২২ জুনঃ বিশ্ব বৰ্ষাৰণ্য দিৱস

0 61
  মানস প্রতিম দত্ত
    বৰ্ষাৰণ্য শব্দটো মূলতঃ  দুটা শব্দৰ সমষ্টি৷ বৰষা আৰু অৰণ্য৷ বৰ্ষাৰণ্য শব্দটো শুনিলে আমি বহুতে ভাবো যে উক্ত অঞ্চলত গছৰ পৰা টোপাটোপে বৰষুণ সৰি থাকে৷ ই এক ভুল ধাৰণাহে৷ গোটেই বছৰ সেমেকা পৰিৱেশ বিৰাজ কৰে বাবে এনে অৰণ্যাঞ্চলবোৰক বৰ্ষাৰণ্য বোলা হয়৷
  Merriam-Webster-ৰ মতে বৰ্ষাৰণ্য বা Rainforest হৈছে a tropical woodland with an annual rainfall of at least 100 inches [254 centimeters] and marked by lofty broad-leaved evergreen trees forming a continuous canopy – called also tropical rain forest অৰ্থাৎ বৰ্ষাৰণ্য হ’ল একপ্ৰকাৰৰ গ্ৰীষ্মমণ্ডলীয় বন অঞ্চল, য’ত বছৰি কমেও ১০০ ইঞ্চি [২৫৪ ছে মি] বৰষুণ হয় আৰু যাক বহল পাতৰ চিৰসেউজ গছেৰে চালিৰ দৰে আৱৰি ৰাখে – যি গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য বুলিও জনা যায়৷
     বৰ্ষাৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী বৈচিত্ৰই ইয়াক এক নান্দনিক ৰূপ প্ৰদান কৰে, যাৰ বাবে এনে বন অঞ্চলসমূহক সুন্দৰতম পৰিৱেশতন্ত্ৰ হিচাপে জনা যায়৷ বৰ্ষাৰণ্যৰ অপৰূপ সৌন্দৰ্যত মোহিত হৈ কলম্বাছে কৈছিল – I have never seen anything so beautiful. The country around the river is full of trees, beautiful and green and different from ours, each with flowers and its own kind of fruit. There are many birds of all sizes that sing very sweetly, and there are many palms…
     জাৰ্মান উদ্ভিদবিদ এণ্ড্ৰিয়াজ ফ্ৰাঞ্জ উইলহেম শ্বিম্পাৰে অৰণ্যাঞ্চলৰ এনে মনোমোহা ৰূপ বৈশিষ্ট্য সম্পন্ন অঞ্চলক বৰ্ষাৰণ্য নামেৰে অভিহিত কৰিছিল৷ ১৮৯৮চনত প্ৰকাশিত তেখেতৰ ভূ-উদ্ভিদবিজ্ঞান বিষয়ক গ্ৰন্থ ‘প্লাণ্ট জিঅ’গ্ৰাফী’ [Pflanzengeographie auf physiologischer Grundlage]ত বৰ্ষাৰণ্য সংজ্ঞা দি লিখিছে- “Evergreen, hygrophilous in character, at least 30 m high, but usually much taller, rich in thick-stemmed lianes and in woody as well as herbaceous epiphytes”.
