১ টকাৰ পৰা কোটিপতি হোৱা অসমীয়া ব্যৱসায়ীজন

0 63

      সুনন্দ ৰাম ডেকা ওলাই আহিছিল নলবাৰীৰ বৰনৰ্দ্দী গাঁৱৰ ঘৰখনৰ পৰা৷ এটা এটকা ৷ তাতকৈ দিবলৈ আৰু একোৱেই নাছিল মানুহজনীৰ ৷ অভাৱে জুৰুলা কৰা ঘৰখনৰ হিচাপৰ অংক মিলাই মিলাই হাৰি গৈছিল তেওঁ ৷ কাম বিচাৰি ঘৰৰ পৰা ওলাই যাব খোজা ল’ৰাটোক দিবলৈ মাকজনীৰ হাতত সেয়াই আছিল একমাত্ৰ সম্বল ৷

প্ৰথমতে টংলা আৰু তাৰ পাছত জীৱিকাৰ সন্ধানত উপস্থিত হৈছিল মঙলদৈত ৷ সেয়া যোৱা শতিকাৰ ত্ৰিশৰ দশকৰ কথা ৷ তেতিয়া তেনেই সৰু চহৰ মঙলদৈত প্ৰথম অৱস্থাত দিন হাজিৰা আৰু অন্যান্য শ্ৰম কৰি দুপইচা আৰ্জি এটা নতুন জীৱনৰ পাতনি মেলা দিনবোৰতেই সুনন্দই মঙলদৈ চহৰত ছাব ডেপুটি কালেক্টৰ এজনৰ লগুৱা হিচাপে কাম কৰিছিল ৷ বদলিৰ নিৰ্দেশ পাই চহৰ এৰিবৰ সময়ত বিষয়াজনে সুনন্দক মৰমৰ চিন হিচাপে দি থৈ গ’ল ১২১ টকা ৷ সেয়াই আছিল আজি প্ৰায় ২০০ কোটিৰো অধিক টকাৰ ব্যৱসায় চলাই অহা অসমৰ সম্ভ্ৰান্ত ব্যাৱসায়িক গোষ্ঠী এছ আৰ ডিৰ প্ৰথম মূলধন ৷

১৯৩১ চনত সুনন্দ ৰাম ডেকাই আৰম্ভ কৰিলে ‘ৰিপোজ’ নামৰ চাহৰ দোকান ৷ ১৯৪৩-ত আৰম্ভ কৰিলে এখন গেলামালৰ পাইকাৰী আৰু খুচুৰা দোকান, লগতে এটা বেকাৰী উদ্যোগ আৰু এই আটাইবোৰক সামৰি নাম দিছিল এছ আৰ ডি এণ্ড ছন্ছ ৷ এদিন দুদিনকৈ মঙলদৈ চহৰত এনেকৈয়ে এইগৰাকী ব্যক্তি প্ৰখ্যাত হৈ পৰিল সুনন্দ বা সুনন্দি মহাজন নামেৰে ৷

১২১ টকাৰে ব্যৱসায় আৰম্ভ কৰা গোষ্ঠীটোৰ অধীনত বৰ্তমান আছে (১৯৮৯-ত প্ৰায় ৫৫ লাখ টকা মূলধনযুক্ত) আটাৰ মিল, এছ আৰ ডেকা এণ্ড কোম্পানী প্ৰাইভেট লিমিটেড, এছ আৰ ডি বেকাৰ্ছ, ৰিপোজ ফুডছ প্ৰাইভেট লিমিটেড, ৰিপোজ স্নেক্ছ এণ্ড ছুইট্ছ, এছ আৰ ডি নিউট্ৰিয়েনছ প্ৰাইভেট লিমিটেড, সুনন্দৰাম ফুডছ প্ৰাইভেট লিমিটেড, ট্ৰিনিটী ফ্ৰুক্টা লিমিটেড, নৰ্থ ইষ্ট নিউট্ৰিয়েনছ প্ৰাইভেট লিমিটেড নামৰ গোটসমূহ ৷ লগতে আছে মঙলদৈত ড্ৰীম থিয়েটাৰ নামেৰে ২০০খন আসনযুক্ত থ্ৰি ডি হল, গুৱাহাটীত চিগনেট ইন ৰিপোজ নামৰ বিলাসী হোটেল তথা বৃহৎ ভড়াল আৰু ব্যাৱসায়িক আস্থান ৷

( উদয় ভাস্কৰ বৰাৰ পৰা প্ৰাপ্ত আৰু তেখেতৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা হৈছে।)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More