১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ আহ্বান মুখ্যমন্ত্রীৰ

0 16
শতাব্দ প্ৰতিনিধি, গুৱাহাটী, ১ আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ‘ঘৰে ঘৰে ত্ৰিৰংগা’ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্রীয়ে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাজ্যৰ প্ৰতিঘৰ লোকৰ চৌহদত পতাকা উত্তোলন নাইবা উৰুৱাই ৰাখিবৰ বাবে আহ্বান জনায়। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল-কলেজ, মন্দিৰ, মছজিদ, গীৰ্জা, অনাথ আশ্ৰম আদি সকলোতে পতাকা উত্তোলন কৰাৰ বাবে মুখ্যমন্ত্রীয়ে সকলোৰে প্ৰতি আহ্বান জনায়। যিকোনো মেটেৰিয়েলৰ পতাকা উত্তোলন কৰিব পৰা যাব বুলি তেওঁ সদৰি কৰে। তেওঁ কয় যে ইতিমধ্যে ৰাজ্যৰ আত্মসহায়ক গোটসমূহে ১০ লাখ পতাকা প্ৰস্তুত কৰি বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আত্মসহায়ক গোট সমূহৰ যোগেদি ৩০ লাখ পতাকা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ উপৰি ভাৰত চৰকাৰৰ টেক্সটাইল মন্ত্রালয়ৰ পৰা অসম চৰকাৰে ৫০ লাখ পতাকা ক্ৰয় কৰিব। তেওঁ কয় যে এই পতাকাসমূহ সুলভ মূল্যৰ দোকানৰ যোগেদি বিক্ৰীৰ ব্যৱস্থা কৰা হ’ব আৰু প্ৰতিখন পতাকাৰ মূল্য হ’ব ১৮ টকা। ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকা অভিযানৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে ১১ আগষ্টৰ পৰা বিদ্যালয়সমূহত প্ৰভাত ফেৰী হ’ব। চাহ বাগিছাৰ মালিকে শ্ৰমিকক তথা মলৰ মালিকে কৰ্মচাৰী আৰু গ্ৰাহকক একোখনকৈ পতাকা উপহাৰ দিব লাগিব বুলি তেওঁ সদৰি কৰে। পৰস্পৰৰ মাজত পতাকাৰে শুভেচ্ছা দিয়া তথা উপহাৰ দিয়াৰ ক্ষেত্রত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে পতাকা ক্ৰয়ৰ বাবে এইবাৰ অৰুণোদয় আঁচনিত এহাজাৰ টকাৰ পৰিৱৰ্তে ১০১৮ টকা দিয়া হ’ব। সামাজিক মাধ্যমত নিজৰ প্ৰফাইল ফটোত পতাকা লগোৱাৰ বাবেও তেওঁ আহ্বান জনায়। আনহাতে ভাৰত চৰকাৰে পতাকাৰ সৈতে চেলফি লৈ আপলোড কৰাৰ বাবে ৱেবচাইট মুকলি কৰাৰ কথাও তেওঁ সদৰি কৰে। অসম চৰকাৰে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰে ব্যাপক সজাগতা অভিযানৰ বাবে আজি আনুষ্ঠানিকভাৱে ‘থিম চং’ মুকলি কৰে। সংবাদমেলতে মুখ্যমন্ত্রীয়ে থিম চং আনুষ্ঠানিকভাৱে মুকলি কৰে। সংবাদমেলত এ আই ইউ ডি এফৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয় যে তেওঁ এ আই ইউ ডি এফৰ আটাইকেইজন বিধায়কলৈ তিৰংগা উত্তোলনৰ বাবে চিঠি লিখিছে। তেওঁ কয় যে এ আই ইউ ডি এফৰ প্ৰতিগৰাকী বিধায়কে নিজা ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বুলি তেওঁ আশাবাদী। কাৰণ এইটো কোনো দলৰ প্ৰতীক নহয় বুলি তেওঁ কয়।সংবাদমেলৰ আৰম্ভনীতে মুখ্যমন্ত্রীয়ে ক’ভিডত পিতৃ-মাতৃ হেৰুওৱা আঠটি শিশুৰ উপৰি হত্যাকাণ্ডত পিতৃ-মাতৃক হেৰুওৱা দুটি শিশুক ৭.৬৭ ল‍াখ টকাৰ টকাৰ ফিক্সড ডিপজিত আনুষ্ঠানিকভাৱে প্ৰদান কৰে। মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ অধীনৰ যোগেদি প্ৰদান কৰা ফিক্সড ডিপজিটৰ দ্বাৰা শিশুসকলে মাহে ৩৫০০ টকা লাভ কৰিব আৰু ২৪ বছৰ বয়সত মূলধন লাভ কৰিব। সংবাদমেলত মন্ত্রী বিমল বড়া, সাংসদ পবিত্র মাৰ্ঘেৰিটা আৰু মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত আছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More