১৮ জুলাইত ৰাষ্ট্রপতি নির্বাচন

ফলাফল প্রকাশ পাব ৩ দিন পিছত

0 19

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুন : আগন্তুক ১৮ জুলাইত হ’ব ৰাষ্ট্রপতি নির্বাচন। তিনিদিন পিছত (আগন্তুক ২১ জুলাই) প্রয়োজন হ’লে ভোট গণনা হ’ব। এনেকৈয়ে ঘোষণা কৰিলে নির্বাচন আয়োগে। আগন্তুক ২৪ জুলাইত ৰাষ্ট্রপতি হিচাবে ৰামনাথ কোবিন্দৰ ম্যাদ শেষ হ’ব। নিয়ম অনুযায়ী, তাৰ পূৰ্বেই ৰাষ্ট্রপতি নির্বাচন কৰিব লাগিব। তাৰ পিছত আগন্তুক ২৫ জুলাইৰ ভিতৰত শপত গ্রহণ কৰিব লাগিব নতুন ৰাষ্ট্রপতিয়ে। সেই পৰিস্থিতিত ৰাষ্ট্রপতি নির্বাচনৰ দিন ঘোষণা কৰিছে আয়োগে। ৯ জুনত এক সংবাদ মেলত আয়োগৰ তৰফৰ পৰা জনোৱা হয় যে, ৰাষ্ট্রপতি নির্বাচনৰ বাবে ২৯ জুনপর্যন্ত মনোনয়ন দাখিল কৰিব পাৰিব। মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয়— ”২০২২ চনৰ ৰাষ্ট্রপতি নির্বাচনত ভোট দিব ৪,৮০৯ ইলেক্টৰেলে। কোনো ৰাজনৈতিক দলে নিজৰ সদস্যক ভোট দিয়াৰ বাবে হুইপ জাৰি কৰিব নোৱাৰিব।” এতিয়ালৈকে অৱশ্যে কোনো দলেই ৰাষ্ট্রপতি নির্বাচনৰ বাবে প্রার্থী ঘোষণা কৰা নাই। অৱশ্যে নির্বাচনৰ অঙ্ক কৰা আৰম্ভ হৈ গৈছে। ইলেক্টৰাল কলাজৰ মাধ্যমেৰে ৰাষ্ট্রপতি নির্বাচন হয়। সংসদৰ ৭৭৬ জনে (ৰাজ্যসভা আৰু লোকসভাৰ মুঠ সদস্য সংখ্যা) ভোট দিয়ে। তাৰ লগে লগে ভোট দিয়ে বিভিন্ন ৰাজ্যৰ বিধানসভাৰ ৪,০৩৩ জন সদস্যই্ বিধানসভা সদস্যসকলৰ মুঠ ‘ভেলু’ হৈছে ৫৪৩,২৩১। সাংসদৰ ক্ষেত্রত সেয়া হৈছে ৫৪৩,২০০। সকলো মিলি ‘ভেলু’ হৈছে ১,০৮৬,৪৩১। অৱশ্যে ৰাজ্যসভা বা লোকসভা বা বিধানসভাৰ মনোনীত সদস্যসকলেও ভোট দিব পাৰিব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More