২০২২: বিশ্বজুৰি প্ৰথম ছমাহত ৭২ জন সাংবাদিকক-হত্যা

১৮খন দেশত ৭২ জনঃ ভৰতত এতিয়ালৈকে ৪ জনক হত্যা

0 17

জেনেভা, ৫ জুলাইঃ ২০২২ চনৰ প্ৰথম ছমাহত বৃহৎ সংখ্যক সাংবাদিকক হত্যা কৰাৰ ফলত বিশ্বৰ সংবাদ মাধ্যমৰ সুৰক্ষা আৰু অধিকাৰ সংস্থা প্ৰেছ এম্বেলেম কেম্পেইন (পিইচি) স্তম্ভিত হৈ পৰিছে। যোৱা জানুৱাৰী মাহৰ পৰা ১৮খন দেশত ৭২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা বছৰৰ একে সময়ছোৱাত মৃত্যু হৈছে ৩৬ জনৰ। ২০২১ চনৰ গোটেই বছৰটোত ৭৯ জন আৰু ২০২০ চনত ৯২ জন সংবাদ মাধ্যমৰ কৰ্মী নিহত হৈছিল ।

এই সকলোবোৰ অপৰাধৰ ব্যতিক্ৰম নোহোৱাকৈ সম্পূৰ্ণ তদন্ত কৰিব লাগিব। অতি উদ্বেগজনক অৱনতিৰ ঘটনাবোৰ তদন্ত আৰু বিচাৰ ব্যৱস্থাৰে সাংবাদিকসকলৰ সুৰক্ষা শক্তিশালী কৰিবলৈ ৰাষ্ট্ৰসংঘলৈ পি ই চিয়ে আহ্বান জনাইছে।

-পিইচিৰ সভাপতি ব্লেইজ লেম্পেন

ইউক্ৰেইনৰ যুদ্ধ আৰু মেক্সিকোত অবাধ অপৰাধমূলক কাৰ্য্যই এই ভয়ংকৰ অৱনতিৰ মূল কাৰণ। ৪ জন সাংবাদিক-হত্যাৰ সৈতে ইউক্ৰেইন আৰু মেক্সিকোৰ পিছত ভাৰত স্থান লাভ কৰিছে। ইয়াৰ পিছতে পাকিস্তান, হাইটি আৰু য়েমেনত প্ৰতিখন দেশতে ৩ জন নিহত হয়। পিইচিয়ে বাংলাদেশ, ব্ৰাজিল, হণ্ডুৰাছ, ইজৰাইল/পেলেষ্টাইন আৰু ফিলিপাইনছত ২ জন আৰু ম্যানমাৰ, তুৰস্ক, চাদ, চিলি, গুৱেটামালা, কাজাখস্তান আৰু আমেৰিকাত ১ জন ভুক্তভোগী ৰেকৰ্ড কৰে।4464
ইউক্ৰেইনত ৰাছিয়াই আৰম্ভ কৰা সংঘাতৰ ফলত সংবাদ মাধ্যমৰ কৰ্মীৰ মাজত ৩০ জন (৪ মাহত) ভুক্তভোগী হৈছে, কৰ্তব্যৰত অৱস্থাত ১৬ জন আৰু সেনাবাহিনীত সৈনিক বা স্বেচ্ছাসেৱক হিচাপে যুদ্ধত নিহত ১৪ জন সাংবাদিক। ৰাছিয়া আৰু ইউক্ৰেইন কৰ্তৃপক্ষই নিশ্চিত কৰিব লাগিব যে চলি থকা যুদ্ধৰ বাতৰি পৰিৱেশন কৰাৰ সময়ত সাংবাদিকসকলক লক্ষ্য কৰি লোৱা নহয় আৰু তেওঁলোকে মুক্তভাৱে কাম কৰিব পাৰে। যোৱা ছমাহত মেক্সিকোত ১২ জন সংবাদ মাধ্যমৰ ভুক্তভোগীৰ সাক্ষী হৈছে যিয়ে ২০২১ চনৰ মুঠ সংখ্যা (১০ জন নিহত) অতিক্ৰম কৰিছে।
পিইচিৰ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ প্ৰতিনিধি নৱ ঠাকুৰীয়াই জনাইছে যে সমগ্ৰ অঞ্চলটো কৰ্মৰত সাংবাদিকসকলৰ বাবে বিপজ্জনক হৈয়েই আছে, য’ত লেখকসকলকো লক্ষ্য কৰি লোৱা হৈছে। ২০২২ চনৰ প্ৰথমাৰ্ধত ভাৰতত ৰোহিত কুমাৰ বিশ্বাস, সুধীৰ ছাইনী, জুনেদ খান পাঠান আৰু সুভাষ কুমাৰ মাহাতুক হত্যা কৰাৰ বিপৰীতে পাকিস্তানে হেৰুৱাইছে মিডিয়া কৰ্মী হাছনেইন শ্বাহ, মুৰ্তাজা শৰ আৰু আথাৰ মটিন। বাংলাদেশে মোহিউদ্দিন সৰকাৰ নায়েম আৰু আব্দুল বাৰীক হেৰুৱাইছিল, আনহাতে ফিলিপাইনছে আক্ৰমণকাৰীৰ হাতত ঝান্না ভিলেগাছ আৰু জয়নাৰ্ড এঞ্জেলছক হেৰুৱাইছিল আৰু ম্যানমাৰে সামৰিক অত্যাচাৰত পু টুই ডিমৰ মৃত্যু হৈছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More