১ কেজি চাহপাতৰ মূল্য ১৩ কোটি টকা !

ভাৰতত মুকলি হ'ব লণ্ডন টি এক্সচেঞ্জৰ ষ্ট'ৰ

0 117

দাদুল দেৱকৃষ্ণ বৰুৱা

অবিশ্বাস্য যেন লাগিলেও সত্য। এক কিলোগ্ৰাম চাহৰ মূল্য ১৩ কোটি টকা। ইমান মহঙা কিয় এই চাহ ? জনাম সকলো। কিন্তু তাৰ পূৰ্বে জানিব লাগিব এসময়ৰ ভাৰতীয় জুনিয়ৰ ক্ৰিকেট দলৰ সদস্য চাহিদ ৰহমানৰ কথা।

  • ক্ৰিকেটৰ পৰা চাহ ব্যৱসায়লৈ
    বৰ্তমান লণ্ডনৰ বাসিন্দা তথা কলকতাৰ যুৱক চাহিদ ৰহমান। অনুর্ধ্ব ১৩ ভাৰতীয় ক্রিকেট দলৰ হৈ খেলিছিল যুৱৰাজ সিঙৰ সতে। কান্ধত আঘাত নোপোৱা হ’লে হয়তো ভাৰতীয় ক্রিকেট দলৰ হৈ খেলাৰ ভৱিষ্যৎ আছিল চাহিদৰ। কলকতাৰ ছেইন্ট জেভিয়ার্চ স্কুলৰ পৰা পাছ কৰি ইংলেণ্ডত ছাত্ৰ জীৱন শেষ কৰি জীৱনৰ এক সুকীয়া পথেৰে আগবাঢ়িল তেওঁ। বিবিচি (BBC), স্কাই স্পর্টছ (Sky Sports)ত দীর্ঘ দিন কাম কৰাৰ পিছত ব্যৱসায় আৰম্ভ কৰিলে তেওঁ। এই কথা পাহৰা নাযায় যে, চাহিদৰ পিতৃৰ লগত ভাৰতীয় ক্রিকেট ওতঃপ্রোতভাৱে জড়িত আছিল। ১১৩খন টেষ্ট মেচ আৰু ১০৯খন এদিনীয়া মেচৰ অফিচিয়েল স্ক’ৰাৰ হিচাবে কাম কৰা একমাত্ৰ ভাৰতীয় তথা খেল জগতৰ অনেক ৰথী-মহাৰথীৰ তেওঁ পৰিচিত। সেই চাহিদৰ হাতত ধৰিয়েই ভাৰতলৈ ফ্ৰেনচাইজি হিচাপে লৈ আহিছে লণ্ডন টি এক্সচেঞ্জ (London Tea Exchange), ঐতিহাসিক চাহৰ ব্রেণ্ড; যাৰ গুণমুগ্ধ স্বয়ং ব্রিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ।1651743550141
  •  ভাৰতত হ’ব ২০০খন ষ্ট’ৰ
    ভাৰতীয়ৰ জীৱনত চাহ অঙ্গাঙ্গীভাৱে জড়িত। ‘চায়ে পে চর্চা’ই হওক কিম্বা আৰামত হেলান দি কৰা বিলাসী আলোচনাই নহওক কিয়, চাহৰ বিকল্প পোৱা সহজ নহয়। চাহিদ ৰহমানে অতি সম্প্রতি ভাৰতত লণ্ডন টি এক্সচেঞ্জৰ স্বত্ব লৈছে। চাহিদৰ কথাৰে— ‘’মই কলকতাৰ ল’ৰা। চাহ আমাৰ দৈনন্দিন জীৱনৰ অন্যতম অঙ্গ। মই আশা কৰিছোঁ আগন্তুক দিনত অন্ততঃ ২০০খন ষ্ট’ৰ খোলাৰ আৰু প্রথম বছৰত অন্ততঃ ৫০খন ষ্ট’ৰ খোলাৰ।’’ এই বিষয়ে চাহিদে আৰু জনায়— ‘‘যিদৰে বহুকেইটা দশক ধৰি ‘ষ্টাৰবাকছ’ উন্নত মান আৰু উত্তম পৰিসেৱাৰ শীর্ষত আছে, আমিও বিচাৰোঁ আমাৰ ব্রেণ্ড সেইদৰেই আগুৱাওক। কেৱল চাহ নহয়, কফিৰ ক্ষেত্রতো আমি বিশ্বমানৰ পৰিসেৱা প্ৰদান কৰিম ভাৰতীয়সকলক।’’ এনে একোখন ষ্ট’ৰৰ ফ্ৰেনচাইজিয়ে আদায় দিব লাগিব কমেও ১.৫ কোটি টকা। কোৱা বাহুল্য যে, এতিয়া চহৰাঞ্চলৰ ভাৰতীয়সকলৰ পক্ষে কাফে, ৰেস্তোৰাঁলৈ গ’লে খৰচ বৰ বেছি এটা কঠিন বা কষ্টসাধ্য নহয়। সেই দিশৰ পৰা চালে চাহিদ ৰহমানৰ এই নতুন ভাবনা সফল হোৱাৰ সম্ভাৱনা আছে। আপাতত ঠিক কৰা হৈছে ভাৰতীয় চহৰবোৰৰ ভিতৰত মুম্বাই, কলকতা, হায়দৰাবাদত প্রথম ঢাপত ষ্ট’ৰ খোলা হ’ব। এনেবোৰ ষ্ট’ৰত এপিয়লা চাহৰ ন্যূনতম মূল্য হ’ব ১২০ টকা।
  •  লণ্ডন টি এক্সচেঞ্জৰ বিষয়ে যৎসামান্য
    লণ্ডন টি এক্সচেঞ্জ হৈছে বিশ্বৰ বিলাসী চাহ দোকানবোৰৰ ভিতৰত অন্যতম। এই বিলাসী ব্যৱসায় ১৫৫২ চনতে আৰম্ভ কৰিছিল দ্বিতীয় চাৰ্লছে (Charles II)। তেতিয়ালৈ তেওঁ পৰ্তুগীজ ৰাজকুমাৰী কেথেৰিন বাৰ্গাঞ্জাৰ (Katherine Braganza) লগত বিবাহ পাশত আৱদ্ধ হৈছিল। বৰ্তমান এই অভিজাত ব্যৱসায়টোৰ গুৰি ধৰি আছে চিইঅ’ (CEO) হিচাপে প্ৰাক্তন বেংকাৰ এছ কে আলিউৰ ৰহমানে (SK Aliur Rahman)। লগত আছে মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন মেনেজিং ডিৰেক্টৰ মাইক ফাৰ্নান (Mike Farnan) আৰু কেনাৰী ৱাৰ্ফ গ্ৰুপ (Canary Wharf group)ৰ মুৰব্বী হাৱাৰ্ড দাৱাবেৰ (Howard Dawber)। উল্লেখ্য যে, লণ্ডন টী এক্সচেঞ্জত ৪২খন দেশৰ ৯০০ প্ৰকাৰৰ চাহ উপলব্ধ। এই ৯০০ বিধ চাহৰ কেৱল ৩০০ বিধহে সাধাৰণ মানুহৰ বাবে। বাকীবোৰ? বাকীবোৰ অভিজাত গ্ৰাহকৰ বাবে।1651743550074
  •  সোণালী চাহৰ ৰূপালী কথা
    লণ্ডন টি এক্সচেঞ্জৰ সোণালী চাহপাতৰ প্ৰতি দেশে-বিদেশে অনেক আগ্রহ আছে। এই চাহপাতৰ ১ কেজিৰ দাম ১৩ কোটি টকা ! হয়, চাহৰ ক্ষেত্রত প্রিমিয়াম যাক কোৱা হয়, সেয়াও ভাৰতলৈ আনিছে চাহিদ ৰহমানে। ইমান মহঙা চাহ কিদৰে বিক্ৰী হ’ব ভাৰতীয় গ্ৰাহকৰ মাজত? এটা স্বাভাৱিক