১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান

২৩ হাজাৰ নিযুক্তিৰ বাবে সাজু চৰকাৰ

0 7

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,১২ মে’ :  চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি এবছৰত এক লাখ নিযুক্তি দিয়াত ব্যৰ্থ হ’ল যদিও ১৪ মে’ত নিযুক্তি পত্ৰ প্ৰদানৰ এক বিশাল অনুষ্ঠানৰ আয়োজন কৰিছে। সেইদিনা ২৩ হাজাৰ যুৱক-যুৱতীৰ হাতত মুখ্যমন্ত্ৰীয়ে তুলি দিব চৰকাৰী নিযুক্তি পত্ৰ। মেগা নিযুক্তিৰ বাবে সাজু হৈছে  চৰকাৰ। ইতিমধ্যে ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। একেদৰে টেট উত্তীৰ্ণৰো চূড়ান্ত তালিকা প্ৰকাশ কৰা হৈছে। উল্লেখ যে আজি অসম আৰক্ষীৰ কনিষ্টবল পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছে। মুঠ ৬,৬৬২টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰা হৈছে। ইয়াৰে ২৩৯১টা পদ ইউ বি কনিষ্টবলৰ আৰু ৪২৭১টা পদ এ বি কনিষ্টবলৰ। আনহাতে এ পি আৰ অ’ৰ ৮১৩টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা কৰা হৈছে। সেইদৰে এফ এণ্ড ই এছৰ ৭৮৮টা কনিষ্টবলৰ পদ আৰু ডি জি চি ডিৰ ৭৫৪টা কনিষ্টবলৰ পদৰ ফলাফল ঘোষণা হৈছে। ‍আনহাতে এ আই এছ এফ বেটেলিয়ানৰ ১৫৪ টা কনিষ্টবল পদৰ ফলাফল ঘোষণা কৰিছে। এই সকলো বাছনিভুক্তকে ৰাজ্য চৰকাৰে ১৪ মে’ত নিযুক্তি পত্ৰ প্ৰদান কৰিব। উল্লেখ্য যে এদিনতে ২৩ হাজাৰক নিযুক্তি পত্ৰ বিতৰণ কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছিল। ৰাজ্যৰ শিক্ষা, স্বাস্থ্য আৰু গৃহবিভাগৰ বিভিন্ন পদৰ বাবে হোৱা পৰীক্ষাৰ ফলাফল ঘোষণা কৰি পূৰ্বে ঘোষণা কৰাৰ দৰেই ১৪ মে’ত সকলোকে নিযুক্তি পত্ৰ বিতৰণ কৰিব। ইয়াৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই এক পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰে। ১৪ মে’ত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত হ’বলগীয়া মেগা নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত জনতা ভৱনত বুধবাৰে অনুষ্ঠিত হয় এই পৰ্যালোচনা সভা। সভাতে মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক বৃহৎ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশনা প্ৰদান কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More