       অসমৰ বৰ্ষাৰণ্যসমূহৰ চৰিত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে এই বৰ্ষাৰণ্যসমূহ ট্ৰপিকেল ল’লেণ্ড ৰেইনফৰেষ্ট৷ বৰ্ষাৰণ্যসমূহত বছৰি বৃষ্টিপাতৰ পৰিমাণ আশী ইঞ্চিতকৈ অধিক হোৱা দেখা যায়৷ সাধাৰণতে বৰ্ষাৰণ্যৰ উদ্ভিদমণ্ডলত চাৰিটা স্তৰ দেখা হয়৷ একেবাৰে শীৰ্ষ স্তৰটোক শীৰ্ষস্তৰ বা Emergent Layer বুলি কোৱা হয়৷ এই স্তৰৰ উদ্ভিদসমূহ সাধাৰণতে ১১৫ পৰা ১৫০ ফুট ওখ হয়৷ এই স্তৰৰ উদ্ভিদসমূহ দেখিবলৈ মেলি থোৱা ছাতিৰ দৰে, গা-গছডাল ওখ আৰু ক্ষীণ৷ উদাহৰণস্বৰূপে অসমৰ জাতীয় গছ হোলোঙৰ কথা ক’ব পাৰি৷ হোলোং গছসমূহ এই স্তৰৰ অন্তৰ্গত৷ শীৰ্ষস্তৰৰ ঠিক তলতে থকা ৬৫-১০০ ফুট উচ্চতাৰ স্তৰটোৰ নাম হ’ল Canopy Layer বা মধ্যস্তৰ৷ এই স্তৰৰ উদ্ভিদবোৰে অৰণ্যৰ ভিতৰ ভাগক ডাঙৰ ছাতিৰ দৰে আৱৰি ৰাখে৷ মধ্যস্তৰৰ তলতে ১২১ পৰা ২০ ফুট উচ্চতাৰ আন এক স্তৰ দেখা যায়৷ এই স্তৰৰ নাম হ’ল নিম্নস্তৰ বা Understory Layer৷ এই স্তৰত কিছুমান জোপোহাকৃতিৰ অপৈণত গছ দেখিবলৈ পোৱা যায়৷ এই স্তৰৰ উদ্ভিদসমূহৰ মূৰবোৰ দীঘলীয়া হোৱা দেখা যায়৷ বৰ্ষাৰণ্যৰ একেবাৰে ভূমি ভাগত ঢেঁকীয়াজাতীয় আৰু গুল্মজাতীয় উদ্ভিদ, বিভিন্ন প্ৰজাতিৰ কচু, বেত, বনৰীয়া কলগছ, ঘাঁহজাতীয় উদ্ভিদ আদি দেখিবলৈ পোৱা যায়৷ এই স্তৰটোক ভূমি-সংলগ্ন স্তৰ বা Herb layer বুলি কোৱা হয়৷
    বৰ্ষাৰণ্যসমূহ জৈৱ-বৈচিত্ৰৰ অপূৰ্ব ভাণ্ডাৰস্বৰূপ৷ বৰ্ষাৰণ্যৰ জীৱ-বৈচিত্ৰ অধ্যয়ন কৰিলে দেখা যায় যে ইয়াৰ দৰে চহকী বৈচিত্ৰশালী ঠাই আন ক’তোৱেই নাই৷ আনকি ই বহুতো বিপন্ন আৰু বিশেষ প্ৰজাতিৰ অৰ্কিডৰো বাসভূমি৷ যেনে– দিহিং-পাটকাইৰ বুকুতে ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে দেখা পোৱা গৈছিল Thrixspermum acuminatissimum নামৰ অৰ্কিডবিধ৷ ইয়াৰ উপৰিও বৰ্ষাৰণ্য বিভিন্ন জোক প্ৰজাতিৰ বাসভূমি৷ জোকৰ এনে বৃহৎ বৈচিত্ৰ বৰ্ষাৰণ্যৰ বাদে বেলেগত প্ৰায়ে দেখিবলৈ পোৱা নাযায়৷
