প্ৰজাতিৰ সাপ অসমত 

0 31

 

দাদুল দেৱকৃষ্ণ বৰুৱা
“দাদা সাপটোনো কি?”— এটা সৰু প্ৰশ্ন। অথচ এই সৰু প্ৰশ্নটোৱেই মুকলি কৰি দিছিল ১১২ বছৰ ধৰি বন্ধ হৈ থকা এখন দুৱাৰ। দুৱাৰখন খোল খোৱাৰ লগে লগে ক্ৰমশঃ বিয়পি পৰিছিল পুনৰাৱিষ্কাৰৰ উচ্ছাস। সেয়া আছিল ২০২১ চনৰ ২৫ মে’ৰ কথা। উল্লিখিত মেচেজটো আছিল মানসৰ এজন প্ৰকৃতিপ্ৰেমী যুৱকৰ। যি এই মেচেজটোৰ লগত গাঁঠি দিছিল এখন ফটো। এটা মৃত সাপৰ ফটো। মেচেজটো প্ৰেৰণ কৰা হৈছিল ভাৰতীয় বন্যপ্ৰাণী সংস্থাৰ অভিজিৎ দাসলৈ।1653969275372
সাপটো পৰি আছিল মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাশবাৰী এলেকাৰ এটা পথত। সাপটো মৃত আছিল। দেখিবলৈ আনবোৰ সাপতকৈ কিছু পৃথক। সেয়ে চকুত পৰিছিল স্থানীয় বন্যজীৱ অনুৰাগী যুৱকজনৰ। লগত থকা ম’বাইল ফোনটোৰ কেমেৰাৰে ফটো লৈছিল সাপটোৰ। চিনাক্তকৰণৰ বাবে প্ৰেৰণ কৰিছিল Wildlife Institute of Indiaৰ অভিজিৎ দাসলৈ। কিন্তু ম’বাইল কেমেৰাৰে তোলা ফটোখন চাই তেওঁ চিনাক্ত কৰাত বৰ সহজ হ’ব পৰা নাছিল। তাতে সাপটো দেখিবলৈ কিছু পৃথক আছিল। তেওঁৰ মন গ’ল ডেৰাডুনৰ পৰা মানসলৈ উৰি আহিবলৈ; যিটো সেই সময়ত কাৰ্যতঃ অসম্ভৱ। কাৰণ— তেতিয়া দেশজুৰি মহামাৰী ক’ৰনাৰ দ্বিতীয় লহৰ তুংগত। সমগ্ৰ দেশ তেতিয়া লকড্ ডাউন। তেন্তে উপায়?
যুৱকজনক তেওঁ সুধিলে যে, তেওঁ সাপটোৰ আৰু কিছুমান ভাল ফটো আনিব পাৰিবনে; যাতে স্কেলবোৰ গণনা কৰিব পৰা যায়। আৰু তাৰ পিছতে উৎসাহী ল’ৰাজনে লকডাউনৰ বাবে মানসত আবদ্ধ হৈ থকা বন্যপ্ৰাণী ফটোগ্ৰাফাৰ সৌমব্ৰত মৌলিক (Soumabrata Moulick)ক বিচাৰি পালে। তেওঁ সাপটোৰ ফটো ভালকৈ বিশদভাৱে তুলিবলৈ সদয় আছিল আৰু কাৰ্যক্ষেত্ৰত সেয়া প্ৰমাণ হৈছিল। প্ৰকৃতি ফটোগ্ৰাফাৰ সৌমব্ৰত মৌলিকৰ বাবে মানসত সেইটো আনবোৰ সাধাৰণ ৰাতিপুৱাৰ দৰেই এটা আছিল। কিন্তু তেওঁ ৰাস্তাত পৰি থকা নিশ্চল সাপটো দেখা পোৱা আৰু ফটো তোলাৰ পিছত পুৱাটো ১১২ বছৰ পিছৰ ব্যতিক্ৰমী পুৱা এটা হৈ ধৰা দিছিল। তেওঁ কয়— “মই চাবলৈ ওচৰ চাপিছিলোঁ; কিন্তু সাপটো ইতিমধ্যে মৰি গৈছিল। মই ফটো তুলি লৈছিলোঁ আৰু ইয়াক অনন্য বুলি বুজি পাইছিলোঁ। তাৰ পিছত Wildlife Institute of Indiaৰ অভিজিৎ দাসৰ ফোন আহিল। তেওঁ ইতিমধ্যে সাপটোৰ বিষয়ে জানিছিল আৰু মোক কিছু ফটো তুলিবলৈ কৈছিল।”
