১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে এইমছৰ লগতে উদ্বোধন কৰিব কোকৰাঝাৰ, নগাঁও, নলবাৰী চিকিৎসা মহাবিদ্যালয়

এইমছৰ অনুষ্ঠানৰ পৰাই হ'ব 'ভাৰ্চুৱেল' শুভাৰম্ভণি

0 30

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৮ মাৰ্চ : WhatsApp Image 2023 03 28 at 7.40.49 PMপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৪ এপ্ৰিলত এইমছৰ লগতে অসমৰ ৩খন নতুন চিকিৎসা মহাবিদ্যালয়ো আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰিব। সেইদিনা চাংচাৰীত এইমছৰ উদ্বোধনী অনুষ্ঠানস্থলীৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে কোকৰাঝাৰ, নগাঁও আৰু নলবাৰীৰ নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয় তিনিখনো ‘ভাৰ্চুৱেল’ মাধ্যমেৰে উদ্বোধন কৰিব৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ (এনএমচি)য়ে ২০২৩-২৪ চিকিৎসা শিক্ষা বৰ্ষৰ পৰাই এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰা এই তিনিওখন নতুন চিকিৎসা মহাবিদ্যালয় দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ দ্বাৰা একত্ৰে উদ্বোধনৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে। ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা তথা গৱেষণা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পুনৰবাৰ পৰিদৰ্শন কৰি দুয়োখন চিকিৎসা মহাবিদ্যালয়তে অহা ১৪ এপ্ৰিলৰ ভাৰ্চুৱেল উদ্বোধনী অনুষ্ঠানৰ বাবে চলোৱা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে মঙ্গলবাৰে পুৱাৰ ভাগতে প্ৰথমে সতীৰ্থ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু বিটিআৰ স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সৈতে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় চৌহদত উপস্থিত হৈ উদ্বোধনৰ বাবে চিকিৎসা মহাবিদ্যালয়খনক সাজু কৰি তোলাৰ বাবে কৰিব লগা অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যকে ধৰি বিভিন্ন দিশসমূহ পৰ্যবেক্ষণ কৰে। বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো আৰু মন্ত্ৰী ব্ৰহ্মক লগত লৈ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত বিটিআৰ প্ৰশাসন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিভাগীয় মুৰব্বীসকল আৰু একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াৰ সৈতে এখন বৈঠকতো মিলিত হয়। এই বৈঠকত বিধায়ক লৰেন্স ইছলাৰী, বি টি আৰ স্বায়ত্ত পৰিষদৰ কাৰ্যবাহী সদস্য (স্বাস্থ্য বিভাগ) অৰূপ কুমাৰ দে, বিটিআৰ প্ৰশাসনৰ প্ৰধান সচিব অনুৰাগ গোৱেল, ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অতুল বৰা, অধীক্ষক ডাঃ ভুৱনেশ্বৰ শইকীয়া, কোকৰাঝাৰৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য), যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক, লোকনিৰ্মাণ (গৃহ আৰু পথ)ৰ কাৰ্যবাহী অভিযন্তা-অভিযন্তা, এপিডিচিএলৰ বিষয়া আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীও উপস্থিত থাকে । বৈঠকত ১৪ এপ্ৰিলত এইমছত হ’ব লগা প্ৰধানমন্ত্ৰী মোদীৰ মূল উদ্বোধনী অনুষ্ঠানৰ সমান্তৰালকৈ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়খনতো গাম্ভীৰ্যপূৰ্ণ উদ্বোধনী অনুষ্ঠান আয়োজনৰ বাবে মন্ত্ৰী মহন্তই বিটিআৰ প্ৰশাসন, জিলা প্ৰশাসন আৰু চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক কেতবোৰ গুৰুত্বপূৰ্ণ দিহা দিয়ে। উদ্বোধনী অনুষ্ঠানটি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰিবলৈ সৌন্দৰ্যবৰ্ধনৰ ব্যৱস্থাৰ লগতে অন্তিম পৰ্যায়ৰ নিৰ্মাণ কাৰ্যৰে জড়িত অৱশিষ্ট কামকাজসমূহ ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্মাণকাৰী সংস্থা তথা সংশ্লিষ্ট চৰকাৰী বিভাগসমূহক মন্ত্ৰী মহন্তই বৈঠকত নিৰ্দেশ দিয়ে। কোকৰাঝাৰৰ পাছতে স্বাস্থ্যমন্ত্ৰী মহন্তই দুপৰীয়া নলবাৰী চিকিৎসা মহাবিদ্যালয়ো পৰিদৰ্শন কৰে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ সৈতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়তো জিলা প্ৰশাসন, মহাবিদ্যালয়ৰ অধ্যক্ষ-বিভাগীয় মুৰব্বী, একাধিক চৰকাৰী বিভাগৰ মুৰব্বী বিষয়া, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে কোকৰাঝাৰৰ অনুৰূপ বৈঠকত মিলিত হৈ ১৪ এপ্ৰিলৰ উদ্বোধনী অনুষ্ঠানৰ যাৱতীয় প্ৰস্তুতি সন্দৰ্ভত বিতং আলোচনা কৰে। এইখন বৈঠকত বিধায়ক জিতু গোস্বামী, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মা, অধীক্ষক ডাঃ বন্তি বৰা, নলবাৰীৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালকেও অংশগ্ৰহণ কৰে। আজি স্বাস্থ্যমন্ত্ৰী মহন্তই কোকৰাঝাৰ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শনৰ সময়ত দুয়োখন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ইতিমধ্যে আৰম্ভ হোৱা চিকিৎসা সেৱাৰ সামগ্ৰিক পৰিচালনাৰে জড়িত দিশবোৰৰো বুজ লোৱাৰ লগতে চলিত বৰ্ষৰ ছেপ্তেম্বৰ-আক্টোবৰৰ পৰা নিয়মীয়াকৈ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ বিভাগসমূহে চলোৱা প্ৰস্ততিৰ বিষয়েও অধ্যক্ষ-বিভাগীয় মুৰব্বীসকলৰ লগত আলোচনা কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More