২৭ বছৰত এদিনো লোৱা নাই ছুটী

স্বীকৃতি স্বৰূপে পালে ডেৰ কোটি টকা

0 22

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ জুলাই : ২৭ বছৰীয়া কেৰিয়াৰত এটাও দিন ছুটী লোৱা নাই! মাত্ৰ শিৰোনামটোৰ এই অংশটো পঢ়িয়েই নিশ্চয় আপোনালোকে থতমত খাইছে। কিন্তু সঁচা। এই কামটো কৰিলে বাৰ্গাৰ কিঙৰ এজন কৰ্মচাৰী কেভিন ফৰ্ডে। ছুটীৰ দিনতো তেওঁ ছুটী লোৱা নাছিল! কেভিনৰ কোম্পানীয়ে এনে এজন বিৰল আৰু নিষ্ঠাবান কৰ্মীক চিনি পোৱা নাছিল। উপহাৰ হিচাপে তেওঁ খুব বেছি হ’লে চিনেমাৰ টিকট, ষ্টাৰবাকছ চাইপাৰ আৰু কিছুমান চকলেট থকা গুডী বেগ এটা পাইছিল। কিন্তু কেভিনৰ কন্যা ছেৰেনাই দেউতাকক আটাইতকৈ ডাঙৰ ছাৰপ্ৰাইজটো দিলে ! দেউতাকে ভবা নাছিল যে তেওঁৰ ছোৱালীয়ে তেওঁৰ বাবে এনে কাম কৰিব পাৰে। এতিয়া প্ৰশ্ন হয় ছেৰেনাই কি কৰিলে? দেউতাকৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি স্বৰূপে তেওঁ নেটদুনিয়াক বাছি লৈছিল। ক্ৰাউড ফাণ্ডিং ৱেবছাইট ‘গো ফাউণ্ড মি’লৈ গৈ দেউতাকৰ যুঁজৰ কাহিনী ক’বলৈ গৈ ছেৰেনাই কয় যে, কেভিনে তেওঁলোকক ডাঙৰ-দীঘল কৰিবলৈ এই অসম্ভৱ কামটো কৰিছিল। নেটিজেনসকলে এই যুঁজৰ কাহিনী শুনিবলৈ এতিয়াও এৰি দিয়া নাই। কেৱল কেভিনৰ সমৰ্থন কৰাই নহয়; তেওঁৰ সাহায্যৰ বাবে টকা জমা কৰিলে। জানিব পৰা মতে কেভিনৰ বাবে প্ৰায় ১ কোটি ১৬ লাখ টকাৰ অনুদান সংগ্ৰহ কৰা হৈছে। চেৰেনাই কল্পনাও কৰিব পৰা নাছিল যে এনেকুৱাও হ’ব পাৰে! কমেডিয়ান তথা অভিনেতা ডেভিদ স্পেডে প্ৰথমে ৫ হাজাৰ ডলাৰ দান কৰিছে। ভাৰতীয় মুদ্ৰাত প্ৰায় ৩.৯ লাখ টকা। বহুতে এইটোও কৈছে যে, কোম্পানীৰ বাবে কাম কৰা কৰ্মচাৰী কেভিনক বহু আগতেই তেওঁৰ কোম্পানীয়ে চিনি পোৱা উচিত আছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More