ফটোবোৰ অভিজিৎ দাসলৈ প্ৰেৰণ কৰিছিল মৌলিকে। উৎফুল্লিত হৈছিল অভিজিৎ দাস। তেওঁ জনালে যে, আগেয়ে কেতিয়াও তেওঁ এনে সাপ দেখা পোৱা নাই। মৌলিকৰ ভাষাৰে— “অভিজিতৰ দৰে কৰ্তৃপক্ষৰ পৰা যেতিয়া এনে মন্তব্য আহে, তেতিয়া ইয়াৰ অৰ্থ হ’ল কিবা এটা গুৰুত্বপূৰ্ণ ঘটিছে।’’ তেওঁ আৰু কয় যে, এই আৱিষ্কাৰত কিবা এটা অৰিহণা যোগাব পৰাত তেওঁ এজন ফটোগ্ৰাফাৰ হিচাপে যথেষ্ট সুখী। উল্লেখ্য যে অভিজিৎ দাস আৰু সৌমব্ৰত মৌলিকৰ বাবে সাপটোৰ পেটটোৱেই আছিল আটাইতকৈ আকৰ্ষণীয়– ক’লা আৰু নীলা ৰঙৰ দাগ থকা।
সৌমব্ৰত মৌলিকে যদি মৃত সাপটোৰ সুন্দৰ ফটো তুলি ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ অভিজিৎ দাসলৈ প্ৰেৰণ নকৰিলেহেঁতেন তেন্তে এশ বছৰতকৈও অধিক সময়ৰ পাছত এটা সাপৰ প্ৰজাতিৰ উল্লেখযোগ্য পুনৰাৱিষ্কাৰ সম্ভৱ নহ’লহেঁতেন। হয়, মানস ৰাষ্ট্ৰীয় উদ্যানত ১১২ বছৰৰ মূৰত পুনৰ আৱিষ্কাৰ হৈছে নীলা পেটৰ কুক্ৰি সাপ বা blue-bellied kukri snake (Oligodon melaneus)। শেষবাৰৰ বাবে ১৯০৮ চনৰ জুলাই মাহত মানসৰ পৰা প্ৰায় ২৬৭ কিলোমিটাৰ পশ্চিমে পশ্চিমবংগৰ তিন্ধৰিয়া (Tindharia)ৰ পৰা শেষবাৰৰ বাবে সংগ্ৰহ কৰা হৈছিল এইবিধ বিৰল প্ৰজাতিৰ সাপ। সাপবিধ পুনৰ আৱিষ্কাৰ হোৱাৰ খবৰটো প্ৰকাশ পাইছে নিউজিলেণ্ডৰ পৰা প্ৰকাশিত বিখ্যাত জাৰ্নাল Zootaxaত। বিশ্বৰ বিভিন্ন প্ৰতিষ্ঠানৰ গৱেষক আৰু নাগৰিক বিজ্ঞানীৰ সহায়ত এই পুনৰ আৱিষ্কাৰ সম্ভৱ হৈ উঠিছিল। উল্লেখ্য যে এই প্ৰজাতিটোৰ বিষয়ে প্ৰথমবাৰৰ বিষয়ে ১৯০৯ চনত বৰ্ণনা কৰিছিল ফ্ৰেংক ৱালে (Frank Wall)। উল্লেখ্য যে, নীলা পেটৰ কুক্ৰি সাপ বা Blue Bellied Kukri Snake হৈছে Colubridae পৰিয়ালৰ এবিধ সাপ। ই পূব ভাৰতত স্থানীয়। এই বিৰল প্ৰজাতিৰ সাপটোৰ পিঠিত থকা ৰঙা ৰঙৰ চিহ্নবোৰে যেন কপালত ৰঙা বিন্দি পিন্ধা ভাৰতীয় মহিলাসকলৰ অনন্য সৌন্দৰ্যলৈ মনত পেলায়!
