২০২২ চনত দেশৰ ধন কুবেৰৰ তালিকা কোন কোন

তেওঁলোকৰ মুঠ ধন-সম্পত্তি কিমান জানেনে?

0 75

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ জুলাই : ভাৰতৰ ধন কুবেৰৰ শীৰ্ষ তালিকাত বোধহয় বহু ধনী মানুহ আছে যাৰ নাম আমাৰ অজ্ঞাত। ইয়াত আমি শীৰ্ষৰ দহজনৰ নাম জানিবলৈ চেষ্টা কৰিম। ২০২২ চনত এইসকল লোকে শীৰ্ষ ধনী লোকৰ স্থান দখল কৰিছে। চাওঁ আহক, কোন কোন আছে এই তালিকাত।

* মুকেশ আম্বানি
ভাৰতৰ কোটিপতি আৰু ধনী লোকসকলৰ ভিতৰত মুকেশ আম্বানী শীৰ্ষত আছে। তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ। তেওঁ দেশৰ প্ৰথম ধনী ব্যক্তি আৰু বিশ্বৰ দ্বাদশ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। ধনী লোকৰ তালিকাত তেওঁ মুঠ ১৩ বাৰ নিজৰ নাম উজলাইছে। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ দেশৰ অন্যতম বৃহৎ উদ্যোগ। ই পেট্ৰ’ল, গেছ, তেল, বস্ত্ৰ, টেলিকম যোগাযোগ নেটৱৰ্কৰ ব্যৱসায়। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯০.৭ বিলিয়ন। যিটো এইবাৰ ৬ শতাংশ বৃদ্ধি পাইছে। প্ৰয়াত পিতৃৰ নামেৰে নামকৰণ কৰা জামনগৰৰ এটা কমপ্লেক্সত চাৰিটা প্ৰকাণ্ড কাৰখানা নিৰ্মাণ কৰি আছে। তেওঁ নিজৰ উদ্যোগত অহা ১৫ বছৰত ৬০ বিলিয়ন বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।

* গৌতম আদানী
তেওঁ ভাৰতৰ দ্বিতীয় ধনী ব্যক্তি আৰু বিশ্বৰ ১১ নং ধনী ব্যক্তি। তেওঁ আদানি গ্ৰুপৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক। তেওঁ আহমেদাবাদস্থিত ভাৰতৰ বন্দৰ আৰু উন্নয়ন আৰু পৰিচালনা বহুজাতিক গোটৰ সৈতে জড়িত। তেওঁ প্ৰীতি আদানীৰ সৈতে বিবাহপাশত আবদ্ধ। ২০৩০ চনৰ ভিতৰত ৬০ বিলিয়ন বিনিয়োগ কৰি তেওঁ ব্যৱসায়টোক অধিক সফল কৰিবলৈ চেষ্টা কৰিছে। শেহতীয়াকৈ তেওঁ ১০.৫ বিলিয়ন টকাত অম্বুজা চিমেণ্ট ক্ৰয় কৰিছে। বৰ্তমান তেওঁৰ দুজন পুত্ৰ আছে।

* শিৱ নাদৰ
তেওঁ ভাৰতৰ তৃতীয় ধনী ব্যক্তি আৰু বিশ্বৰ ৪৭ নম্বৰ ধনী ব্যক্তি। বৰ্তমান তেওঁ এইচ চি এল এপ্লাইডৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ আৰু উপদেষ্টা। তেওঁৰ সম্পত্তি আছে ২৭.৬ বিলিয়ন টকা। চলিত বৰ্ষত তেওঁৰ সম্পত্তি ২২ শতাংশ বৃদ্ধি পাইছে। ভাৰতৰ শিক্ষা ব্যৱস্থাৰ ওপৰত চকু ৰাখি তেওঁ শিৱ নাদৰ ফাউণ্ডেশ্যন মুকলি কৰিছিল। কিৰণ শিৱ নাদৰৰ সৈতে তেওঁৰ বিবাহ হৈছে। তেওঁৰ এগৰাকী ছোৱালী আছে। তেওঁৰ কন্যা ৰশ্মিণী নাদৰ মালহোত্ৰাই ৫২খন দেশত প্ৰায় ২ লাখ কৰ্মচাৰীৰে এই কোম্পানীটো চলাই আছে।

* চাইৰাছ পুনাৱালা
তেওঁ ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক। তেওঁ ভাৰতৰ চতুৰ্থ ধনী ব্যক্তি আৰু বিশ্বৰ ৫৭ নম্বৰ ধনী ব্যক্তি। দেশত ক’ৰনাৰ বিৰুদ্ধে অগ্ৰণী ভূমিকা পালন কৰিছে প্ৰতিষ্ঠানটোৱে। তেওঁলোকৰ এই ভেকচিনে দেশৰ লাখ লাখ লোকক নতুন জীৱন প্ৰদান কৰিছে। গতিকে এইবাৰৰ চাইৰাছ পুনৱালাক পদ্মভূষণেৰে সন্মানিত কৰা হৈছে। এই প্ৰতিষ্ঠানটোৱে পলিঅ’কে ধৰি মিজিলছ ভেকচিন প্ৰদান কৰিছে। ২০১০ চনত তেওঁৰ পত্নী ভিলিঅ’ পুনাৱালাৰ মৃত্যু হয়। বৰ্তমান তেওঁৰ এটি পুত্ৰ আছে। তেওঁৰ নাম আদাৰ পুনাৱালা।

