১৯২৮ চনৰ পৰা প্ৰকাশ পাই অহা অসম সাহিত্য সভাৰ পত্ৰিকাখনি  আজিও একত্ৰে প্ৰকাশ কৰিব নোৱৰাটো দুৰ্ভাগ্যজনক কথা – ড° সঞ্জীৱপল ডেকা

তেজপুৰৰ মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন

0 61
  • বিশিষ্ট নাট্যকাৰ-সাহিত্যিক দ্বিজেন্দ্ৰ নাথ শৰ্মাক মামনি বৰা সোঁৱৰণী বঁটা প্ৰদান
  • অধিবক্তা প্ৰমোদ চন্দ্র শৰ্মাক সভাপতি হিচাপে লৈ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন
  • কেবাগৰাকীও বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ, ১৪ মেঃ অসমৰ ছপাশালৰ ইতিহাসত তেজপুৰে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল Crowed fundingৰ প্ৰথম দৃষ্টান্তৰে “আসাম বন্তি” আলোচনী প্ৰকাশৰ জৰিয়তে।এই “আসাম বন্তি” প্ৰকাশত বিশেষ ভূমিকা পালন কৰিছিল মহাদেৱ শৰ্মাৰ পিতৃ জয়দেৱ শৰ্মাই । নৈষ্ঠিক ব্ৰাহ্মণ পৰিয়াল এটাত জন্ম গ্ৰহণ কৰি ‘মহম্মদ চৰিত’ ৰ দৰে গ্ৰন্হ ৰচনা কৰা উদাৰনৈতিক চেতনাৰ পৰিচয় দিছিল বিংশ শতিকাৰ প্ৰথমাৰ্ধত এইখন তেজপুৰৰে সন্তান মহাদেৱ শৰ্মাই বুলি আজি তেজপুৰত মন্তব্য কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সমালোচক, লেখক ড° সঞ্জীৱপল ডেকাই । তেজপুৰৰ মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ দ্বি বাৰ্ষিক অধিৱেশনত বিশিষ্ট অতিথিৰ আসনৰ পৰা ৰাজ্যখনৰ বৰ্তমান প্ৰজন্মৰ এগৰাকী গৱেষণাধৰ্মী ছিৰিয়াছ লেখক – সমালোচক হিচাপে পৰিগণিত হোৱা ড° ডেকাই ভাষণ প্ৰসংগত আৰু কয় – মহাদেৱ শৰ্মাৰ ৰচনাৱলী প্ৰকাশৰ দায়িত্ব কেৱল তেজপুৰ বা মহাদেৱ শৰ্মা সাহিত্য সভাৰেই নহয় এই দায়িত্ব সমগ্ৰ অসমৰ বৌদ্ধিক সমাজৰ তথা অসম সাহিত্য সভাৰ। অসম সাহিত্য সভাই নানা সজ কাম কৰি গৈছে কিন্তু ১৯২৮ চনৰ পৰা প্ৰকাশ পোৱা অসম সাহিত্য সভাৰ পত্ৰিকাখিনি একত্ৰে সংকলিত কৰিব নোৱাৰাটো পৰম পৰিতাপৰ কথা। ইয়াৰ পূৰ্বে তেজপুৰ মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ আজি অনুষ্ঠিত দ্বিবাৰ্ষিক অধিবেশনৰ শুভাৰম্ভণি ঘটে সদস্য/সদস্যাসকলৰ ‘চিৰ চেনেহী ভাষা জননী’ গীত পৰিবেশনৰে। সম্পাদিকা মিনাক্ষী দেৱীয়ে আঁত ধৰা এই অধিবেশনত ৰাজ্যিক শিক্ষক বঁটা প্ৰাপক, বিশিষ্ট শিশু সাহিত্যিক মামনি বৰা সোঁৱৰণি বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্যকাৰ, সাহিত্যিক তথা মহাদেৱ শৰ্মা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি দ্বিজেন্দ্ৰ নাথ শৰ্মাক। শাখা সাহিত্য সভাখনৰ সভাপতি পবীন্দ্ৰ নাথ কলিতাৰ পৌৰোহিত্যত অনুষ্ঠিত এই অধিবেশনত মুখ্য অতিথি ৰূপে আসন অলঙ্কৃত কৰা শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট ঔপন্যাসিক ড° ভূপেন শইকীয়াই জননায়ক মহাদেৱ শৰ্মাই অসমীয়া শিশু সাহিত্যক বিশেষভাবে প্ৰাণৱন্ত কৰা মহাদেৱ শৰ্মাই অসমীয়া জাতি, সমাজ আৰু সাহিত্যক পথ প্ৰদৰ্শন কৰা এগৰাকী পথিকৃৎ বুলি উল্লেখ কৰি তেখেতৰ ৰচনাৱলী যুগুতোৱাৰ কাম ইতিমধ্যে অধ্যাপক পল্লব ভট্টাচাৰ্য্যৰ হাতত ন্যস্ত কৰা হৈছে বুলি সদৰি কৰে। ড০ ভূপেন শইকীয়াই পৃথিৱীৰ পৰা জাতি নোহোৱা হোৱাৰ দৰে ভাষাৰ মৃত্যু এক চিৰন্তন শংকাৰ বিষয় বুলি মন্তব্য কৰি অসমীয়া ভাষাও বিপন্ন হৈ পৰাটো অসমীয়া জাতিৰ বাবে অশনি সংকেত আৰু মাতৃভাষাৰ এই দুৰ্যোগপূৰ্ণ পৰিস্হিতিত আমি সকলোৱে জাতীয় ভাষা-সাহিত্য চৰ্চাৰ পৰিবেশ গঢ়ি তুলিব লাগিব বুলি মন্তব্য কৰে। উল্লেখ্য যে, মাতৃ দিৱসৰ সৈতে সংযোগ ঘটা আজিৰ এই দিনটোৰ এই অনুষ্ঠানতে “অগ্ৰগতি অনুভূতি” মহিলা দলৰ আই-মাতৃসকলে দিহা নাম পৰিবেশন কৰে। আনহাতে অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা সাহিত্য সভাৰ সম্পাদক দুলাল নাথে অসমীয়া নৱপ্ৰজন্মৰ মাজত অধ্যয়নৰ স্পৃহা বৃদ্ধি কৰাৰ ক্ষেত্ৰত শাখা সাহিত্য সভাসমূহৰ বিশেষ কৰণীয় আছে বুলি মন্তব্য কৰে। এই অনুষ্ঠানতে ভোলা কলিতা বঁটা প্ৰাপক বিশিষ্ট অভিনেতা – পৰিচালক কৰুণা শইকীয়া, বিশিষ্ট অভিনেতা নাট্য যোদ্ধা মৃগেন চন্দ্র বড়া, গৱেষিকা ৰাজতৰঙ্গিনী প্ৰমূখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয়। অধিৱেশন উপলক্ষে পুৱাবেলা ৯ বজাত পতাকা উত্তোলন কৰে সভাপতি পবীন্দ্ৰনাথ কলিতাই। বিশিষ্ট চিকিৎসক ডা: প্ৰদীপ বৰুৱাই খুহুতীয়া বক্তব্যৰ সকলোকে আহ্লাদিত কৰে। ইয়াৰ পিচত ৯:৪৫ বজাত শিশুসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু থিতাতে চিঠিলিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। অধিবেশনৰ পূৰ্বে কবিতা লিখা প্ৰতিযোগিতা গল্প প্ৰতিযোগিতা অনুষ্ঠিত হয়।আনহাতে ১২ বজাৰ পৰা হোৱা বিষয় বাছনি সভাই অধিবক্তা প্ৰমোদ চন্দ্ৰ শৰ্মাক সভাপতি, চিনু পাঠকক উপসভানেত্ৰী, সত্যদেৱ শৰ্মাক সম্পাদক, মাণিক বৰা আৰু ইনা দেৱী শইকীয়াক সহকাৰী সম্পাদক, কুলপ্ৰসাদ শৰ্মা আৰু মণিমালা শইকীয়াক সাংগঠনিক সম্পাদক, কামিনী ভূঞাক হিচাপ পৰীক্ষক আৰু মীৰা শইকীয়া বৰা, প্ৰশান্ত শৰ্মা, শান্তনা বৰা, কিশোৰ দত্ত, মিনতি শৰ্মা, ৰুণু বৰা, উদ্ধৱ বৰুৱা, ইভা শৰ্মা, যোগেন পটঙ্গীয়া, অনিমা গোস্বামীক কাৰ্যকৰী সদস্য হিচাপে লৈ এখন শক্তিশালী সমিতি গঠন কৰা হয়।অনুষ্ঠানটিৰ
অন্তত শলাগ জ্ঞাপন কৰে সম্পাদিকা মিনাক্ষী দেৱীয়ে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More