সাপটোৰ বিষয়ে কৌতূহল বাঢ়িছিল অভিজিৎ দাসৰ। সেয়ে তেওঁ আলোচনা কৰিছিল সহযোগী ড° দীপক বীৰাপ্পন (Dr Deepak Veerappan)ৰ লগত। আৰু সহমতত উপনীত হ’ল যে, সাপটো নীলা পেটৰ কুক্ৰি সাপ। এই চিনাক্তকৰণ সম্ভৱ হৈছিল দুটা ঐতিহাসিক নমুনাৰ পৰা– এটা Bombay Natural History Museum আৰু আনটো Natural History Museum Londonৰ। মানসৰ গাইড দুজন বন্যপ্ৰাণী অনুৰাগী সঞ্জয় মগৰ আৰু আলোকচিত্ৰ শিল্পী সৌমব্ৰত মৌলিকক নিজ নিজ অৱদানৰ বাবে ধন্যবাদ জনাই অভিজিত দাসে কয়— “নাগৰিক বিজ্ঞানৰ দৃষ্টিভংগীৰে ই এক ৰোমাঞ্চকৰ পুনৰ আৱিষ্কাৰ।” ইফালে Natural History Museum, Londonৰ জীৱন বিজ্ঞান বিভাগ (Department of Life Sciences)ৰ ড° দীপক বীৰপ্পানে কয়— “মই চিনাক্তকৰণ নিশ্চিত কৰিবলৈ সংগ্ৰহালয়ৰ সকলো উপলব্ধ নমুনা চাব আৰু অধ্যয়ন কৰিব বিচাৰিছিলোঁ। এই ক্ষেত্ৰত BNHSৰ মোৰ সহকৰ্মী সৌনক পাল (Sounak Pal) আৰু লণ্ডনৰ NHMৰ ডেভিদ গাৱাৰ (David Gower)ৰ পৰা সহায় পাইছিলোঁ, যাৰ ফলত চিনাক্তকৰণ সম্ভৱ হৈ উঠিছিল।”
উল্লেখ্য যে, ক’ভিড নিষেধাজ্ঞাৰ ফলত তুলনাৰ বাবে সংগ্ৰহালয়ৰ নমুনা অধ্যয়ন কৰিবলৈ বহু সময় প্ৰয়োজন হৈছিল। তৰাই এলেকাত অত্যন্ত বিৰল যেন এই সৰ্প প্ৰজাতিটো মানস অঞ্চলত ১১২ বছৰ পিছত পুনৰাৱিষ্কাৰে এই এলেকাটোৰ জৈৱ বৈচিত্ৰ্য কিমান চহকী আৰু গুৰুত্বপূৰ্ণ তাক পুনৰবাৰ প্ৰমাণ কৰিছে। উল্লেখ্য যে, ভাৰতত মুঠ ৩৪০টা প্ৰজাতিৰ সাপ নথিভুক্ত হৈ আছে। ইয়াৰ ভিতৰত ৭৬টা প্ৰজাতিৰ সাপ অসমত পোৱা যায়। আনহাতে সমগ্ৰ বিশ্বত পোৱা কুক্ৰি সাপৰ ৮৮টা প্ৰজাতিৰ ভিতৰত ২২টা প্ৰজাতি পোৱা যায় ভাৰতত। ইয়াৰে আকৌ ১৩ প্ৰজাতিয়েই পোৱা যায় উত্তৰ পূৰ্বাঞ্চলত।
(East Mozo আৰু The Times of Indiaত প্ৰকাশিত বাতৰিৰ আধাৰত এই প্ৰতিবেদন যুগুতোৱা হৈছে। ফটোসমূহ সৌমব্ৰত মৌলিকে তোলা।)
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More