২৯ মে’ত গুৱাহাটীত বিশাল ৰোড শ্ব’ত অংশ ল’ব অৰবিন্দ কেজৰিৱালে

0 30

শতাব্দ প্ৰতিনিধি, গুৱাহাটী,৭ মে’ : দিল্লী আৰু পাঞ্জাৱৰ পাছত বিভিন্ন ৰাজ্যত সাম্ৰাজ্য বিস্তাৰৰ লক্ষ্যৰে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে। অসমত পৌৰ সভাত দুটা ৱাৰ্ড আৰু পৌৰ নিগমত এটা ৱাৰ্ড লাভ কৰা আম আদমী পাৰ্টী চমুকৈ আপে অসমত ৰাজনৈতিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এইবাৰ অসমত সংগঠন শক্তিশালী কৰাৰ উদ্দ্যেশ্যে নিজেই আহিব দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। আপ অসমৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিয়া অনুসৰি সকলো ঠিকে-ঠাকে থাকিলে ২৯ মে’ত গুৱাহাটীলৈ আহিব দিল্লী মুখ্যমন্ত্ৰী তথা আপৰ মুখ্য সমম্বয়কগৰাকী। গুৱাহাটীলৈ আহি কেইবাটাও কাৰ্যসূচীত অংশ ল’ব কেজৰিৱালে। বিশেষকৈ এটা বিশাল ৰোড শ্ব’ত অংশ ল’ব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে কিছুদিনৰ পূৰ্বে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ১খন আসন দখল কৰিছে আম আদমী পাৰ্টীয়ে।

ইতিমধ্যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ বহুকেইগৰাকী নেতাই আম আদমী পাৰ্টীত যোগদান কৰিছে। লক্ষণীয়ভাৱে শেহতীয়াকৈ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত আপ বিশেষভাৱে চৰ্চিত হৈছে। কংগ্ৰেছৰ শোচনীয় অৱস্থা আৰু দুৰ্বল নেতৃত্বৰ লগতে আভ্যন্তৰীণ অন্তঃকন্দলৰ পৰিপ্ৰেক্ষিতত আপে ক্ৰমাৎ মূৰ দাঙি উঠিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More