প্ৰশ্ন। উত্তৰত চাহিদ ৰহমানে কয় যে, সোণালী চাহ সেৱন কৰিব পৰাকৈ তৈয়াৰ কৰি যিকোনো চাহৰ দোকানত বিক্ৰী কৰাটো বৰ সহজ কথা নহয়; কিন্তু লণ্ডন টি এক্সচেঞ্জৰ বিপনীত এই সুবিধা থাকিব। অৱশ্যে এয়া কোনো অভিজাত গ্ৰাহকৰ বাবেহে সহজসাধ্য হ’ব। যিসকল ‘ছুপাৰ ৰিচ’ (Super rich) তেওঁলোকেহে চুমুক দিব পাৰিব এই সোণালী চাহৰ পিয়লাত। অৱশ্যে সোণালী চাহপাতেৰে তৈয়াৰ কৰা এপিয়লা চাহৰ মূল্য কিমান হ’ব, সেইকথা চাহিদে প্ৰকাশ কৰা নাই আৰু ইয়াৰ বিক্ৰী কেতিয়াৰ পৰা আৰম্ভ হ’ব সেয়াও সদৰী কৰা নাই। লণ্ডন টি এক্সচেঞ্জে বিক্ৰী কৰা এই সোণালী চাহ বাংলাদেশৰ চিলেট জিলাৰ দুই-এঠাইত উৎপাদিত চাহপাতৰ পৰা তৈয়াৰ কৰা হয়। বাংলাদেশত চাহবিধ ‘সোণাৰ বাংলা’ হিচাপে পৰিচিত। মজাৰ কথাটো হ’ল আপুনি বিনামূলীয়াকৈ পান কৰিব পাৰিব এই বহুমূলীয়া চাহ। অৱশ্যে থাকিব এটা চৰ্ত। আপুনি হ’ব লাগিব ন’বেল বঁটা বিজয়ী। ইংলেণ্ডত এক কিলোগ্ৰাম সোণালী চাহপাতৰ মূল্য ১৪ লাখ পাউণ্ড। সেই হিচাপত চাবলৈ গ’লে ভাৰতীয় মুদ্ৰাত ১৩ কোটিৰো অধিক। চাহবিধ দেখিবলৈ ক’লা চাহ বা Black teaৰ ধৰণৰেই যদিও কিছু সুকীয়া। এই প্ৰকাৰৰ চাহ উৎপাদন প্ৰক্ৰিয়াটোও বেছ দীঘলীয়া হয়। চাৰে চাৰি বছৰ সময় লাগে এই চাহৰ সম্পূৰ্ণ প্ৰচেচিং প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবৰ বাবে। ৯ কুইণ্টল চাহপাতৰ পৰা কেৱল এক কিলোগ্ৰাম পাত বাছি উলিওৱা হয় গ’ল্ডেন টি প্ৰস্তুত কৰিবৰ বাবে। প্ৰতিটো পাততে ২৪ কেৰট সোণৰ প্ৰলেপ দিয়া হয়।1651743550091

শীঘ্রেই ব্রিটিছ হাইকমিচনৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে উদ্বোধন হ’ব ভাৰতত লণ্ডন টি এক্সচেঞ্জৰ। জীৱনৰ প্ৰথম ইনিংছত ক্ৰিকেটাৰ হিচাপে চাহিদে সোঁ হাতেৰে বেটিং আৰু শ্ল’ অফ্ স্পীন বলিং কৰিছিল। এইবাৰ জীৱনৰ দ্বিতীয় ইনিংছত চাহ ব্যৱসায়ী হিচাপে বেটিঙত অভাৰ বাউণ্ডেৰি কোবাই নে ক্লীন বল্ড হয় সময়তহে জানিব পৰা যাব।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More