৩৯ তম শোণিতপুৰ জিলা ভাৰ উত্তোলনত শতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণ

0 19

জুনিয়ৰ মহিলা বেষ্ট লিফ্‌টাৰ বৃষ্টি ৰেখা হাজৰিকা – পুৰুষৰ বেষ্ট লিফ্‌টাৰ খিতাপ জয়ন্ত কোঁচলৈ

ছিনিয়ৰ মহিলা শাখাত বেষ্ট লিফ্‌টাৰ আমিনা খাতুন আৰু পুৰুষ শাখাত নীলম নাথ
শতাব্দ প্ৰতিনিধি তেজপুৰ, ২৬,ছেপ্তেম্বৰঃ শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থা আৰু শোণিতপুৰ জিলা ভাৰ উত্তোলন সন্থাৰ ৩৯ তম জিলা ভাৰত্তোলন প্ৰতিযোগিতাখন কালি ঢেকিয়াজুৰি অগ্ৰণী শৰীৰ চৰ্চা অনুষ্ঠান ‘ফিট এণ্ড শ্লিম” উদ্যোগত সফলতাৰে সামৰণি পৰে৷ জিলা শৰীৰ চৰ্চা সন্থাৰ পতাকা উত্তোলন কৰে বিশিষ্ট ক্ৰীড়াবিদ তথা জিলা শৰীৰ চৰ্চা সন্হাৰ কাৰ্যকৰী সভাপতি পংকজ বৰাই আৰু জিলা ভাৰউত্তোলন সন্থাৰ পতাকা উত্তোলন কৰে শৰত শইকীয়া আৰু ফিট এণ্ড শ্লিমৰ পতাকা উত্তোলন কৰে ঢেকিয়াজুলিৰ বিশিষ্ট সমাজ কৰ্মী কৰুণা দত্ত বৰাই৷ প্ৰতিযোগিতাখন আনুষ্ঠানিক ভাৱে আৰম্ভ কৰে বৰছলাৰ বিধায়ক গণেশ কুমাৰ লিম্বুয়ে৷ খেল খনত মুখ্য অতিথি হিচাবে অংশ লয় অসমৰ প্ৰথম গৰাকী ভাৰউত্তোলনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত বিচাৰক তথা অসম ভাৰউত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে৷ শতাধিক পুৰুষ আৰু মহিলা প্ৰতিযোগীয়ে ভাগ লোৱা এই প্ৰতিযোগিতাত জুনিয়ৰ মহিলা বেষ্ট লিফ্‌টাৰ উপাধি লাভ কৰে বৃষ্টিৰেখা হাজৰিকাই। মহিলাৰ চিনিয়ৰ শাখাত আমিনা খাতুনে বেষ্ট লিফ্‌টাৰ খিতাপ লাভ কৰাৰ লগতে পুৰুষৰ চিনিয়ৰ বেষ্ট লিফ্‌টাৰ উপাধি লাভ কৰে জয়ন্ত কোঁচে৷ তিনিওগৰাকী খেলুৱৈ হ’ল তেজপুৰৰ নিকটৱৰ্তী বিন্দুকুৰিৰ ফিজিক জিমৰ৷ পুৰুষৰ জুনিয়ৰ বিভাগত বেষ্ট লিফ্‌টাৰ উপাধি লাভ কৰে বিহগুৰি চিলাৰায় ব্যায়ামগাৰৰ নীলম নাথে৷ বিচাৰক হিচাবে অংশ লয় ৰাতুল কুমাৰ দাস, দেবৰাম বৰা, বিবূধ ডেকা, শৰৎ শইকীয়া, দিব্যজ্যোতি দাস, সমীৰণ বৰা, অৰ্পনা ডেকা, মিন্টু কাকতি, দুদু তামুলী, দীবশমণি বৰুৱা, মোজাহিদ ৰাজা, চলিমত দেৱান আৰু জয়ন্ত বৰাই৷ জুৰি বৰ্ডৰ চেয়াৰমেন হিচাবে খেল পৰিচালনা কৰে পংকজ বৰাই৷উল্লেখ্য যে, অহা ২৪-২৫ অক্টোবৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব লগা ভাৰউত্তোলনৰ সোনালী জয়ন্তীৰ ভাগ লবৰ বাবে শোণিতপুৰৰ এটা শক্তিশালী দল এই প্ৰতিযোগিতাৰ পৰাই নিৰ্ব্বাচিত কৰা হ’ব বুলি শোণিতপুৰ জিলা শৰীৰৰ চৰ্চা সন্হই জানিবলৈ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More