৩০ এপ্রিলত বছৰৰ প্রথম সূর্যগ্রহণ

ভাৰতত হ'বনে দৃশ্যমান?

0 19
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৭ এপ্ৰিলঃ  মাজত আৰু মাত্র দুদিন। তাৰ পিছতেই বিশ্ববাসী সাক্ষী হ’ব বছৰৰ প্রথমটো সূর্যগ্রহণৰ। অহা ৩০ এপ্রিলত হ’ব সূৰ্য গ্ৰহণ। সূর্যগ্রহণ হয় তেতিয়া, যেতিয়া চন্দ্ৰ সূর্যৰ কাষেৰে যায় আৰু সূর্যৰ ৰশ্মি অৱৰুদ্ধ কৰি দিয়ে। বছৰৰ এই প্রথমটো গ্রহণ আংশিক হ’ব, কাৰণ চন্দ্ৰই কেৱল সূর্যালোকৰ একাংশহে অৱৰুদ্ধ কৰিব। সূৰ্যৰ ৬৪ শতাংশ এই গ্ৰহণত ঢাক খাব। নাছাৰ মতে ৩০ এপ্রিলৰ গ্রহণত চন্দ্ৰই সূর্যৰ কেৱল ৬৪ শতাংশহে আঁৰ কৰি ৰাখিব, যি পৃথিৱীৰ পৰা দেখা যাব। এই গ্রহণ আংশিক হ’ব, কাৰণ চন্দ্ৰ, সূর্য আৰু পৃথিৱী এক নিখুঁত সৰলৰেখাত শাৰীবদ্ধ নহ’ব। চন্দ্ৰই নিজৰ ছাঁয়াৰ বাহিৰৰ অংশ নিক্ষেপ কৰিব, যি অংশ পেনুম্ব্রা নামেৰে পৰিচিত। সূর্যগ্রহণ তেতিয়াই ঘটে যেতিয়া চন্দ্ৰ, সূর্য আৰু পৃথিৱীৰ মাজলৈ আহে। পৃথিৱীত এটা ছাঁ পৰে, কিছু এলেকাত সূর্যৰ আলোক সম্পূর্ণ বা আংশিকভাৱে অৱৰুদ্ধ কৰে। আংশিক গ্রহণৰ সময়ত চন্দ্ৰই সূর্যক সম্পূর্ণৰূপে ঢাকি নাৰাখি এক অর্ধচন্দ্রাকাৰ আকৃতি দিয়ে, দেখিলে এনে লাগে যেন কোনোবাই কোনো এক বস্তুত কামোৰহে দিছে। ৩০ এপ্রিলৰ মাজৰাতিৰ পৰা এই আংশিক সূর্যগ্রহণ আৰম্ভ হ’ব আৰু চলিব ১ মে’ৰ পুৱতিলৈকে। ভাৰতীয় সময়মতে সূর্যগ্রহণ আৰম্ভ হ’ব মধ্যৰাতি ১২ বাজি ১৫ মিনিটৰ পৰা আৰু অব্যাহত থাকিব ১ মে’ৰ পুৱা ৪ বাজি ০৭ মিনিটপর্যন্ত। এই আংশিক সূর্যগ্রহণ দেখা যাব চিলি, আর্জেন্টিনা, উৰুগুৱেৰ অধিকাংশ এলেকা, পশ্চিম পাৰাগুৱে, দক্ষিণ-পশ্চিম বলিভিয়া, দক্ষিণ-পূব পেৰু আৰু উত্তৰ-পশ্চিম ব্রাজিলৰ খুব ক্ষুদ্ৰ অংশৰ আকাশত। তদুপৰি দৃশ্যমান হ’ব এন্টার্কটিকাৰ উত্তৰ-পশ্চিম উপকূলৰেখা, ফকলেণ্ড দ্বীপপুঞ্জসহ দক্ষিণ আমেৰিকাৰ দক্ষিণ-পূব উপকূলৰ ঠিক দূৰৰ আটলান্টিক মহাসাগৰ আৰু দক্ষিণ প্রশান্ত মহাসাগৰৰ বেছিভাগ অংশত। বছৰৰ এই প্রথমটো আংশিক সূর্যগ্রহণ ভাৰতৰ পৰা দেখা নাযাব। বছৰৰ দ্বিতীয়টো সূর্যগ্রহণ সম্পন্ন হ’ব ২৫ অক্টোবৰত। সেইদিনা বিয়লি ৪ বাজি ২৯ মিনিটৰ পৰা আৰম্ভ হ’ব এই গ্রহণকাল। গ্রহণ শেষ হ’ব ৫ বাজি ৪২ মিনিটত।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More