     বৰ্ষাৰণ্য সুৰক্ষাৰ ক্ষেত্ৰত দাঁতি-কাষৰীয়া মানুহখিনিৰ ভূমিকা অতিকে গুৰুত্বপূৰ্ণ৷ বৰ্ষাৰণ্যৰ দুৰ্যোগৰ সময়ত সদায়ে মাৰ বান্ধি থিয় হৈ আহিছে বৰ্ষাৰণ্যৰ জনগোষ্ঠীসকল৷ আমাজন বৰ্ষাৰণ্যৰ তেনে এক আমেৰিণ্ডিয়ানচ্‌ জনগোষ্ঠীয়ে বনভূমিত খাৰুৱা তেলৰ সন্ধানৰ বাবে বহুজাতিক কোম্পানীক গতাই দিয়াৰ বিৰোধিতা কৰি আদালতৰ দ্বাৰস্থ হৈছিল আৰু জনগোষ্ঠীটো সপক্ষে আদালতে ৰায় প্ৰদান কৰিবলৈ বাধ্য হৈছিল৷ অসমৰ বৰ্ষাৰণ্যৰ দাঁতি-কাষৰীয়া ৰাইজে একেদৰে সজাগ হৈ ওলাই আহিব লাগিব৷ তেওঁলোকক অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে সজাগ কৰাৰ লগতে সহযোগিতা আগবঢ়াবই লাগিব৷
     কেৱল উচ্চ মজুৰিয়েই কাকো সুৰক্ষিত কৰি ৰাখিব নোৱাৰে৷ আমাৰ সুৰক্ষাৰ বাবে সুস্থ প্ৰকৃতিৰহে প্ৰয়োজন৷ বৰ্ষাৰণ্য সংকটৰ সন্মুখীন হ’লে দাঁতি-কাষৰীয়া জনগোষ্ঠীৰ জীৱন-জীৱিকালৈয়ো অশনি সংকেত কঢ়িয়াই আনিব৷ কৃষিনিৰ্ভৰ জীৱনশৈলীক প্ৰভাৱিত কৰাৰ লগতে অৰ্থনৈতিক ক্ষেত্ৰতো প্ৰভাৱিত কৰিব৷ পানী আৰু ভূমি অৱক্ষয় আৰু গুণাগুণ নষ্ট হৈ ফচল উৎপাদনক প্ৰভাৱিত কৰিব৷ কম ফচল উৎপাদনে থলুৱা বজাৰখনৰ প্ৰতিও ভাবুকি আহি পৰিব৷ ঠাইভেদে এনে ভাবুকিয়ে প্ৰভাৱিত কৰা দেখা গৈছেই৷WhatsApp Image 2024 06 20 at 8.16.40 PM e1718894940776
     ২০০৭ চনৰে পৰা বৰ্ষাৰণ্য পুনৰুদ্ধাৰৰ বাবে কাম কৰি অহা Rainforest Partnership নামৰ সংস্থাটোৱে ২০১৭ চনত প্ৰথমবাৰৰ বাবে বিশ্ব বৰ্ষাৰণ্য দিৱসৰ পালন কৰিছিল৷ তেওঁলোকে বৰ্ষাৰণ্যৰ ওচৰে-পাজৰে বসবাস কৰা থলুৱা লোকসকলৰ সৈতে কাম কৰে আৰু স্থানীয় সম্প্ৰদায়সমূহৰ সৈতে একত্ৰিত হৈ বৰ্ষাৰণ্যসমূহ পুনৰুদ্ধাৰ আৰু পুনৰুজ্জীৱিত কৰাত সহায় কৰিবলৈ প্ৰকল্প আৰম্ভ কৰে৷  ২২ জুন তাৰিখে সমগ্র বিশ্বতে এই দিৱস আয়োজন কৰি বৰ্ষাৰণ্যৰ গুৰুত্ব বিষয়ে সজাগতা সৃষ্টিৰ কৰিব পৰা বিভিন্ন অনুষ্ঠান আয়োজন কৰা হয়৷
তথ্যসূত্ৰ
১. ecflora.cavehill.uwi.edu
২. Wilhelm Philihp Schimper, ecopoldina.org
৩. britannica.com
৪. চমুৱা, ড০ নৱ কুমাৰ, অসমৰ বৰ্ষাৰণ্য, নক্সা প্ৰকাশন, ধেমাজি
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More