৩১ জানুৱাৰীৰ পৰা নাৰায়ণপুৰত অসম সাহিত্য সভাৰ অধিৱেশন

সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱা- মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উদঘাটন

0 72

শতাব্দ, ষ্টাফ ৰিপৰ্টাৰ লখিমপুৰ ২৯ জানুৱাৰী : ৰাজ্যৰ সৰ্ববৃহৎ জাতীয় অনুষ্ঠান অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনখন অহা মঙলবাৰৰ পৰা পাঁচ দিনীয়াকৈ নাৰায়ণপুৰৰ বৰখামটি পথাৰত অনুষ্ঠিত হ’ব। অধিবেশনক লৈ এতিয়া নাৰায়ণপুৰত এক উখল- মাখল পৰিবেশৰ সৃষ্টি হৈছে । ৩১ জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰ খামটি পথাৰৰ মণিকাঞ্চন ক্ষেত্ৰত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনখন সাফল্যমণ্ডিত কৰি তুলিবলৈ আদৰণি সমিতিয়ে অহোপুৰুষাৰ্থ কৰি আহিছে। উল্লেখ্য যে বাৰ বৈষ্ণৱৰ জন্মভূমি বৰ নাৰায়ণপুৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশন । সেয়ে বাৰ বৈষ্ণবৰ জন্মভূমিত অনুষ্ঠিত হব লগা এই অধিৱেশনখনত আধ্যাত্মিকতাৰ দিশটোক বিশেষ গুৰুত্ব প্ৰদান কৰিছে আদৰণি সমিতিয়ে। অধিৱেশনস্থলীত নিৰ্মাণ কৰা নামঘৰত দৈনিক ভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব । ইফালে সাহিত্য সভাৰ অধিৱেশনত আহোম লোক সকলৰ পবিত্ৰ মে ডাম মেফিৰ কাৰ্যসূচীও ৰূপায়ন কৰিব। অধিৱেশনৰ সাংস্কৃতিক কাৰ্যসূচী সমূহত অসমৰ জনপ্ৰিয় শিল্পী সকলৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্টথব জুবিন গাৰ্গ উপস্থিত থাকিব বুলি সাংস্কৃতিক উপ সমিতিয়ে জানিবলৈ দিছে । মণিকাঞ্চন ক্ষেত্ৰত মূলমণ্ডপৰ লগতে তিনি হাজাৰ লোকে একেলগে বহি আহাৰ গ্ৰহণ কৰিব পৰাকৈ সাজু কৰি তুলিছে ভোজনালয়। মূল প্ৰৱেশদ্বাৰৰ তোৰণৰ কাম প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ কৰি তোলাৰ লগতে গ্ৰন্থ মেলা, বাণিজ্য মেলা, বিজ্ঞান আৰু ললিত কলাৰ বিপণিসমূহৰ কামো প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। প্ৰায় দুহাজাৰ প্ৰতিনিধি একেলগে থাকিব পৰাকৈ নাৰায়ণপুৰৰ বিভিন্ন বিদ্যালয়ত প্ৰতিনিধি শিবিৰ সাজু কৰি তুলিছে। সভাস্থলীৰ সমীপত প্ৰায় ৩০ হাজাৰ চাৰিচকীয়া বাহন পাৰ্কিং কৰিব পৰাকৈ বৃহৎ পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে। ইপিনে অধিৱেশন উপলক্ষত প্ৰকাশ পাব লগা ৭০০ পৃষ্ঠা জোৰা স্মৃতিগ্ৰন্থৰ কামো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। অধিৱেশনত শতাধিক গ্ৰন্থ উন্মোচন কৰা হব বুলি আদৰণি সমিতিয়ে জানিবলৈ দিছে। বহুকেইটা ভাগত অধিৱেশনত পৰিৱেশন কৰিব পৰাকৈ পাঁচশ যোৰা গায়ন বায়ন, পাঁচশ চালি নৃত্য, পাঁচশগৰাকী শিল্পীৰ দ্বাৰা জাতীয় সংগীত পৰিৱেশন কৰিবলৈ বহু কেইটা স্থানত অনুশীলন অব্যাহত আছে।

  • নাৰায়ণপুৰত পদ্মনাথ গোহাঞি বৰুৱা আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি উন্মোচনঃ
    অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশন উপলক্ষে আজি নাৰায়ণপুৰ পৌৰ সভাৰ ব্যৱস্থাপনাত নাৰায়ণপুৰ নগৰত সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথমজন সভাপতি পদ্মনাথ গোহাঞি বৰুৱা আৰু মহামানব মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়৷ অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম দ্বিবাৰ্ষিক পূৰ্ণাংগ নাৰায়ণপুৰ অধিবেশনলৈ মাজত এটা দিন থকা সময়ছোৱাত পৌৰ সভাৰ ৩ নম্বৰ ৱাৰ্ডত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিৰ কাষত বন্তি প্ৰজলনেৰে উন্মোচন কৰে কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱগোস্বামীয়ে ৷ ৪ নম্বৰ ৱাৰ্ডত সাহিত্য কাণ্ডাৰী অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞি বৰুৱাৰ স্মৃতি বেদিত স্হাপন কৰা প্ৰতিমূৰ্ত্তি উন্মোচন কৰে সাহিত্য সভাৰ আদৰণি সমিতিৰ সভাপতি বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ৷ পৌৰপতি হৰিশ চন্দক আৰু কাৰ্যবাহী বিষয়া জিন্তু শৰ্মাৰ পৰিচালিত উন্মোচনী সভাত পদ্মনাথ গোহাঞি বৰুৱাৰ নাতি অসম উচ্চ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞি বৰুৱা আৰু নাতি সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱাই সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনলৈ শুভেচ্ছা জনোৱাৰ লগতে পদ্মনাথ গোহাঞি বৰুৱাই অসমীয়া ভাষা সাহিত্যলৈ দি যোৱা অৱদানৰ বিষয়ে ভাষণ প্ৰদান কৰে ৷ সভাত জাৰ্মানীত কৰ্মৰত অভিযন্তা সীমান্ত ভূঞা আৰু মুক্তি যোদ্ধা ৰাধা নন্দ বৰা আৰু মদন ভূঞা আদি বিশিষ্ট লোক সকল উপস্থিত থাকে ৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More