১৯০ বছৰীয়া জনাথন আৰু বিশ্ব কচ্ছপ দিৱস

0 97

দাদুল দেৱকৃষ্ণ বৰুৱা

ল’ৰালি কালত আমি সকলোৱেই কাছ আৰু শহাৰ দৌৰ প্রতিযোগিতাৰ কাল্পনিক গল্প শুনিছোঁ। য’ত শহাৰ তুলনাত অত্যন্ত ধীৰগতিৰ প্রাণী হৈয়ো জিকি যায় কাছ। যদিও, জীৱনকালৰ ফালৰ পৰা সকলোকে এক বাক্যত হৰুৱাই দিব পাৰে এই প্রাণীবিধে। যিসময়ত মানুহৰ জীৱনকাল ৮০ বছৰৰ পৰা ১০০ বছৰৰ ভিতৰতেই শেষ হৈ যায়, সেই সময়ত কিন্তু এই প্রাণী বছৰৰ পিছত বছৰ নিশ্চিন্তে বাচি থাকিব পাৰে। ঠিক যেন ‘জনাথন’। এই কাছটোৱে ইতিমধ্যেই তাৰ ১৯০ তম জন্মদিন উদযাপন কৰিছে। কেৱল সেয়াই নহয়, ইতিমধ্যেই জনাথনে গিনিজ ৱর্ল্ড ৰেকর্ডছতো সৃষ্টি কৰিছে নতুন ৰেকর্ড।1653274463456 এক কথাত, সমগ্ৰ বিশ্বৰ ভিতৰত জনাথনেই এতিয়া সকলোতকৈ বয়স্ক কাছৰ খিতাপ পাইছে। প্রসঙ্গক্ৰমে উল্লেখ্য যে, ইয়াৰ পূৰ্বে এই ৰেকর্ড আছিল টুই মালিলা নামৰ আন এটা কাছৰ ওচৰত। সেইটো কাছ প্রায় ১৮৮ বছৰ বাচি আছিল।

  •  জনাথনৰ জন্ম ১৮৩২ চনত !
    ৰিপ’র্ট অনুসৰি জনা গৈছে যে, জনাথনৰ জন্ম হয় ১৮৩২ চনত। চলিত বছৰত ১৯০ বছৰ বয়সৰ গণ্ডী অতিক্রম কৰিছে জনাথনে। মূলতঃ ১৮৮২ চনত জনাথনক চেছেলচ পৰা দক্ষিণ আটলান্টিকৰ দ্বীপ ছেন্ট হেলেনালৈ লৈ অহা হৈছিল। লগত আৰু তিনিটা কাছ অনা হৈছিল। গিনিজ ৱর্ল্ড ৰেকর্ডছ অনুসৰি জনাথন তেতিয়া সম্পূর্ণ প্রাপ্তবয়স্ক আছিল। মূলতঃ এটা কাছক সম্পূর্ণ প্রাপ্তবয়স্ক হ’বলৈ হ’লে বয়স হ’ব লাগে ৫০ বছৰ।
  • গভর্নৰ হাউচৰ দিনবোৰ
    ১৯৩০ চনত ছেন্ট হেলেনাৰ গভর্নৰ স্পেনচাৰ ডেভিছে কাছটোৰ নাম দিছিল জনাথন। জনাথনে জীৱনৰ বেছিভাগ সময় গভর্নৰ হাউচতেই কটাইছে। তাত জনাথন আৰু তিনিটা বিশালাকাৰ কাছৰ লগত থাকে। যদিও, জনাথনে মানুহৰ সঙ্গ খুব পছন্দ কৰে। জনাথন বহু ঘটনা প্ৰবাহৰ নীৰৱ সাক্ষী। জনাথনৰ জন্মৰ পিছতহে পৃথিৱীত কম্পিউটাৰৰ প্রচলন ঘটে। কেৱল সেয়াই নহয়; বাণিজ্যিক ফ্লাইটৰ চলাচলৰ উপৰি প্রথম স্কাই স্ক্রেপাৰ (১৮৮৫) নির্মাণ হয় আৰু আইফেল টাৱাৰো নির্মাণ হয় (১৮৮৭)। তদুপৰি এই ১৯০ বছৰত বিভিন্ন প্রাকৃতিক বিপর্যয়ৰ সাক্ষী জনাথন।
  • বার্ধক্যৰ প্রভাৱ পৰিছে
    জনাথন ৰ’দত থাকি ভাল পায়। কিন্তু গৰমৰ দিনত সি ছাঁত থাকে। বন্ধাকবি, গাজৰ, আপেল, কল, লেটুচ আৰু অন্যান্য বতৰৰ ফল তাৰ প্রিয় খাদ্য। অৱশ্যে বার্ধক্যৰ কাৰণে জনাথনে এতিয়া কমকৈ দেখা পায়। তদুপৰি তাৰ ঘ্রাণশক্তিও নোহোৱা হৈ আহিছে।1653274463469
  • বিশ্ব কচ্ছপ দিৱস
    প্ৰতি বছৰৰ দৰেই এইবাৰো বিশ্ব কচ্ছপ দিৱস আজি ২৩ মে’ বিশ্বজুৰি উদযাপন কৰা হৈছে। আজিৰ দিনটো কাছবোৰক প্ৰাকৃতিক বাসস্থানত জীয়াই থকা আৰু লাভৱান হোৱাত সহায় কৰাৰ বিষয়ে সজাগতা সৃষ্টিৰ দিন। এই দিৱসৰ আঁৰৰ মূল উদ্দেশ্য হৈছে কাছৰ লগতে কাছৰ বাসস্থান সুৰক্ষিত কৰাৰ বাবে কি কি কাম কৰিব লাগে সেই বিষয়েও মানুহক জ্ঞান দিয়া। কাছবোৰ ডাইনোছৰৰ সময়ৰ পৰা অহা আকৰ্ষণীয় জীৱ বুলি কোৱা হয়, যিটো ২০ কোটি বছৰৰো অধিক আগৰ। সমগ্ৰ বিশ্বতে মুঠ ৩০০ প্ৰজাতিৰ কাছৰ ভিতৰত প্ৰায় ১২৯ টা প্ৰজাতি বিপন্ন বুলি কোৱা হৈছে। বাতৰি অনুসৰি এই প্ৰাণীবোৰ সমগ্ৰ বিশ্বৰ অন্যতম পুৰণি সৰীসৃপ গোটৰ অন্তৰ্গত। এইবাৰৰ বিশ্ব কাছ দিৱসৰ বিষয়বস্তু হৈছে—’Shellebrate!’। এই বিশেষ দিনটো ২০০২ চনত আমেৰিকান টৰ্টইজ ৰেচকিউ (American Tortoise Rescue) নামৰ এটা অলাভজনক সংস্থাই প্ৰথম উদযাপন কৰিছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয়।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More