* ৰাধাকৃষ্ণ দমনি
শ্বেয়াৰ বজাৰত এজন ষ্টক বিনিয়োগকাৰী হিচাপে তেওঁ বিখ্যাত। তেওঁ ডি মাৰ্টৰ প্ৰতিষ্ঠাপক। এখন গেলামালৰ দোকানেৰে খুচুৰা ব্যৱসায় আৰম্ভ কৰিছিল। পিছত তেওঁ চুপাৰ মাৰ্কেটৰ এটা চেইন খুলি এভিনিউ ছুপাৰ মাৰ্কেট খুলিছিল। দেশত তেওঁৰ মুঠ ২৬১ টা ডি-মাৰ্ট ষ্ট’ৰ আছে। তেওঁ ভাৰতৰ পঞ্চম ধনী ব্যক্তি আৰু বিশ্বৰ ৮১ নম্বৰ ধনী ব্যক্তি। তেওঁৰ সম্পত্তি ২০ বিলিয়ন। তেওঁ অংশীদাৰ হিচাপে অম্বুজাৰ চিমেণ্টৰ সৈতে সহযোগিতা কৰাৰ চেষ্টা কৰিছে। ইয়াৰ পৰা ১০০০ কোটি টকা বিনিয়োগ কৰিব পাৰি বুলি জনা যায়। ভাতৃ গোপীকৃষ্ণনৰ সৈতে মুম্বাইত ১০ কোটি টকাৰ এটা ঘৰ কিনিছিল। ইতিমধ্যে তেওঁৰ বিয়া হৈছে। বৰ্তমান তিনিটা সন্তান আছে।

* লক্ষ্মী মিট্টাল
বিশ্বৰ সৰ্ববৃহৎ তীখা আৰু খনন কোম্পানী আৰ্চেল মিট্ৰেলৰ অধ্যক্ষ লক্ষ্মী মিট্টাল। ২০২১ চনত তেওঁ ৬.৭ বিলিয়ন টকা উপাৰ্জন কৰিছিল। মিট্টাল ভাৰতৰ ষষ্ঠ ধনী ব্যক্তি আৰু বিশ্বৰ ৬৯ নম্বৰ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে। বৰ্তমান তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৬.৯ বিলিয়ন টকা। তেওঁ আমেৰিকাত ১২৬ মিলিয়ন আৰু দিল্লীত ৩০ মিলিয়ন মূল্যৰ ঘৰৰ মালিক। তেওঁৰ বিবাহ হৈছে ঊষা মিট্টলৰ সৈতে। তেওঁলোকৰ দুটা সন্তান আছে— বনিষা আৰু আদিত্য মিট্টাল।

* সাবিত্ৰী জিন্দল
বৰ্তমান তেওঁ জিন্দাল গ্ৰুপ অৱ কোম্পানীৰ অধ্যক্ষ। দেশৰ অন্যতম ধনী মহিলা। ১৯৮০ চনত ওমপ্ৰকাশ জিন্দালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁৰ স্বামী জিন্দলে এই গোটটো প্ৰতিষ্ঠা কৰিছিল। ইয়াত মূলতঃ তীখা আৰু বৈদ্যুতিক কাম কৰা হয়। হেলিকপ্টাৰ দুৰ্ঘটনাত স্বামীৰ মৃত্যু হয়। তাৰ পিছত সাবিত্ৰী দেৱীয়ে ব্যৱসায়ৰ দায়িত্ব লয়। তেওঁ হাৰিয়ানা চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিধায়িনী দলৰো সদস্য আছিল। ২০২০ চনত ১৯ নম্বৰ ধনী ব্যক্তি হিচাপে তালিকাত প্ৰকাশ পাইছিল সাবিত্ৰী দেৱীৰ নাম। তেওঁ দেশৰ ভিতৰত সপ্তম আৰু বিশ্বৰ ৯১ নম্বৰ স্থান লাভ কৰিছে।

* কুমাৰ বিৰলা
আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ। তেওঁ অষ্টম ধনী ভাৰতীয় আৰু বিশ্বৰ ১০৯ নম্বৰ ধনী ব্যক্তি। তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৬.৫ বিলিয়ন। ২০১৬ চনত আইডিয়া আৰু ভোডাফোনৰ একত্ৰীকৰণৰ বাবে তেওঁ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে। নিৰোজা বিৰলাৰ সৈতে তেওঁৰ বিবাহ হয়। তেওঁৰ দুগৰাকী কন্যা আৰু এজন পুত্ৰ আছে।

* দিলীপ চাংভি
ছান ফাৰ্মাচিউটিকেলছৰ প্ৰতিষ্ঠাপক। এইবাৰ দেশৰ ৯ম ধনী আৰু বিশ্বৰ ১১৫ নম্বৰ ধনী ব্যক্তি। তেওঁ কেৱল আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ৪.৫ বিলিয়ন টকা উপাৰ্জন কৰিছে। ২০১৯ চনত তেওঁ শ্ৰেষ্ঠ ব্যৱসায়িক কিতাপৰ বাবে মনোনীত হৈছিল। তেওঁৰ বিবাহ হৈছে ভিভা চাংভিৰ সৈতে। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে— আলোক আৰু বিদ্যা।

* উদয় কোটাক
কোটাক মহিন্দ্ৰা বেংকৰ প্ৰতিষ্ঠাপক। তেওঁ দেশৰ দশম ধনী ব্যক্তি আৰু বিশ্বৰ ১২৯ নম্বৰৰ ধনী। তেওঁৰ সম্পত্তিৰ পৰিমাণ হৈছে ১৫.৩ বিলিয়ন। ২০০৩ চনত তেওঁৰ এটা বিত্তীয় কোম্পানী আছিল। পৰৱৰ্তী সময়ত বেংকিং লাইচেন্স লাভ কৰি কোটাক মহিন্দ্ৰা বেংক স্থাপন কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More