২৪ সংখ্যক বছৰত যুক্তৰাজ্যত অসম সাহিত্য সভাঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি

0 94

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুনঃ গ্ৰেট বিটেইনত থকা অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাই এইবছৰ ২৪ সংখ্যক বছৰত ভৰি দিলে। সেই উপলক্ষে অহা ৯ জুলাইত যুক্তৰাজ্য শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে অধিৱেশনৰ প্ৰস্তুতি চলাইছে। যুক্তৰাজ্য শাখাৰ সভানেত্ৰী মঞ্জিৰা চৌধুৰীয়ে এক বিবৃতিত কৈছে– অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে খ্যাতিসম্পন্ন এগৰাকী অতি প্ৰতিভাৱান পেছাদাৰী শিল্পী আমাৰ আপোন ৰূপম বৰঠাকুৰে ৯ জুলাইত অধিৱেশন উপলক্ষে সকলো বয়সৰ লোকৰ বাবে এখন চিত্ৰশিল্পৰ কৰ্মশালা অনুষ্ঠিত কৰিব। তদুপৰি সেইদিনা সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত খাদ্যৰ সৈতে সাদৰ আতিথ্যৰে ভৰা এটা দিন উদযাপন কৰা হ’ব।.facebook 1655377880917 6943158067442271372 1 অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখা হৈছে প্ৰথম অসমীয়া দাতব্য সংস্থা, ১৯১৭ চনত অসমত স্থাপিত আমাৰ অভিভাৱক সংগঠন অসম সাহিত্য সভাৰ শাখা হিচাপে ১৯৯৮ চনত স্থাপিত। ই ভাৰতৰ আটাইতকৈ পুৰণি সাহিত্য সংগঠন। আমি নিজকে অতি সৌভাগ্যৱান বুলি অনুভৱ কৰোঁ যে এয়া আমাৰ ২৪ সংখ্যক বছৰ। আমাৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে আমি অক্লান্তভাৱে কাম কৰিছো, যাৰ অবিহনে আমাৰ কোনো পৰিচয় নাথাকিব। যদি যুক্তৰাজ্য নিবাসী কোনো ব্যক্তি আগতে আমাৰ অধিৱেশনত উপস্থিত হোৱা নাই তেন্তে এইবাৰ আহি উপভোগ কৰক। আমাৰ সীমিত আসন ক্ষমতা থকাৰ বাবে অনলাইন যোগে উপস্থিতি আগতীয়াকৈ নিশ্চিত কৰিলে আমাৰ সুবিধা হ’ব। আমি ৯ জুলাই২০২২ শনিবাৰে আপোনালোকক লগ পাবলৈ তথা সম্ভাষণ জনাবলৈ আগ্ৰহী হৈ আছো।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More