৩০ জানুৱাৰীত বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং ৱেবিনাৰ

0 73

গুৱাহাটী, ২৫ জানুৱাৰী : অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা আয়োজন কৰা হৈছে । ৩০ জানুৱাৰী তাৰিখে সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডনব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই । এই কৰ্মশালাখনত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰি থকা ছাত্ৰ-ছাত্ৰীসকলে অংশগ্রহণ কৰিব পাৰিব । এই কৰ্মশালাখনি গুগল মিটৰ যোগেদি অনুষ্ঠিত হ’ব আৰু ইয়াত যোগদান কৰিবৰ বাবে ক’ড (code) হ’ল bak-msac-zgw। এই কৰ্মশালাখনিৰ সবিশেষ জানিব বিচৰা আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ই-মেইল ([email protected] ) বা ফোনত (৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰিব ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More